আমগুৰি, 3 জুন : শনিবাৰে নাজিৰাৰ লিগিৰীপুখুৰীত দিনদুপৰতে সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা ৷ এগৰাকী যুৱতীক অপহৰণ কৰি যৌন নিৰ্যাতনৰ চেষ্টা দুই দুৰ্বৃত্তৰ ৷ ই-ৰিক্সাৰ চালক আৰু সতীৰ্থই দিনদুপৰতে যুৱতীক অপহৰণ কৰি নিৰ্যাতনৰ চেষ্টা চলালে ( Attempt to kidnap and molest a young girl) ৷
শিৱসাগৰ জিলাৰ নাজিৰাৰ লিগিৰীপুখুৰীত এগৰাকী যুৱতীক দিনদুপৰতে অপহৰণ কৰি ই-ৰিক্সাৰ ভিতৰতে চালকসহ সতীৰ্থই যৌন নিৰ্যাতনৰ চেষ্টা চলোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ দিনদুপৰতেই যেন মহিলা,যুৱতী সুৰক্ষিত নহয় ই-ৰিক্সাত ৷ এইবাৰ ই-ৰিক্সাৰ চালক আৰু সতীৰ্থ জড়িত হৈ পৰিল যুৱতীক অপহৰণ কৰি যৌন নিৰ্যাতনৰ চেষ্টাত ৷ নাজিৰাৰ লিগিৰী পুখুৰীত সংঘটিত এই ঘটনাই লজ্জিত কৰি তুলিছে নাজিৰাবাসীক (Sensational case at Nazira) ৷
জানিব পৰা মতে নাজিৰাৰ লিগিৰীপুখুৰীত অৱস্থিত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ গৈ থকা অৱস্থাত চিকিৎসালয়খনতেই নাৰ্চৰ প্ৰশিক্ষণ লৈ থকা এগৰাকী যুৱতীক অপহৰণ কৰি যৌন নিৰ্যাতনৰ চেষ্টা চলাই ই-ৰিক্সা চালকসহ সতীৰ্থই ৷ যুৱতী গৰাকীক নাজিৰা কলেজ তিনিআলিৰ পৰা ভাড়াতীয়া হিচাপে ই-ৰিক্সাত লৈ গৈছিল চালকসহ সতীৰ্থই ৷ নাজিৰাৰ লিগিৰীপুখুৰীস্থিত নাজিৰা মহকুমা অসামৰিক চিকিৎসালয় নাপাঁওতেই যুৱতী গৰাকীক অশালীন মন্তব্য, অপহৰণ কৰি যৌন নিৰ্যাতনৰ চেষ্টা চলাই দুই লম্পটে (Attempt to kidnap a young girl in Nazira) ৷
নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ৰ দিশে ই-ৰিক্সাখন নোযোৱাত যুৱতী গৰাকীয়ে অঘটনৰ উমান পাই অৱশেষত ৰিক্সাখনৰ পৰা জঁপিয়াই নিজকে ৰক্ষা কৰে ৷ প্ৰত্যক্ষদৰ্শী কিছু লোকে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰে ৷ নিজকে ৰক্ষা কৰিবলৈ চলন্ত ই-ৰিক্সাৰ পৰা জাঁপ দিয়াত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱতীগৰাকী (Attempt to Molest a young girl in Nazira) ৷
প্ৰত্যক্ষদৰ্শী ৰাইজে ই-ৰিক্সা চালকসহ সতীৰ্থ, দুই পাষণ্ড ক্ৰমে চন্দন কুমাৰ মাহাতো আৰু দীপ চৰকাৰক উত্তম-মধ্যম শোধাই গতাই দিয়ে নাজিৰা আৰক্ষীক ৷ ইতিমধ্যে আৰক্ষীয়ে AS-04-ER-1106 নম্বৰৰ ই-ৰিক্সাখন জব্দ কৰাৰ লগতে অভিযুক্ত দুই যুৱকক গ্ৰেপ্তাৰ কৰিছে ৷
লগতে পঢ়ক : Junmoni Rabha death case: জখলাবন্ধা আৰক্ষী থানাত হাজিৰ এছ আই আভাজ্যোতি ৰাভা