ETV Bharat / state

শিৱসাগৰত মহিলাক ওৰে নিশা প্ৰহাৰ 7 দুৰ্বৃ্ত্তৰ - ETV BHARAT

১৪ এপ্ৰিলৰ নিশা ১১ বজাত সংঘটিত এই ঘটনাৰ 24 দিন পাৰ হৈ যোৱা পিচতো মুকলি আকাশৰ তলত অপৰাধী!!

শিৱসাগৰত মহিলাক ওৰে নিশা প্ৰহাৰ 7 দুৰ্বৃ্ত্তৰ
author img

By

Published : May 9, 2019, 6:09 PM IST

শিৱসাগৰ, 9 মেঃ শিৱসাগৰত মৰেল পুলিচৰ ৰূপত এটা সাতজনীয়া দল ৷ এই দলটোৱে দুৱাৰ-খিৰিকী ভাঙি ওৰে নিশা প্ৰহাৰ কৰিলে এগৰাকী মহিলাক ৷ ঘটনা সন্দৰ্ভত জানিব পাৰ মতে শিৱসাগৰৰ নিতাইপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত জামিৰা খনাজানত নিৰ্যাতনৰ বলি হয় এগৰাকী মহিলা ৷

শিৱসাগৰত মহিলাক ওৰে নিশা প্ৰহাৰ 7 দুৰ্বৃ্ত্তৰ

মহিলা গৰাকীক চৰিত্ৰহীনা আখ্যা দি মামনি বৰা মেচৰ নেতৃত্বত থানেশ্বৰ বৰা,মাইনা গগৈ বৰা,চানু শইকীয়া,দূৰ্গেশ্বৰী শইকীয়া,বকুল শইকীয়া, বৃন্দা শইকীয়াই উপৰ্যুপৰি নিৰ্যাতন চলাই ৷ মৃত্যুৰে যুঁজি থকা মহিলা গৰাকীক গাঁৱৰ ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে যদিও বৰ্তমানলৈ শয্যাশায়ী লুনা সোণোৱাল নামৰ মহিলাগৰাকী ৷

উল্লেখ্য যে ১৪ এপ্ৰিলৰ নিশা ১১ বজাত সংঘটিত এই ঘটনাৰ 24 দিন পাৰ হৈ যোৱা পিচতো মুকলি আকাশৰ তলত ঘূৰি ফূৰিছে অপৰাধীকেইজন ৷ ঘটনাটোৰ লগত জৰিত অপৰাধী কেইজনে ধনৰ বলত গ্ৰেপ্তাৰৰ পৰা হাত সাৰি থকাৰ অভিযোগ উত্থাপন কৰিছে তিনি মহিলা সংগঠনে ৷

*শিৱসাগৰত মৰেল পুলিচিঙৰ  জঘন্য ঘটন-ছয়জনীয়া দলে দুৱাৰ ভাঙি আক্ৰমণ কৰে এগৰাকী মহিলাক-ঘটনাৰ ২৪ দিনৰ পাছতো ব্যৱস্থা লোৱা নাই আৰক্ষীয়ে*
Story-MOREL_POLICEING
Ananta Smith
Sivasagar
9th May

A_SVR_09TH_MAY_801-803_MOREL_POLICEING_7203499

শিৱসাগৰত মৰেল পুলিচিঙৰ ঘটনা ৷

নিতাইপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত জামিৰা খনাজানত সংঘটিত এই ঘটনা

২৪ দিনে ন্যায় নাপালে নিৰ্যাতনৰ বলি হোৱা মহিলা গৰাকীয়ে

১৪ এপ্ৰিলৰ নিশা ১১ বজাতে সংঘটিত হৈছিল এই ঘটনা

এজাহাৰ দাখিলৰ পাছতো ২৪ দিনে মুকলি আকাশৰ তলত অপৰাধী ৷

নিৰিহ দৰিদ্ৰ মহিলাক চৰিত্ৰহীনৰ সন্দেহত উৰে নিশা প্ৰহাৰ কৰিছিল ৭ দুৰ্বৃত্তই

এগৰাকী নাৰ্চৰ নেতৃত্বত দুৰ্বৃত্তৰ দলটোৱে নিশা ঘৰৰ দুৱাৰ ভাঙি উপৰ্যুপৰি প্ৰহাৰ কৰাৰ লগতে হত্যা কৰি জ্বলাই দিয়াৰ চেষ্টা কৰিছিল লুনা সোণোৱাল বৰা নামৰ এগৰাকী ৫ বছৰীয়া কন্যা সন্তানৰ মাতৃক

নাৰ্চ মামনি বৰা মেচৰ নেতৃত্বত থানেশ্বৰ বৰা, মাইনা গগৈ বৰা, চানু শইকীয়া,  দূৰ্গেশ্বৰী শইকীয়া, বকুল শইকীয়া, বৃন্দা শইকীয়া আৰু থানেশ্বৰ বৰা নামৰ দুৰ্বৃত্ত কেইটাই আক্ৰমন কৰিছিল মহিলা গৰাকীক ৷

মৃত্যুৰে যুঁজি থকা মহিলা গৰাকীক গাঁৱৰ ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও আজিলৈকে শৰ্যাশায়ী লুনা সোণোৱাল

মূৰত আঘাত প্ৰাপ্ত ২৬ বৰ্ষীয় মহিলা গৰাকীৰ সংগী বৰ্তমান  বিছনা খন

জঘন্য কাণ্ডটোত জড়িত মামনি বৰা মেছ চৰকাৰী নাৰ্চ হোৱাৰ ওপৰি স্বামী অ'এনজিৰ কৰ্মচাৰী হোৱাৰ লগতে মাইনা বৰাৰ স্বামী চিআইএছ এফৰ কৰ্মচাৰী হোৱাৰ সূত্ৰে ধনৰ বলত গ্ৰেপ্তাৰৰ পৰা হাত সাৰি থকাৰ অভিযোগ এজাহাৰ দাখিলকাৰী তিনি মহিলা সংগঠনৰ ৷

নিতাইপুখুৰী আৰক্ষী চকীৰ বিষয়াই অপৰাধীৰে মিতিৰালি কৰাৰ অভিযোগ সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থা,  প্ৰতিবাদী নাৰী সন্থা আৰু জামিৰা গ্ৰাম্য সংগঠনৰ

ৰাইজ মেল বহি অপৰাধীৰ বিৰোদ্ধে এজাহাৰ দাখিল কৰাৰ পাছতো ২৪ দিনে আৰক্ষীয়ে নিৰ্বিকাৰ ভূমিকা লোৱাত ক্ষোভিত নাৰী সংগঠন কেইটা

২৪ ঘন্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ নকৰিলে নিতাইপুখুৰী আৰক্ষী চকী ঘেৰাও কৰাৰ হুংকাৰ

উল্লেখ্য যে নাৰী সংগঠন কেইটাৰ লগতে লুনা সোণোৱাল বৰাৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ১৫ এপ্ৰিলতে নিতাইপুখুৰী আৰক্ষী চকীয়ে পঞ্জীয়ন কৰিছিল ১৪৭/ ১৯ নম্বৰত গোচৰ ৷ ৰুজু হৈছিল ৭ দুৰ্বৃত্তৰ বিৰোদ্ধে জামিন বিহীন ধাৰাত গোচৰ ৷

কিন্তু আজিকোপতি এজনো অপৰাধীক কৰায়ত্ব কৰিবলৈ সক্ষম নহল নিতাইপুখুৰী আৰক্ষী ৷

ইফালে আক্ৰমনৰ নেতৃত্ব লোৱা নাৰ্চ মামনি বৰা মেচে নিয়মিত চাকৰি কৰি থকাৰ অভিযোগ ৰাইজৰ ৷

ইয়াৰ পাছতো এজনো দোষীক কৰায়ত্ব কৰিব নোৱাৰাত আৰক্ষীৰ ভূমিকাক সমালোচনা ৰাইজৰ ৷ উৎকোচ লৈ আৰক্ষী মেনেজ হোৱাৰ অভিযোগ সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থাৰ ৷

এতিয়া প্ৰশ্ন হয় ক্ৰমাৎ বৃদ্ধি পাই অহা মৰেল পুলিচিঙৰ ঘটনা যি সময়ত নিয়ন্ত্ৰণৰ প্ৰয়োজন আছিল, সেই সময়ত আৰক্ষী আৰু মৰেল পুলিচৰ ৰহস্যজনক সম্পৰ্কই এনেধৰণৰ জঘন্য কাণ্ড বৃদ্ধি কৰাত সহায় নকৰিব নে?  শিৱসাগৰ আৰক্ষীৰ বৰমূৰীয়াই এই ঘটনাক কিদৰে গুৰুত্ব  দি অপৰাধীক শাস্তি বিহে সেয়া হব লক্ষণীয় ৷

Bite1-নিৰ্যাতিতা
Bite2-মহিলা সমিতি
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.