ETV Bharat / state

ধন সোণেৰে ভৰি থকা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰে এটা ঐতিহাসিক পুখুৰী

author img

By

Published : May 30, 2019, 12:00 AM IST

এসময়ত ধন-সোণেৰে ভৰি আছিল পুখুৰীটো....স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ, পাৰিষদবৰ্গই পানী খাইছিল পুখুৰীটোৰ পৰা

ধন সোণেৰে ভৰি থকা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰে এটা ঐতিহাসিক পুখুৰী

এই সন্দৰ্ভত চাঁওক এক প্ৰতিবেদন....

ধন সোণেৰে ভৰি থকা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰে এটা ঐতিহাসিক পুখুৰী

এই সন্দৰ্ভত চাঁওক এক প্ৰতিবেদন....

ধন সোণেৰে ভৰি থকা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰে এটা ঐতিহাসিক পুখুৰী
*শিৱসাগৰৰ তলাতল ঘৰৰ সোণতোলা পুখুৰী-মানৰ আক্ৰমণৰ সময়ত এৰি যোৱা সোণ-ধনেৰে ভৰি আছে জয়সাগৰ অঞ্চল-অনুসন্ধান আৰু খনন নাই পূৰাতত্ব বিভাগৰ*
Story-TREASURE_LAND
Ananta Smith
Sivasagar
29th May

A_SVR_29TH_MAY_801-804_TREASURE_LAND_7203499

ৰংপুৰ, আহোম ৰাজত্ব কালৰ ৰাজধানী।আহোম যুগৰ স্বৰ্ণীল ইতিহাসৰ সাক্ষী ৰংপুৰ।এতিয়াও ৰংপুৰত সিঁচৰত হৈ আছে ৰংঘৰ, তলাতল ঘৰ আদি কৰি বহু ঐতিহাসিক সমল।এনে এক পুৰণি ঐতিহাসিক সমল তলাতল ঘৰৰ চৌহদত থকা সোণতোলা পুখুৰী অথবা মিঠা পুখুৰী।এই পুখুৰী ধন-সোণেৰে ভৰি আছিল বুলি বিজ্ঞজনৰ বিশ্বাস।

আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত নিৰ্মাণ কৰা কাঠৰ তলাতল ঘৰৰ স্থানত সোতৰ শতিকাৰ মাজভাগত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰাইছিল পকী তলাতল ঘৰ।ৰাজপৰিয়াল আৰু সৈন্য-সামন্ত থকা তলাতল ঘৰত দৈনিক ব্যৱহাৰৰ বাবে আছিল বহু কেইটা পুখুৰী।খৰালি দিনত পোৰা মাটিৰ নলীৰে জয়সাগৰ পুখুৰীৰ পৰা পানী অনা হৈছিল এই পুখুৰী সমূহলৈ।ইয়াৰে এটা পুখুৰীৰ নাম সোণতোলা পুখুৰী।প্ৰথম অৱস্থাত এই পুখুৰীৰ নাম আছিল মিঠা পুখুৰী।তলাতল ঘৰৰ ৰজা-বিষয়াই এই পুখুৰীৰ পানী খাইছিল।ঊঠৰ শতিকাৰ আৰম্ভণিত মানৰ আক্ৰমণৰ সময়ত ৰংপুৰ এৰি স্বৰ্গদেউ পলায়ণ কৰে।সামৰিক ঘাটি তলাতল ঘৰ এৰি যোৱাৰ সময়ত সমস্ত সম্পদ-ধন-সোণ মিঠা পুখুৰীত পেলাই থৈ যায় পৰৱৰ্তী সময়ত উদ্ধাৰ কৰাৰ আশাত।পিচৰ সময়ত এনে এক পৰিস্থিতিৰ সৃষ্টি হৈছিল যে মানৰ দিন পাৰ হৈ যোৱাৰ পাছত মিঠা পুখুৰীত জাল মাৰিলে উঠি আহিছিল ধন-সোণ।তেতিয়াৰ পৰা এই পুখুৰী সোণতোলা পুখুৰী নামেৰে পৰিচিত হয়।

Bite1-দুৰ্লভ বৰা

এতিয়াও পৰিচয় অক্ষত থকা সোণতোলা পুখুৰীয়ে কেৱল নহয়,মানৰ আক্ৰমণৰ সময়ত ৰংপুৰৰ বিভিন্ন পুখুৰীত অথবা মাটিত গাঁত খান্দি ধন-সম্পদ লুকুৱাই ৰখা হৈছিল।এনে বহু সম্পদ পৰৱৰ্তী সময়ত উদ্ধাৰ হৈছিল যদিও বহু সম্পদ তেনেকৈ পৰি ৰয়।এনে পুৰণি সম্পদ সমূহৰ অনুসন্ধান অথবা উদ্ধাৰৰ বাবে কিন্ত্ত পূৰাতত্ব বিভাগে আজিও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।ফলত উন্মোচিত হোৱা নাই বহু ইতিহাস।

Bite2-দুৰ্লভ বৰা

কেন্দ্ৰীয় অথবা ৰাজ্যিক পূৰাতত্ব বিভাগে এনে গুপুত ইতিহাস উদ্ধাৰৰ চেষ্টা নকৰাৰ ওপৰিও বৰ্তমানৰ কীৰ্তিচিহ্ন সমূহো সংৰক্ষণত গুৰুত্ব আৰোপ কৰা নাই।বৈশিষ্ট্য ৰক্ষা কৰি সংৰক্ষণ কৰিব পৰা নাই।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.