ETV Bharat / state

আমগুৰিত ভোগালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি - Vehla Ghor

সমগ্ৰ ৰাজ্যতে 'কা'ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই আমগুৰি হাতীমূৰীয়া পথাৰত এতিয়া ভোগালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি ৷

আমগুৰিত এতিয়া ব্যস্ততা ভেলাঘৰ নিৰ্মাণ কাৰ্যৰ
আমগুৰিত এতিয়া ব্যস্ততা ভেলাঘৰ নিৰ্মাণ কাৰ্যৰ
author img

By

Published : Jan 2, 2020, 10:40 AM IST

আমগুৰি, 2 জানুৱাৰী: শিৱসাগৰৰ আমগুৰিত ভোগালী বিহুক আদৰিবলৈ ভেলাঘৰ নিৰ্মাণৰ ব্যাপক প্ৰস্তুতি । সমগ্ৰ ৰাজ্যতে 'কা' ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আমগুৰি হাতীমূৰীয়া পথাৰত ভোগালী বিহুক আদৰিবলৈ ভেলাঘৰ নিৰ্মাণৰ ব্যাপক প্ৰস্তুতি চলিছে ।

ভোগালী বিহুক আদৰিবলৈ ব্যাপক প্ৰস্তুতি

অসমীয়াৰ বাপতিসাহোন তিনিটা বিহুৰ অন্যতম ভোগালী বিহুক আদৰিবলৈ হাতীমূৰীয়া গাঁৱৰ ডেকা-জীয়াৰী-বোৱাৰীৰ পৰা আইতালৈকে সকলোৱে আনন্দ কৰা দেখিবলৈ পোৱা গৈছে। ডেকাসকল ভেলাঘৰ বনোৱাত ব্যস্ত হোৱাৰ বিপৰীতে মহিলা সকল আকৌ ব্যস্ত নৰা কটাত । এনে ব্যস্ততাৰ মাজতো কঁকাল ভাঙি নাচিলে আইতা সকলে।

এতিয়া কেৱল অপেক্ষা ভোগালীক আদৰিবলৈ ৷ ভোগালী বিহুৰ বাবে জীয়াৰী-বোৱাৰীসকলে প্ৰস্তুত কৰি উলিয়াইছে চিৰা,পিঠা,সান্দহ,তিলৰ লাৰু,তিল পিঠা,সুতুলী পিঠাকে ধৰি মহৰ দৈ ইত্যাদি। লগতে পৰম্পৰাগত নিয়ম অনুসৰি হাতীমূৰীয়া গাঁওৰ অধিকাংশ পৰিয়ালেই প্ৰস্তুত কৰি উলিয়াইছে সাঁজপানী ৷ এতিয়া এনেদৰেই আমগুৰীত ভোগালীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি।

লগতে চাওক-নতুন বছৰটোৰ প্ৰথমটো দিনতে বৃদ্ধি ৰে’ল ভাড়া

Intro:Body:আমগুৰি ২ জানুৱাৰী:

শিৱসাগৰ আমগুৰিত ভোগালী বিহুক আদৰিবলৈ ভেলাঘৰ নিৰ্মাণৰ ব্যাপক প্ৰস্তুতি চলিছে। সমগ্ৰ ৰাজ্যতে 'কা'ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে আমগুৰি হাতীমূৰীয়া পথাৰত ভোগালী বিহুক আদৰিবলৈ ভেলাঘৰ নিৰ্মাণৰ ব্যাপক প্ৰস্তুতি চলিছে।

অসমীয়াৰ বাপতিসাহোন তিনিটা বিহুৰ অন্যতম ভোগালী বিহুক আদৰিবলৈ হাতীমূৰীয়া গাঁওৰ ডেকা-জীয়াৰী-বোৱাৰীৰ পৰা আইতালৈকে সকলোৱে আনন্দ কৰা দেখিবলৈ পোৱা গৈছে। ডেকাসকল ব্যস্ত ভেলাঘৰ বনোৱাত, মহিলাসকলে আকৌ নৰা কটাত ব্যস্ত। এনে ব্যস্ততাৰ মাজতো কঁকাল ভাঙি নাচিলে আইতাসকলে।

ভোগালীৰ বাবে জীয়াৰী-বোৱাৰীসকলে প্ৰস্তুত কৰি উলিয়াইছে চিৰা, পিঠা, সান্দহ, তিলৰ লাৰু, তিল পিঠা, সুতুলী পিঠা, মহৰ দৈ আদি। লগতে হাতীমূৰীয়া গাঁওৰ অধিকাংশ পৰিয়ালেই পৰম্পৰাগত নিয়ম অনুসৰি সাঁজপানী প্ৰস্তুত কৰি উলিয়াইছে।

এনেদৰেই ভোগালীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ই টিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.