ETV Bharat / state

ব্যতিক্ৰম ! খেতিপথাৰলৈ বন্যহস্তীৰ জাকক আমন্ত্ৰণ এজন লোকৰ - ৰাজেন্দ্ৰ মিলি

এখন আদৰণি তোৰণ। আন আন আদৰণি তোৰণতকৈ পৃথক এই তোৰণ। তোৰণৰ এহাতে লিখা হৈছে হাতীৰ কৰুণ আহ্বান-"মোক এমুঠি পেট ভৰাই খাবলৈ দিয়ক"। আনহাতে মৰম জ্ঞাপন কৰি বনৰীয়া হাতীক আহ্বান কৰা হৈছে খেতি পথাৰলৈ । এই দৃশ্য শিৱসাগৰ নগৰৰ সমীপৰ দিচাংমুখৰ দিচাং ব্ৰহ্মপুত্ৰ চাপৰিৰ ।

কিয় বনাঞ্চল এৰি জনাঞ্চলৰ দিশে হাতীৰ জাক !
author img

By

Published : May 31, 2019, 6:40 PM IST

শিৱসাগৰ,31 মে’: জনবিস্ফোৰণৰ লগে লগে ক্ৰমাৎ হ্ৰাস পায় আহিছে বন্যপ্ৰাণীৰ আৱাসস্থল । হাবিসমূহ কাটি গৃহ নিৰ্মাণ কৰিবলৈ ধৰাত কমি আহিছে বন্যপ্ৰাণীৰ স্বাভাৱিক খাদ্য বিচৰণ ভূমি । ইয়াৰ ফলত সৃষ্টি হৈছে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত । বহু দিন হাতীৰ লগত থাকি ৰাজেন্দ্ৰ মিলিয়ে উপলব্ধি কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সত্য,যিবোৰৰ প্ৰতি কিন্তু কোনো ভ্ৰক্ষেপ নাই চৰকাৰৰ .. এই সন্দৰ্ভত চাওঁক অনন্ত স্মিথৰ এক প্ৰতিবেদন.....

কিয় বনাঞ্চল এৰি জনাঞ্চলৰ দিশে হাতীৰ জাক !

শিৱসাগৰ,31 মে’: জনবিস্ফোৰণৰ লগে লগে ক্ৰমাৎ হ্ৰাস পায় আহিছে বন্যপ্ৰাণীৰ আৱাসস্থল । হাবিসমূহ কাটি গৃহ নিৰ্মাণ কৰিবলৈ ধৰাত কমি আহিছে বন্যপ্ৰাণীৰ স্বাভাৱিক খাদ্য বিচৰণ ভূমি । ইয়াৰ ফলত সৃষ্টি হৈছে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত । বহু দিন হাতীৰ লগত থাকি ৰাজেন্দ্ৰ মিলিয়ে উপলব্ধি কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সত্য,যিবোৰৰ প্ৰতি কিন্তু কোনো ভ্ৰক্ষেপ নাই চৰকাৰৰ .. এই সন্দৰ্ভত চাওঁক অনন্ত স্মিথৰ এক প্ৰতিবেদন.....

কিয় বনাঞ্চল এৰি জনাঞ্চলৰ দিশে হাতীৰ জাক !
*হাতী-মানুহৰ সংঘাত--দিচাং ব্ৰহ্মপুত্ৰ চাপৰিত বনৰীয়া হাতীৰ তাণ্ডৱ--খেতি পথাৰত হাতীৰ সঘন উপদ্ৰৱ--খেতি এৰি পলায়ন কৃষকৰ--হাতীৰ আক্ৰমণত নিহত একাধিক*
Story-MEN_ELEPHANT_CONFLICT
Ananta Smith
Sivasagar
31st May

A_SVR_31ST_MAY_806-812_MEN_ELEPHANT_CONFLICT_7203499

জনবিষ্ফোৰণৰ লগে লগে বন্যপ্ৰাণীৰ আৱাসস্থল ক্ৰমে হ্ৰাস পাইছে।হাবি কাটি মানুহ বহিব ধৰাত ক্ৰমাৎ কমি আহিছে বন্যপ্ৰাণীৰ স্বাভাৱিক খাদ্য বিচৰণ ভূমি।ইয়াৰ ফলত সৃষ্টি হৈছে মানুহ আৰু বন্যপ্ৰাণীৰ সংঘাত।এনে সংঘাতৰ ফলত হানি হৈছে দুই কূলৰ।আন আন বন্যপ্ৰাণীৰ তুলনাত হাতী-মানুহৰ সংঘাত এক ভয়ংকৰ পৰিস্থিতিত উপনিত হৈছে।দৈনিক বৃদ্ধি পাইছে এই সংঘাত।এক পৰিসংখ্যা অনুসৰি বিগত বছৰত হাতী-মানুহৰ সংঘাতৰ বাবে ৬৪ গৰাকী লোকৰ প্ৰাণ যোৱাৰ বিপৰীতে মৃত্যু হৈছে ৫৩ টা হাতীৰ।এনে সংঘাতৰ এক কৰুণ পৰিস্থিতি দেখা গৈছে শিৱসাগৰৰ দিচাং ব্ৰহ্মপুত্ৰ চাপৰিত।হাতীৰ বাবে ১০ বিঘা কুঁহিয়াৰ খেতি এৰি দিলে শিৱসাগৰৰ এজন কৃষকে।

PTC

এখন আদৰণি তোৰণ।আন আন আদৰণি তোৰণতকৈ পৃথক এই তোৰণ।তোৰণৰ এহাতে লিখা হৈছে হাতীৰ কৰুণ আহ্বান-"মোক এমুঠি পেট ভৰাই খাবলৈ দিয়ক"।আনহাতে মৰম জ্ঞাপন কৰি বনৰীয়া হাতীক আহ্বান কৰা হৈছে খেতি পথাৰলৈ।এই দৃশ্য শিৱসাগৰ নগৰৰ সমীপৰ দিচাংমুখৰ দিচাং ব্ৰহ্মপুত্ৰ চাপৰিৰ।দিচাংমুখ চোমনি গাঁৱৰ ৰাজেন্দ্ৰ মিলি নামৰ এজন কৃষকে বিগত ৫ বছৰে প্ৰায় ২০ বিঘা মাটিত কুঁহিয়াৰকে আদি কৰি বিভিন্ন খেতি কৰি আহিছিল।নিজে উপাৰ্জনৰ পথ মুকলোৱাৰ লগতে তেওঁৰ কৃষিপামত প্ৰায় ২৫ গৰাকী থলুৱা লোকে সংস্থাপন লাভ কৰি আহিছিল।কিন্তু চলিত বছৰত আৰম্ভ হল বনৰীয়া হাতীৰ ভয়াবহ উপদ্ৰৱ।যাৰবাবে ৰাজেন্দ্ৰ মিলিয়ে অৱশেষত হাতীৰ দবী মানি লৈ তেওঁৰ অৱশিষ্ট কুঁহিয়াৰ খেতিৰ বৈদ্যুতিক বেৰা খুলি দি হাতীৰ বাবে সকলো মুকলি কৰি দিয়ে।

Bite1-ৰাজেন্দ্ৰ মিলি

হাতীৰ সৈতে সহাৱস্থান কৰা মিলিয়ে নিজ ইচ্ছাত হাতীৰ বাবে নিজ পৰিশ্ৰমৰ ফল মুকলি কৰি দিছে।কিন্তু দুৰ্যোগলৈ পৰিণত হোৱা হাতী-মানুহৰ সংঘাত দূৰ কৰিবলৈ চৰকাৰে কি ব্যৱস্থা হাতত লৈছে?বহু দিন হাতীৰ লগত থাকি ৰাজেন্দ্ৰ মিলিয়ে উপলব্ধি কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ সত্য,যিবোৰৰ প্ৰতি কোনো ভ্ৰক্ষেপ নাই চৰকাৰৰ।

Bite2-ৰাজেন্দ্ৰ মিলি

অসমৰ আন আন প্ৰান্তৰ দৰে শিৱসাগৰৰ বিভিন্ন ঠাইত হাতীৰ সন্ত্ৰাস বৃদ্ধি পাইছে।চলিত বছৰত দিচাং ব্ৰহ্মপুত্ৰ চাপৰিত হাতীয়ে নিহত কৰিছে দুজন লোকক।মিলিৰ মতে বনৰীয়া হাতীৰ চৰিত্ৰ বহু সলনি হৈছে।এতিয়া বনৰীয়া হাতীয়ে কেৱল খেতি-ঘৰ উছন নকৰে।লক্ষ্য কৰি লয় মানুহৰ জীৱন।

Bite3-ৰাজেন্দ্ৰ মিলি

এনে ভয়াবহতাৰ পাছতো কিন্তু সমস্যা সমাধানত আগ্ৰহী নহয় চৰকাৰ অথবা বিভাগ।কেৱল নূন্যতম ক্ষতিপূৰণ দি দায়িত্ব সামৰা চৰকাৰে কেতিয়া হাতী-মানুহৰ সং‌ঘাতক এক দুৰ্যোগ আখ্যা দি নিৰাময়ৰ পথ বিচাৰিব?নে মৃত্যু অব্যাহত থাকিব দুই কূলৰ?
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.