আমগুৰি, ৫ জুলাই: শিৱসাগৰ জিলাৰ আমগুৰিত সংঘটিত হৈছে অঘটন । পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতিত এগৰাকী মহিলাই আত্মহত্যাৰ প্ৰচেষ্টা চলোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে । মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ অনুসৰি স্বামী গৃহৰ পৰিয়ালে দীৰ্ঘদিনৰ পৰাই শাৰীৰিক-মানসিকভাৱে নিৰ্যাতন চলাই অহা বাবেই এনে পৰিস্থিতিৰ সৃষ্টি হ'বলৈ পালে ।
জানিব পৰা মতে,শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত বৰভেঁটি গাঁৱৰ দুই সন্তানৰ মাতৃগৰাকীয়ে নিজৰ হাত কাটি, বিহপান কৰাৰ পিচত জাঁজী নদীত জপিয়াই আত্মহত্যাৰ চেষ্টা কৰে । এই ঘটনাটো মঙলবাৰে সন্ধ্যা সংঘটিত হয় । আমগুৰি আৰক্ষীয়ে আত্মহত্যাৰ চেষ্টা কৰা মহিলাগৰাকীক জাঁজী নদীৰ পৰা উদ্ধাৰ কৰি ততাতীয়াকৈ আমগুৰি চিকিৎসালয়ত ভৰ্তি কৰে । আমগুৰিত প্ৰাথমিক চিকিৎসা প্ৰদানৰ অন্তত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ প্ৰেৰণ কৰে ।
লগতে পঢ়ক:Constituency Delimitation 2023 : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক আদৰণি ইউপিপিএলৰ
উল্লেখ্য যে এই ঘটনাটো স্বামী নথকা অৱস্থাত সংঘটিত হয় । ইয়াকে লৈ সৃষ্টি কৰিছে চাঞ্চল্যৰ । মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকে উত্থাপন কৰা অভিযোগ অনুসৰি স্বামী গৃহত দীৰ্ঘদিন ধৰি পাৰিবাৰিক কন্দল চলি আছিল । ইতিমধ্য়ে এই ঘটনা সন্দৰ্ভত মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকে আমগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।
উল্লেখ্য যে ১২ বছৰ পূৰ্বে আমগুৰি বৰভেঁটি গাঁৱৰ এজন যুৱকৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল চাৰিং সন্দিকৈ গাঁৱৰ যুৱতীগৰাকী । ইয়াৰ পিচত তেওঁলোকৰ যুগ্ম জীৱনৰ সাক্ষী ৰূপে দুই কন্যা সন্তানৰ জন্ম হয় । তাৰ পিচতো মহিলাগৰাকীক দীৰ্ঘদিন ধৰি শাৰীৰিক-মানসিকভাৱে নিৰ্যাতন চলাই আহিছিল স্বামী গৃহৰ লোকসকলে । সেই বাবেই এই ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ কৰিছে মহিলাগৰাকীৰ পিতৃ পৰিয়ালৰ লোকে ।