আমগুৰি,১৩ মে’: ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড-১৯ ৰ সংক্ৰমণ ৷ তাৰ সমান্তৰালকৈ শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পাইছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা ৷ তাৰ মাজতে ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ভাৰতীয় ষ্টেট বেংকৰ শিৱসাগৰ জিলাৰ নামতি চাৰিআলিস্থিত চেপাঙনী শাখাৰ পৰিচালক প্ৰদীপ মালাকাৰ ৷ বৰ্তমান শাখা পৰিচালক প্ৰদীপ মালাকাৰ হোম আইচ’লেচনত আছে ৷
সম্প্ৰতি এই খবৰ বিয়পি পৰাৰ লগে লগে অঞ্চলটোত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে, সদাব্যস্ত নামতি চাৰিআলিৰ মাজমজিয়াত থকা বেংকটোত দৈনিক শতাধিক লোকে ভীৰ কৰে ৷ ইতিমধ্যে বেংকটোত চেনিটাইজ কৰাৰ লগতে প্ৰতিজন বিষয়া-কৰ্মচাৰীৰ ক'ভিড টেষ্ট কৰিছে প্ৰশাসন তথা স্বাস্থ্য বিভাগে ৷
লগতে পঢ়কঃ কৃষ্ণগুৰু সেৱাশ্ৰমত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল