যোৰহাট,30 নৱেম্বৰ: উজনি অসমৰ এখন লেখত ল'বলগীয়া অসমীয়া মাধ্যমৰ বিদ্যালয় যোৰহাটৰ বাল্য ভৱন ৷ শিক্ষাৰ ক্ষেত্ৰত বিশেষ সুনাম থকা বাল্য ভৱনে দুবছৰৰ অন্তৰে অন্তৰে একোজন কৃতিমান শিক্ষকক প্ৰদান কৰি আহিছে বিশেষ সন্মান ৷ ২০১৯ বৰ্ষৰ বাবে বাল্য ভৱনে এই সন্মান প্ৰদান কৰিব শিৱসাগৰৰ কৃতী শিক্ষক ব্ৰজেন বৰাক ৷ লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক ব্ৰজেন বৰালৈ আগবঢ়োৱা এনে সন্মানৰ খবৰে আনন্দিত কৰিছে বিদ্যালয়খনৰ শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীসকলক ৷
অহা ১৫ ডিচেম্বৰত যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত বিশেষ অনুষ্ঠানত ব্ৰজেন বৰাক এই সন্মান আনুষ্ঠানিকভাৱে প্ৰদান কৰিব মহাকাশ বিজ্ঞানী তথা বাল্য ভৱনৰ প্ৰাক্তন ছাত্ৰ ডঃ জিতেন্দ্ৰনাথ গোস্বামীয়ে ৷ উল্লেখ্য যে, ব্ৰজেন বৰাৰ নেতৃত্বত লখিমী নগৰ মধ্য ইংৰাজী বিদ্যালয়খন জিলাখনৰ এখন অন্যতম বিদ্যালয় হিচাপে পৰিগণিত হৈছে ৷
লগত পঢ়কঃ হোজাইত জব্দ বৃহৎ পৰিমাণৰ জালনোটসহ হস্ত নিৰ্মিত বন্দুক