আমগুৰি,১৩ মাৰ্চ: বিধান সভা নিৰ্বাচনক লৈ দিন চমু চাপি অহাৰ সময়তে ৰাজ্যত সংঘটিত হ'বলৈ লৈছে আক্ৰমণাত্মক বহু ঘটনা ৷ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিছে যদিও প্ৰায়ে বিধায়ক তথা প্ৰাৰ্থীসকল আক্ৰমণৰ লক্ষ্য হৈ পৰা পৰিলক্ষিত হৈছে ৷
শুকুৰবাৰে আমগুৰি সমষ্টিৰ বিধায়ক তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাক আক্ৰমণৰ চেষ্টা চলায় কোনো দুৰ্বৃত্তই । নিশা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বিধায়ক গৰাকীৰ বাহনত আক্ৰমণৰ চেষ্টা চলায় পাঁচজনীয়া দুৰ্বৃত্তৰ এটা দলে । AS 03 H 1755 নম্বৰৰ এখন ইণ্ডিকা বাহনে বিধায়ক প্ৰদীপ হাজৰিকাৰ বাহন খনত খুন্দিয়াই আক্ৰমণৰ চেষ্টা কৰে বুলি প্ৰকাশ কৰে বিধায়ক প্ৰদীপ হাজৰিকাই ৷
ইফালে, ঘটনা সংঘটিত কৰিয়ে দুৰ্বৃত্তৰ দলটোৱে পলায়নৰ চেষ্টা কৰে যদিও ৰাইজৰ সহযোগত চাৰিঙৰ পৰা কৰায়ত্ত কৰিবলৈ সক্ষম হয় পাঁচজনীয় দৃবৃত্তৰ দলটোৰ এজনক । গৌৰীসাগৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বাহনসহ দুবৃৰ্ত্তটোক আটক কৰে । বাহন খনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে সুৰাৰ বটল, ৰদ আদি । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
ইফালে, এই ঘটনা সংঘটিত হোৱাৰ পাচতে অসম যুৱ পৰিষদে বিধায়ক প্ৰদীপ হাজৰিকাৰ নিৰাপত্তা অধিক কটকটীয়া কৰিবলৈ দাবী জনাইছে ।
অন্য এক খবৰৰ বাবে: গীতৰ তালে-তালে নৃত্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ