ETV Bharat / state

বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰি স্বাৱলম্বী শিৱসাগৰৰ যুৱক - ফুলৰ নাৰ্চাৰী

বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে অসমৰ এগৰাকী যুৱকে ৷ উচ্চ শিক্ষিত হৈয়ো চৰকাৰী চাকৰিলৈ বাট নাচাই নিজ কষ্ট আৰু ধৈৰ্যৰ ফলত সফলতাৰ শীৰ্ষত বগাবলৈ সক্ষম হোৱা ধৈৰ্য কোঁৱৰ বৰ্তমান অঞ্চলটোৰ নিবনুৱাৰ বাবে আদৰ্শ হৈ পৰিছে ৷

Biofloc fish farming in Sivsagar
বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰি স্বাৱলম্বী শিৱসাগৰৰ যুৱক
author img

By

Published : Aug 23, 2020, 3:44 PM IST

নাজিৰা, 23 আগষ্ট : আত্মনিৰ্ভৰ অসমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে শিৱসাগৰ জিলাৰ এগৰাকী যুৱকে ৷ বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰি যুৱকজনে দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন ৷

শিৱসাগৰ জিলাৰ শিমলুগুৰিৰ ধ্ৰুৱ কোঁৱৰ নামৰ যুৱকজনে বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰি আন বহুতো যুৱকক সংস্থাপিত কৰি আহিছে ৷ প্ৰথম অৱস্থাত মাত্ৰ 10 হাজাৰ টকাৰে ফুলৰ নাৰ্চাৰী আৰম্ভ কৰা যুৱকজনে বৰ্তমান নিজ ঘৰতে বস্ত্ৰ উৎপাদন কৰাৰ লগতে শেহতীয়াকৈ মীন পালনৰ ব্যৱসায় আৰম্ভ কৰিছে ৷ ধ্ৰুৱ কোঁৱৰৰ এই সকলো কামত সহায়ৰ হাত আগবঢ়াই আহিছে পত্নী মৌচুমী কোঁৱৰে ৷

আনহাতে, ধ্ৰুৱ কোঁৱৰৰ এই ব্যৱসায়ৰ লগত বৰ্তমানে জড়িত হৈছে বহুকেইটা পৰিয়াল ৷ উচ্চ শিক্ষিত হৈয়ো চৰকাৰী চাকৰিলৈ বাট নাচাই নিজ কষ্ট আৰু ধৈৰ্যৰ ফলত সফলতাৰ শীৰ্ষত বগাবলৈ সক্ষম হোৱা ধৈৰ্য কোঁৱৰ বৰ্তমান অঞ্চলটোৰ নিবনুৱাৰ লগতে সমগ্ৰ অসমবাসীৰ বাবে আদৰ্শৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷

বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰি স্বাৱলম্বী শিৱসাগৰৰ যুৱক

উল্লেখ্য যে, বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰি অসমৰ বাহিৰত বহুতো লোকে স্বাৱলম্বী হৈছে ৷ শেহতীয়াকৈ অসমত এই ব্যৱসায় জনপ্ৰিয় হৈ পৰিছে ৷ উজনি অসমৰ ভিতৰত প্ৰথম বায়'ফ্লক পদ্ধতিৰে মীন পালন কৰি স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে শিৱসাগৰৰ এই যুৱকজনে ৷

লগতে পঢ়ক : এৰী-মূগা পালনৰ জৰিয়তেও হ'ব পাৰি স্বাৱলম্বী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.