ETV Bharat / state

Assam Book fair 2023 : শিৱসাগৰত 18 নৱেম্বৰৰ পৰা অসম গ্ৰন্থমেলা

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 7:13 PM IST

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত শিৱসাগৰত অসম গ্ৰন্থমেলা ৷ বৰ্ডিং খেল পথাৰত ১৮ নৱেম্বৰৰ পৰা ১০ দিনীয়াকৈ অনুষ্ঠিত হ’ব ৷ শিৱসাগৰত সচিব প্ৰমোদ কলিতাৰ সংবাদ মেল।

Assam Book fair 2023
অসম গ্ৰন্থমেলা 2023
শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত ১৮ নৱেম্বৰৰ পৰা অসম গ্ৰন্থমেলা

শিৱসাগৰ, 9 নৱেম্বৰ : অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত অহা 18 নৱেম্বৰৰ পৰা শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা ৷ শিৱসাগৰ প্ৰেছ ক্লাবত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰে ৷

শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত 10 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা এই গ্ৰন্থমেলাত অসমৰ প্ৰায়বোৰ প্ৰকাশন গোষ্ঠীৰ লগতে দিল্লী আৰু কলিকতাৰ বহু কেইটা অভিজাত গ্ৰন্থ প্ৰকাশন গোষ্ঠীয়ে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে ৷ 18 নৱেম্বৰৰ বিয়লি 3 বজাত এই গ্ৰন্থমেলাৰ দ্বাৰ মুকলি কৰা হ’ব বুলি জানিবলৈ দিয়ে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷

এই গ্ৰন্থমেলাৰ বিশেষ অনুষ্ঠানত জম্মু কাশ্মীৰৰ সাহিত্যিক ৰাজেশ্বৰ সিং ৰাজুৰ লগতে অসমৰ প্ৰতিষ্ঠিত সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী আৰু নাহেন্দ্ৰ পাদুনে অংশগ্ৰহণ কৰাৰ নিশ্চিতি প্ৰদান কৰিছে ৷ গ্ৰন্থমেলাৰ আটাইকেইটা দিনতে অনুষ্ঠিত হ’ব ভাষা-সাহিত্য, ইতিহাস-সংস্কৃতি বিষয়ক বিভিন্ন আলোচনা সত্ৰ ৷

ইয়াৰ উপৰি 26 নৱেম্বৰত গ্ৰন্থমেলাৰ বাকৰিত শিশু সকলৰ বাবে কুইজ, চিত্ৰাংকণ আদি অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি জনায় অসম প্ৰকাশন পৰিষদৰ সচিবগৰাকীয়ে ৷ গ্ৰন্থমেলাৰ দ্বাৰ প্ৰতি দিনে পুৱা 11 বজাৰ পৰা নিশা 9 বজালৈ খোলা থাকিব ৷

সংবাদমেলৰ জৰিয়তে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই অসম গ্ৰন্থ মেলাত ৰাইজৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে ৷ সংবাদমেলত অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ সভাপতি বাহৰুল ইছলাম চৌধুৰীৰ লগতে অসম প্ৰকাশন পৰিষদৰ সহকাৰী সচিব মিংকু হাজৰিকা উপস্থিত থাকে ৷

লগতে পঢ়ক : Golaghat Book Fair : গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ 2023 ৰ লাইখুটা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.