ETV Bharat / state

শিৱসাগৰত আটাছুৰ বিশাল প্ৰতিবাদী বাইক ৰেলী

author img

By

Published : Dec 15, 2020, 5:04 PM IST

ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ উদ্যোগত বিশাল যোগদান সমাৰোহ অনুষ্ঠিত হৈ থকাৰ সময়তে সদৌ তাই আহোম ছাত্ৰ সন্থাই কঁপালে শিৱসাগৰৰ ৰাজপথ । জনজাতিকৰণৰ দাবীত শিৱসাগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী ৰেলী । চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল শিৱসাগৰৰ ৰাজপথ ।

শিৱসাগৰত আটাছুৰ বিশাল প্ৰতিবাদী বাইক ৰেলী
শিৱসাগৰত আটাছুৰ বিশাল প্ৰতিবাদী বাইক ৰেলী

শিৱসাগৰ, ১৫ ডিচেম্বৰ: উজনি অসমৰ ৰাজনৈতিক অভিকেন্দ্ৰলৈ পৰিণত হৈছে শিৱসাগৰ নগৰ । বিধানসভা নিৰ্বাচনৰ প্ৰাক ক্ষণত ৰাজনৈতিক দলসমূহে সাংগঠনিক ভেঁটি শক্তিশালী কৰিবলৈ ৰাজ্যৰ আন ঠাইৰ সমান্তৰালকৈ শিৱসাগৰতো কাৰ্যকৰী সভা, যোগদান কাৰ্যসূচীৰ আয়োজন কৰিছে । কিন্তু ৰাজনৈতিক দলৰ এনে প্ৰস্তুতিৰ সময়তে মঙলবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থাই বিশাল প্ৰতিবাদী ৰেলীৰ আয়োজন কৰে ।

মঙলবাৰে ভাৰতীয় জনতা পাৰ্টিৰ কিষাণ মৰ্চাৰ উদ্যোগত শিৱসাগৰৰ যুৱদ'লত বিশাল যোগদান সমাৰোহ অনুষ্ঠিত হৈ থকাৰ সময়তে শিৱসাগৰ নগৰত সদৌ তাই আহোম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল কৰি তোলে শিৱসাগৰৰ ৰাজপথ । মঙলবাৰে এক হাজাৰৰো অধিক লোকে বিজেপি দলত যোগদান কৰাৰ দিনটোতে বিজেপি মুৰ্দাবাদ ধ্বনি দি সংগঠনটোৱে প্ৰতিবাদী ৰেলীৰ আয়োজন কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ।

উল্লেখ্য যে, ২০১৬ চনত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপি দলে ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ টোপ দি আহোম জনগোষ্ঠীৰ ভোট বিভাজন কৰিবলৈ সক্ষম হৈছিল । কিন্তু চৰকাৰৰ ম্যাদ শেষ হ'বলৈ কিছু দিনহে বাকী আছে যদিও উজনি অসমৰ সংখ্যাগৰিষ্ঠ আহোম জনগোষ্ঠীক আজি পৰ্যন্ত মৰ্যাদা প্ৰদান নকৰিলে ।

সদৌ তাই আহোম ছাত্ৰ সন্থাৰ মতে, আহোম জনগোষ্ঠীৰ লোকসকলে অনাগত বিধান সভা নিৰ্বাচনত বিজেপি দলক শাসনৰ পৰা ওফৰাই দিয়াৰ পণ লৈ এতিয়া আৰম্ভ কৰিছে জনজাতি মৰ্যাদা প্ৰদানৰ দাবীত শেষখন যুদ্ধ । সংগঠনটোৰ নেতৃত্বই প্ৰকাশ কৰা মতে, তেওঁলোকে আহোম লোকসকলৰ ঘৰে ঘৰে গৈ হাতযোৰ কৰি বিজেপি দলক প্ৰত্যাখ্যান কৰিবলৈ আহ্বান জনাব । সেই উদ্দেশ্যেৰে আজি শিৱসাগৰত বৃহৎ প্ৰতিবাদী বাইক ৰেলী আৰম্ভ কৰি এই যুঁজ ঘোষণা কৰিছে আটাছুৱে ।

লগতে পঢ়ক:অস্থায়ী লেবৰেটৰি টেকনিছিয়ানৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.