ETV Bharat / state

হালোৱাটিঙত দাবী কৰা ধন নিদিয়া বাবেই ঘপিয়ালে যুৱকক - Section 447 336 506 of IPC

ধন বিচাৰি শিৱসাগৰৰ হালোৱাটিঙত উদণ্ড লোকৰ ত্ৰাস(panic of the people at Halwating in Sivasagar)। পোনা গগৈ নামৰ এজন লোকে দাৰে ঘপিয়াই যুৱকক হত্যাৰ অপচেষ্টা চলোৱাত স্থানীয় লোকসকল হৈছে ত্ৰাসিত।

panic of the people at Halwating in Sivasagar

author img

By

Published : Aug 20, 2022, 10:54 AM IST

আমগুৰি, ২০ আগষ্ট: শিৱসাগৰৰ হালোৱাটিঙত পোনা গগৈ নামৰ এজন লোকে দাৰে ঘপিয়াই এজন যুৱকক হত্যাৰ অপচেষ্টা(youth stabbed at Halowating in Sivasagar)চলোৱাত স্থানীয় লোকসকল ত্ৰাসিত হৈছে । ঘটনাৰ বিৱৰণী অনুসৰি জিলাখনৰ বৰছিলাৰ নিবাসী তথা বিভিন্ন অভিযোগত অভিযুক্ত গগৈয়ে হালোৱাটিঙৰ নেপালী বস্তিৰ নৱ কুমাৰ ফুকনৰ পৰিয়ালক ধন-সোণ নিয়াৰ লগতে মৃত্যু ভয় দেখুৱাই আহিছিল। অভিযুক্ত গগৈয়ে হালোৱাটিঙৰ নেপালী বস্তিৰ নৱ কুমাৰ ফুকন নামৰ যুৱকজনক দীৰ্ঘদিন ধৰি ধন দাবী কৰি আহিছিল । ধন নিদিয়া বাবেই নৱক চোকা অস্ত্ৰৰে মুৰত ঘপিয়াই হত্যাৰ অপচেষ্টা কৰে ।

হালোৱাটিঙত দাবী কৰা ধন নিদিয়া বাবেই ঘপিয়ালে যুৱকক

ভুক্তভোগীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি এই লোকজনক মাতৃৰ সোনৰ চেইন,মেট্ৰিকত লাভ কৰা লেপটপ বিক্ৰী কৰি দিবলগীয়া হৈছিল বৃহৎ পৰিমাণৰ ধন । ইয়াৰ পিছতো তেওঁ ধন দাবী কৰি আহিছিল । এই দাবী কৰা ধন নিদিয়া বাবে পোনা গগৈৰ দাৰ ঘাপত মূৰত ১৭ টা আৰু আঙুলিত ৮ টাকৈ চিলাই পৰে ভুক্তভোগী নৱৰ ।

আনহাতে,মটৰ চাইকেলৰ টেংকীতো তিনিটাকৈ ঘাপ মাৰে উন্মত্ত গগৈয়ে । অভিযুক্ত গগৈয়ে আৰক্ষীৰ ভয় দেখুৱাই ড্ৰাগছৰ বেহা চলাই থকা বুলি অভিযোগ তুলি নৱক আৰক্ষীক ধৰাই দিব বুলি ভীতি প্ৰদৰ্শন কৰাৰ অভিযোগ আনিছে ভুক্তভোগী পৰিয়ালটোৱে । ইতিমধ্য়ে উক্ত ঘটনা সন্দৰ্ভত যুৱকজনৰ মাতৃ মনীষা ঘৰফলীয়া ফুকনে হালোৱাটিং আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে । হালোৱাটিং আৰক্ষীয়ে এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ ৪৪৭/৩৩৬/৫০৬ ধাৰাত(Section 447/336/506 of IPC) ১৫/২০২২ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে । অৱশ্য়ে এই পৰ্যন্ত অভিযুক্ত পোনা গগৈক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ।

স্মৰ্তব্য যে পোনা গগৈয়ে দীৰ্ঘদিন ধৰি উক্ত অঞ্চলটোত বিভিন্ন লোকক ভয়-ভাবুকিৰে ত্ৰাসিত কৰাৰো অভিয়োগ উত্থাপিত হৈ আহিছে । কিছুদিনৰ পূৰ্বে আমগুৰিৰ এগৰাকী বিদ্যুৎ কৰ্মীক আক্ৰমণ কৰিছিল । স্থানীয় ৰাইজে শীঘ্ৰেই দোষীক কৰায়ত্ত কৰিবলৈ আৰক্ষীক দাবী জনাইছে ।

লগতে পঢ়ক:ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা পঞ্চায়তৰ সদস্যৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.