আমগুৰি, 25 ছেপ্টেম্বৰ : এজন ব্যক্তিৰ চকুত চকুলো ৷ এসময়ত তেওঁ মঞ্চত হহুঁৱাইছিল-কন্দুৱাইছিল অভিনেতা-অভিনেত্ৰীক ৷ কিন্তু আজি জীৱনৰ মঞ্চত নিজেই চকুলো টুকিব লগীয়া হৈছে জীৱন নামৰ নাটকখনত ৷ আগতে তেওঁৰ আছিল মানুহেই মানুহ ৷ পিচে এতিয়া, ভালে আছে নে ? শৰীৰ কেনে আপোনাৰ ? বুলি সুধিবলৈও মানুহ টাকৰীয়া তেওঁৰ ওচৰত ৷
এই ব্যক্তিগৰাকী হৈছে মোহন কলিতা ৷ ঘৰ শিৱসাগৰ জিলাৰ নামতিৰ চোমদাৰ গাঁৱত ৷ সংস্কৃতিৰ সাধক মোহন কলিতা একালত আছিল অসমৰ এখন আগশাৰীৰ ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰযোজক ৷
1988 চনৰে কথা ৷ অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ ক্ষেত্ৰখনত সংযোজন হৈছিল এটা নাম, ‘‘পঞ্চানন থিয়েটাৰ’’ ৷ অসমৰ প্ৰায় প্ৰতিটো প্ৰান্তৰ নাট্যপ্ৰেমীসকলে আদৰি লৈছিল পঞ্চানন থিয়েটাৰক ৷ যাৰ বাবে চালুকীয়া অৱস্থাতেই অসমৰ ৰাইজৰ অতি পৰিচিত কহিনুৰ, হেঙুল, আবাহন আদি আগশাৰীৰ থিয়েটাৰৰ সৈতে ফেৰ মাৰিব পৰা হৈছিল পঞ্চনন থিয়েটাৰে ৷ বিজয় শংকৰৰ দৰে অভিনেতাৰ অভিনয়, মহানন্দ মজিন্দাৰ বৰুৱাৰ সংগীত পৰিচালনা, যতীন্দ্ৰনাথ গোস্বামীৰ নৃত্য নিৰ্দেশনাৰে সমৃদ্ধ আছিল পঞ্চানন থিয়েটাৰ ৷
পঞ্চানন থিয়েটাৰৰ পিচত 1993 চনত মধু-কৃষ্ণা নামেৰে মোহন কলিতাই আৰম্ভ কৰে দ্বিতীয়খন থিয়েটাৰ ৷ এইখন থিয়েটাৰো আদৰি লৈছিল দৰ্শকে ৷ কেৱল থিয়েটাৰ প্ৰযোজনাতে সীমাৱদ্ধ নাছিল মোহন কলিতাৰ সংস্কৃতিৰ সাধনা ৷ 2002 চনত প্ৰথমবাৰৰ বাবে কোচবিহাৰৰ মধুপুৰ সত্ৰত মহাপুৰুষীয়া ভাওনা প্ৰদৰ্শনেৰে তেওঁ সৃষ্টি কৰিছিল এক নজিৰ ৷
তেওঁৰ নেতৃত্বতে সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈছিল কংস অভিনয়ৰ প্ৰতিযোগিতা ৷ ভক্তিমূলক গীত, পুথি পাঠৰ শ্ৰব্য কেচেটৰ লগতে ‘‘কলঞ্চুপাৰ হুঁচৰি দল’’ এটি বিহু-হুঁচৰিৰ দলো তেওঁ সংগঠিত কৰিছিল ৷ কিন্তু আজি তেওঁ ক্লান্ত, তেওঁ উপেক্ষিত ৷ আজি খবৰ ল’বলৈ তেওঁৰ কাষত মানুহৰ অভাৱ ৷ হৃদ ৰোগত আক্ৰান্ত তেওঁ ৷
বিভিন্নজনক বঁটা-সন্মানেৰে স্বীকৃতি প্ৰদান কৰা ৰজা ঘৰীয়া তথা বিভিন্ন সংগঠনৰ চকুৰ অলক্ষিতে ৰৈ গৈছে মোহন কলিতা ৷ এফালে সংসাৰ আনফালে ৰুগীয়া শৰীৰ ৷ দৰৱকণৰ বাবেও টকা কেইটা যোগাৰ কৰিবলৈ অপাৰগ হৈ পৰিছে এইগৰাকী ব্যক্তি ৷ শিল্পী পেঞ্চন বাদেই, আজিলৈকে চৰকাৰী সাহায্যৰ নামত তেওঁ নাপালে ফুটাকড়ি এটাও ৷ এতিয়া উপায়হীন হৈ সাংস্কৃতিক মন্ত্ৰী বিমল বড়াক অনুৰোধ জনাইছে, কিঞ্চিৎ সহায়ৰ বাবে ৷
লগতে পঢ়ক : Assam Official Language Act 1960: ১৯৬০ চনৰ চৰকাৰী ভাষা প্ৰয়োগ আইন ৰূপায়নৰ নামত প্ৰহসন !