ETV Bharat / state

পথৰ দূৰাৱস্থাঃ কান্ধত তুলি চিকিৎসালয়ৈ নিলে প্ৰসূতিক - Dimow

২ নং মাছৈ গাঁৱৰ পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত বিগত কেইদিনামৰ নেৰানেপেৰা বৰষুণৰ বাবে বোকাময় হৈ পৰিছে ৷ ফলত যাতায়তৰ বাবে সম্পূৰ্ণৰূপে অনুপযোগী হৈ পৰিছে পথটো । স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ পথটোৰ মেৰামতি কৰিবৰ বাবে আবেদন-নিবেদন কৰিছে যদিও, কোনো সুফল ধৰা নাই । যাৰবাবে দুৰ্ভোগত ভুগিব লগা হৈছে জনসাধাৰণে ।

কান্ধত তুলি ৰাইজে কঢ়িয়ালে গৰ্ভৱতী মহিলা
author img

By

Published : May 17, 2019, 12:01 PM IST

ডিমৌ, ১৭ মেঃ ডিমৌৰ খৰাহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং মাছৈ গাঁৱৰ পথৰ দুৰৱস্থাৰ বাবে ৰাইজে দুই কিলোমিটাৰ কান্ধত তুলি নিব লগা হ'ল গৰ্ভৱতী মহিলাক ।

কান্ধত তুলি ৰাইজে কঢ়িয়ালে গৰ্ভৱতী মহিলা

ডিমৌ সমীপৰ খৰাহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং মাছৈ গাঁৱৰ পথৰ দুৰৱস্থাৰ বাবে এতিয়া ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । ২ নং মাছৈৰ সঞ্জীৱ ধৰৰ গৰ্ভৱতী পত্নী পূজা ধৰ প্ৰসৱ বেদনাত চটফটাই থকা সময়ত চিকিৎসালয়লৈ নিবলৈ যাতায়তৰ সুব্যৱস্থা নথকাৰ বাবে ওচৰৰে কেইবা গৰাকী পুৰুষ মহিলাই কান্ধত তুলি নিব লগা হ'ল গৰ্ভৱতী মহিলা গৰাকীক । প্ৰায় দুই কিলোমিটাৰ পথ অতিক্ৰম কৰাৰ পিছত হে এম্বোলেঞ্চত তুলিব পাৰিল গৰ্ভৱতী মহিলা গৰাকীক । পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত বৰষুণৰ বাবে বোকাময় হৈ পৰাত পথটোত যাতায়তৰ অনুপযোগী হৈ পৰে । স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ পথটোৰ মেৰামতি কৰিবৰ বাবে আবেদন-নিবেদন কৰিছে যদিও, কোনো সুফল পাৱো নাই ৰাইজে । যাৰবাবে দুৰ্ভোগত ভুগিব লগা হৈছে সাধাৰণ জনতা । ইয়াক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠন, লগতে অতি শীঘ্ৰে পথটো মেৰামতিৰ দাবী জনাইছে স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষক ভুক্তভোগি ৰাইজে ।

লগতে আন এটা বাতৰি - বিস্ফোৰণে স্পষ্ট কৰিছে চৰকাৰৰ ব্যৰ্থতাক :কংগ্ৰেছ

*গড়কাপ্তানী বিভাগৰ দুৰাৱস্থা-জৰাজীৰ্ণ পথৰ বাবে প্ৰসূতিক দুই কিলোমিটাৰ কাণ্ডত কঢ়িয়ালে ৰাইজে*
Story-POOR_ROAD
Ananta Smith
Sivasagar
17th May

A_SVR_17TH_MAY_801-804_POOR_ROAD_7203499

পৰিবৰ্তনৰ কথা কোৱা চৰকাৰৰ বাট পথৰ নমুনা দেখি চকু কপালত উঠিব আপোনাৰ।
বাট পথৰ দুৰৱস্থাৰ বাবেই ডিমৌত এক হৃদয়বিদাৰক দৃশ্য দেখিবলৈ পোৱা গল। পথৰ দুৰৱস্থাৰ বাবে  যন্ত্ৰনাত চাটফটাই থকা গৰ্ভৱতী মহিলাক প্রায় দুই কিলোমিটাৰ বাট ৰাইজে দাঙি নি এম্বুলেন্সত তুলিব লগা হয়। ৰোগীৰ দুৰৱস্থা দেখি ক্ষোভিত অঞ্চলবাসী ৰাইজ। ডিমৌ সমীপৰ খৰাহাট গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং মাছৈৰ এইটো পথৰ দুৰৱস্থাৰ বাবে এতিয়া ৰাইজৰ পানীত হাঁহ নচৰাৰ অৱস্থাৰ সৃষ্টি হৈছে। ২ নং মাছৈৰ সঞ্জীৱ ধৰৰ গৰ্ভৱতী পত্নী পূজা ধৰ প্ৰসৱ বেদনাত চটফটাই থকা সময়ত চিকিৎসালয়লৈ নিবলৈ বোকাময় পথটোত যাতায়তৰ সুব্যৱস্থা নথকাৰ বাবে ওচৰৰে কেইবা গৰাকী পুৰুষ মহিলাই প্রায় দুই কিলোমিটাৰ পথ পূজা ধৰক দাঙি নি এম্বুলেন্সত তুলিব লগা হয়। ডিমৌ গড়কাপ্তানী উপ পথ সংমণ্ডলৰ অন্তৰ্গত পথটো দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত যোৱা কেইটা দিনত হোৱা মূষলধাৰ বৰষুণৰ বাবে বোকাময় হৈ পৰাত পথটোত যাতায়তৰ অনুপযোগী হৈ পৰে। স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক বহুবাৰ পথটোৰ মেৰামতি কৰিবৰ বাবে আবেদন নিবেদন কৰিছে যদিও কোনো সুফল ধৰা নাই। যাৰবাবে দুৰ্ভোগত ভুগিব লগা হৈছে সাধাৰণ জনসাধাৰণ। ইপিনে পথটোৰ দুৰৱস্থাৰ বাবে গৰ্ভৱতী মহিলাকে ধৰি গুৰুত্বপূৰ্ণ ৰোগত আক্ৰান্ত ৰোগী সকলে নুন্যতম জৰুৰীকালীন সেৱাৰ পৰাও বঞ্চিত হব লগা হৈছে ।

Bite-
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.