ETV Bharat / state

ৰং বিৰঙী বৈদ্যুতিক লাইট বনাম থলুৱা মৃৎ শিল্পৰ অস্তিত্ব - মৃৎ শিল্পী

ৰং বিৰঙী বৈদ্যুতিক লাইটৰ আগ্ৰাসনে থলুৱা মৃৎ শিল্পীসকলৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলেও শিল্পটোক জীয়াই ৰখাৰ ক্ষেত্ৰত কোনো ক্ৰুটি ৰখা নাই শিৱসাগৰৰ নামদাং কুমাৰ গাঁৱৰ মৃৎ শিল্পী সকলে ৷ সেয়ে আন্তঃ গাঁথনি আৰু উপযুক্ত বজাৰ সৃষ্টি কৰি থলুৱা শিল্পটোক জীয়াই ৰখাৰ বাবে চৰকাৰে প্ৰদান কৰক গুৰুত্ব ৷

অতীত হ'ব নেকি অসমৰ থলুৱা মৃৎ শিল্পৰ ?
author img

By

Published : Oct 23, 2019, 12:17 PM IST

শিৱসাগৰ, 23 অক্টোবৰঃ পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ দীপাৱলীক আদৰিবলৈ এতিয়া সাজু ৰাজ্যবাসী ৷ দীপাৱলীৰ বাবে মৃৎ শিল্পী সকলৰ মাজত বাঢ়িছে ব্যাপক ব্যস্ততা ৷ ৰং বিৰঙী বৈদ্যুতিক লাইটৰ আগ্ৰাসনে থলুৱা শিল্পীসকলৰ প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিলেও শ বছৰীয়া শিল্পটোক জীয়াই ৰখাৰ ক্ষেত্ৰত কোনো ক্ৰুটি ৰখা নাই শিৱসাগৰৰ নামদাং কুমাৰ গাঁৱৰ মৃৎ শিল্পী সকলে ৷ বিগত পাঁচ দশক ধৰি মাটিৰ চাকি আৰু মাটিৰ অন্যান্য সামগ্ৰী প্ৰস্তুত কৰি জীৱন জীৱিকাৰ বাট মোকলাই আহিছে গাঁও খনৰ কেইটামান পৰিয়ালে ৷ দিখৌৰ পৰা আলতীয়া মাটি সংগ্ৰহ কৰি অশেষ পৰিশ্ৰমৰ অন্তত পৰিয়ালকেইটাই সাজি উলিয়াই মাটিৰ চাকি ৷

অতীত হ'ব নেকি অসমৰ থলুৱা মৃৎ শিল্পৰ ?

উল্লেখ্য যে,পূৰ্বে অঞ্চলটোৰ বহু সংখ্যক লোকে এই বৃত্তিৰ সৈতে জড়িত আছিল যদিও বৰ্তমানে মাত্ৰ ছয়টা মান পৰিয়ালেহে এই বৃত্তিৰ লগত জড়িত হৈ আছে ৷ কিয়নো শ্ৰম অনুসৰি পৰ্যাপ্ত উপাৰ্জন নোপোৱা বাবেই পৰম্পৰাগত বৃত্তিটো ত্যাগ কৰিবলৈ বাধ্য হৈছে পৰিয়ালকেইটাই ৷ অন্য বৃত্তিৰ তুলনাত কম লাভজনক এই থলুৱা শিল্প তথা বৃত্তিটোক জীয়াই ৰখাৰ বাবে চৰকাৰী সাহায্যৰ লগতে আন্তঃগাঁথনি আৰু উপযুক্ত বজাৰ সৃষ্টিটো অতি প্ৰয়োজন হৈ পৰিছে ৷ অন্যথা ক্ৰমান্বয়ে লোপ পাবলৈ ধৰা পৰম্পৰাগত শিল্পটো আৰু কেইবছৰ মানৰ পাচতে যে চিৰদিনৰ বাবে অতীত হ'ব সেয়া নিশ্চিত ৷

Intro:Body:পোহৰৰ উৎসৱ দিপাৱলীক উজলাবলৈ সাজু শিৱসাগৰৰ মাটি চাকি নিৰ্মান কৰা কমাৰ পৰিয়াল:আৰ্থিক দন্যত আৰু পৃষ্ঠপোষকতাৰ অভাৱত মৃতপ্ৰায় হৈছে অসমৰ থলুৱা মৃৎ শিল্প

Story-DIPAWALI_LAMP
Ananta Smith
Sivasagar
23rd September

পোহৰৰ উৎসৱ দিপাৱলী।
দিপাৱলীত ব্যাপক ৰূপত ব্যৱহৃত হয় মাটি চাকি।শিৱসাগৰ নগৰৰ সমীপৰ নামদাং কুমাৰ গাঁওৰ কেইটামান পৰিয়ালৰ মাজত এতিয়া ব্যস্ততা।বিগত পাঁচ দশক ধৰি মাটি চাকি আৰু মাটিৰ অন্যান্য সামগ্ৰী প্ৰস্তুত কৰা এই পৰিয়াল কেইটি এইবাৰো সাজু হৈছে দিপাৱলীৰ বাবে।পূৰ্বে অঞ্চলটোৰ বহু সংখ্যক লোক এই বৃত্তিৰ সৈতে জড়িত আছিল।এতিয়া মাত্ৰ ৬ টা মানহে পৰিয়াল এই কামৰ লগত জড়িত হৈ আছে।শ্ৰম অনুসৰি উপাৰ্জন নোহোৱা বাবেই বোপা ককাৰ দিনৰ বৃত্তি ত্যাগ কৰিছে অঞ্চলটোৰ লোক সকলে।
দিখৌৰ পৰা আলতীয়া মাটি সংগ্ৰহ কৰি অশেষ শাৰীৰিক পৰিশ্ৰম আৰু ত্যাগৰ মাধ্যমে এই পৌৰাণিক শিল্প তথা বৃত্তিক জীয়াই ৰখাৰ সংগ্ৰাম কৰি আছে উপাৰ্জনৰ অন্য পথ নথকা গংগেশ্বৰী কলিতা আৰু অন্য কেইটামান পৰিয়ালে।শেহতীয়াকৈ চৰকাৰে প্লাষ্টিকৰ ব্যৱহাৰ সীমিত কৰাৰ বাবে লোৱা ব্যৱস্থাৰ বাবে এইবাৰ বজাৰত মাটি চাকিৰ চাহিদা বৃদ্ধি পাব বুলি ধাৰণা কৰি পৰিয়াল কেইটাই পূৰ্বৰ বছৰ বোৰতকৈ অধিক পৰিমানে বিভিন্ন আকাৰৰ মাটি চাকি নিৰ্মাণ কৰিছে।সৰু চাকি ১০০ তা ১২০ ৰ পৰা ১৩০ টকা দৰত আৰু মাজু চাকি ১০ টকাত ৩ টাকৈ বিক্ৰী কৰাৰ সমান্তৰাল ভাৱে ডাঙৰ চাকি প্রতিটো ১০ টকাত বিক্ৰী কৰিছে।অন্য বৃত্তিৰ তুলনাত কম লাভ জনক এই বৃত্তিৰ দুৰৱস্থাৰ অন্ত পেলোৱাৰ বাবে কিছু চৰকাৰী সাহাৰ্য,আন্ত গাঁথনি,উপযুক্ত বজাৰ আদিৰ সৃষ্টি কৰাৰ প্ৰয়োজনীয়তা সৰ্বাধিক।এই প্ৰয়োজনীয়তা অনতিপলমে পূৰণ নকৰিলে অতি শীঘ্ৰে এই পৌৰাণিক মৎ শিল্প চিৰদিনৰ বাবে যে লোপ পাব সেই কথাত অলপো সন্দেহ নাই।

Byte:গংগেশ্বৰী কলিতাConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.