ETV Bharat / state

সোণালী সূতাৰে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টাত প্ৰাক্তন আলফানেতা

author img

By

Published : May 13, 2019, 3:34 PM IST

আত্মসমৰ্পণৰ পিচত তীব্ৰ আৰ্থিক সংকটত ভোগা প্ৰাক্তন আলফা দম্পতীয়ে , লাহ-বিলাসিতাৰ জীৱন ত্যাগ কৰি খেতি-বাতিৰ লগতে মুগা পালনেৰে জীৱিকা নিৰ্বাহ কৰিছে ৷ আনকি নিজ সন্তানক উচ্চ শিক্ষিত কৰাৰো সপোন পুহি ৰাখিছে প্ৰাক্তন আলফা নেতাগৰাকীয়ে ৷

সোণালী সূতাৰে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টাত প্ৰাক্তন আলফানেতা

শিৱসাগৰ,13 মে’: এসময়ত স্বাধীন অসম গঢ়াৰ সপোনেৰে বিপ্লৱৰ পথত খোজ দিয়া আলফানেতা জান ডেকাবৰুৱা বৰ্তমান ব্যস্ত হৈ পৰিছে সোণোৱালী সূতাৰে জীৱন গঢ়াত...ডিমৌ নৈৰ বাঢ়নী পানীৰ মাজতো মুগা পলুক জীয়াই ৰখাৰ চেষ্টা অব্যাহত ৰাখিছে আত্মসমৰ্পণকাৰী আলফা দম্পতি জান ডেকাবৰুৱা আৰু তেঁওৰ সহধৰ্মিনী অসমী দিহিঙীয়াই ৷ মৰাণৰ নাহৰণি গাঁৱৰ খোৱাং মিচিমি জানত মুগা পালন কৰি থকাৰ অৱস্থাতে দেশ তথা জাতিৰ স্বাৰ্থত ১৯৮৭ চনত আলফাত যোগদান কৰে জান ডেকাবৰুৱাই ।

সোণালী সূতাৰে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰচেষ্টাত প্ৰাক্তন আলফানেতা

আত্মসমৰ্পণৰ পিচত তীব্ৰ আৰ্থিক সংকটত ভোগা প্ৰাক্তন আলফা দম্পতীয়ে ,লাহ-বিলাসিতাৰ জীৱন ত্যাগ কৰি খেতি-বাটিৰ লগতে মুগা পালনেৰে জীৱিকা নিৰ্বাহ কৰিছে ৷ বৰ্তমান সময়ত মিচিমি জানত সুকীয়া সুকীয়াকৈ প্ৰায় ১১ জন ব্যক্তিয়ে মুগা পালন কৰি আছে । উল্লেখ্য যে, এই সকল আদৰ্শবান মুগাপালকক চৰকাৰে কিছু সহায় কৰিলে তেওঁলোকে মুগা পালন কৰি এজন সক্ৰিয় মুগা পালক হিচাপে পৰিচয় দিবলৈ সক্ষম হ’ব ৷

অস্ত্ৰ এৰি স্বাধীন অসমৰ সপোন পাহৰি মুগা পালনেৰে সোণোৱালী বিপ্লৱ গঢ়াৰ সপোন দেখিছে মৰাণৰ প্ৰাক্তন আলফা  জান ডেকাবৰুৱা
Story-ULFA_SERICULTURE
Ananta Smith
Sivasagar
13th May

A_SVR_13TH_MAY_802-805_ULFA_SERICULTURE_7203499

অস্ত্ৰ এৰি স্বাধীন অসমৰ সপোন পাহৰি মুগা পালনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা কৰাৰ লগতে সোণালী সূতাৰে সোনোৱালী বিপ্লৱ গঢ়াৰ  প্ৰয়াস কৰিছে এসময়ৰ দুৰ্ধৰ্ষ আলফা নেতা তথা বৰ্তমানৰ ছালফা জান ডেকাবৰুৱাই । প্ৰবল বৰষুণ আৰু ডিমৌ নদীৰ বাঢ়নী পানীৰ মাজত প্ৰাক্তন আলফা নেতাজনে কেনেদৰে মুগা পালন কৰিছে তাক জানিবলৈ আমি গৈ উপস্থিত হৈছিলো ব্যক্তিজনে মুগা পালন কৰা মৰাণৰ খোৱাং মিচিমি জানত ।
প্ৰাক্তন আলফা জান ডেকাবৰুৱাই এদিন নাহৰণি গাঁওৰ এই মিচিমি জানত মুগা পালন কৰি থকাৰ অৱস্থাতে দেশ তথা জাতিৰ স্বাৰ্থত ১৯৮৭ চনত আলফাত যোগদান কৰিছিল । প্ৰায় ১০-১২ বছৰ আলফাত থাকি বহু ঘাট-প্ৰতিঘাতৰ সন্মূখীন হৈ ১৯৯৮ চনত ভাৰতীয় সেনাৰ হাতত ধৰা পৰি কেইবাবাৰো কাৰাবাস খাটিব লগীয়া হৈছিল । এই গৰাকী প্ৰাক্তন আলফা নেতাই আলফাত থকাৰ অৱস্থাত  ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিত্ত সচিবৰ দৰে গুৰু দায়িত্বও লাভ কৰিছিল । ভাৰতীয় সেনাৰ হাতত বহুবাৰ শাৰিৰীক ভাৱে অত্যাচাৰৰো সন্মুখীন হোৱাত ১৯৯৮ চনত তেওঁ কাৰাগাৰৰ পৰা ওলাই আহি আত্মসমৰ্পণ কৰে | আনহাতে তেওঁৰ সহধৰ্মীনি অসমী দিহিঙীয়াও আলফাৰ এগৰাকী প্ৰশিক্ষক হিচাপে আছিল । দুয়োগৰাকীয়ে আলফাত থাকোতেই যুগ্মজীৱনৰ পাতনি মেলিছিল । এই আলফাৰ পতি-পত্নীয়ে একে সময়তে আত্মসমৰ্পণ কৰাৰ পিছত তীব্ৰ আৰ্থিক সংকটে সাংসাৰিক জীৱনৈ ঘোৰ অমানিশা নমাই আনিছিল | এসময়ত দিন হাজিৰা কৰিও এই দুগৰাকী প্ৰাক্তন আলফা নেতাই দুবেলা দুমুঠি মোকলাবলগীয়া  হৈছিল | দুই সন্তানৰ পিতৃ-মাতৃ তথা প্ৰাক্তন আলফা দম্পতীহালে অন্য একাংশ আত্মসমৰ্পণকাৰী আলফাৰ দৰে লাস- বিলাসীতা জীৱনৰ পৰা বহু নিলগত অৱস্থান কৰি খেতিমাটিৰ লগতে দীৰ্ঘদিনৰ পৰা মুগা পালনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ চেষ্টা কৰাৰ লগতে নিজ সন্তানক উচ্চ শিক্ষিত কৰাৰ ক্ষেত্ৰত সংগ্ৰাম কৰিবলগীয়া হৈছে | ইফালে ৰাজ্য চৰকাৰৰ ৰেচম বিভাগৰ দৰে বিয়াগোম বিভাগ এটা আছে | এই বিভাগটোৰ বৰমূৰীয়া সকলে মাজে সময়ে উক্ত স্থানলৈ আহি মুগা পালনৰ ফটো সংগ্ৰহ কৰি লৈ যায় যদিও পিছৰ পৰ্য্যায়ত এই সকল মুগা পালকৰ সমস্যাকলৈ পিঠি দিয়া বুলি আক্ষেপ প্ৰকাশ কৰিছে আত্মসমৰ্পণকাৰী  আলফা নেতা গৰাকীয়ে । দীৰ্ঘদিনে মুগা পালন কৰি এজন সক্ৰিয় মুগা পালক হিচাপে পৰিচয় দিবলৈ সক্ষম হোৱা এই গৰাকী মুগা পালকক কিন্তু আজিপৰ্যন্ত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ সাহাৰ্য্য আগবঢ়োৱা নাই | যি সময়ত মুগা সূতাই সমগ্ৰ বিশ্বতে সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে তেনে সময়ত ৰাজ্য চৰকাৰৰ ৰেচম বিভাগৰ দৰে বিয়াগোম বিভাগ এটা থকাৰ পাছতো এই মুগা পালন প্ৰক্ৰিয়াটোত জড়িত সকলক উৎসাহী কৰিব পৰাকৈ কোনো ধৰণৰ আঁচনিয়ে এই সকল মুগা পালকক স্পৰ্শ কৰিবলৈ সক্ষম হোৱা নাই | আনহাতে বৰ্তমান সময়ত মিচিমি জানত সুকীয়া সুকীয়াকৈ প্ৰায় ১১ জন ব্যক্তিয়ে মুগা পালন কৰি আছে । উল্লেখ্য যে এই সকল আদৰ্শবান মুগাপালকক চৰকাৰে যদি কিছু সহায় কৰে, তেন্তে তেওঁলোকৰ সপোন বিলাকো বাস্তৱ ৰূপ পাবলৈ হয়তু বেছি সময় নালাগিব ।

Bite- জান ডেকাবৰুৱা ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.