হায়দৰাবাদ: বিদায় দিবলৈ সাজু হোৱা বৰ্ষটোত দেশত সংঘটিত হৈছিল বিভিন্ন ধৰণৰ চাইবাৰ সম্বন্ধীয় কেলেংকাৰী ৷ ইয়াৰ ক্ৰমবৰ্ধমান হাৰে ভাৰতক প্ৰভাৱিত কৰিছিল ৷ চাইবাৰ অপৰাধৰ হাৰে সচেতন লোকক চিন্তিত কৰিছিল । প্ৰিয় ক্ৰিকেট আইকনৰ ভুৱা ৰূপ ধাৰণ কৰি ডীপ ফেক ভিডিঅ’ৰ পৰা আৰম্ভ কৰি বৃহৎ ব্ৰেণ্ডসমূহক লক্ষ্য কৰি চলোৱা চাইবাৰ আক্ৰমণে সংবাদ মাধ্যমৰ পৃষ্ঠা দখল কৰিছিল । সমান্তৰালভাৱে, চাইবাৰ অপৰাধীয়ে সাধাৰণ নাগৰিক আৰু উচ্চপদস্থ ব্যক্তিকো টাৰ্গেট কৰা পৰিলক্ষিত হৈছে । 1 জানুৱাৰীৰ পৰা 11 নৱেম্বৰলৈ ভাৰতত 14 লাখৰো অধিক চাইবাৰ অপৰাধৰ গোচৰ ৰুজু হৈছিল ।
2024 চনত ভাৰতত সংঘটিত হোৱা তথা বিশেষ চৰ্চা লাভ কৰা কিছুমান চাইবাৰ কেলেংকাৰীৰ ওপৰত বিশদভাৱে চকু ফুৰাওঁ আহক---
[বি:দ্ৰ: এই কেলেংকাৰীসমূহে অসংখ্য লোকক প্ৰভাৱিত কৰিছে আৰু ইয়াত উল্লেখ কৰা ব্যক্তিগত গোচৰসমূহৰ জৰিয়তে এই কেলেংকাৰীবোৰ চাইবাৰ অপৰাধীয়ে কেনেদৰে সংঘটিত কৰে বুজাবলৈ চেষ্টা কৰা হৈছে ।]
গভীৰ ভুৱা ভিডিঅ' প্ৰচাৰ
2024 চনৰ জানুৱাৰী মাহত ক্ৰিকেট কিংবদন্তি শচীন টেণ্ডুলকাৰ ডিপফেক প্ৰযুক্তিৰ বলি হৈছিল যেতিয়া অনলাইনত এটা বিকৃত ভিডিঅ’ প্ৰকাশ হৈছিল, য’ত তেওঁ স্কাইৱাৰ্ড এভিয়েটৰ কুৱেষ্ট নামৰ গেম এটাৰ প্ৰচাৰ কৰা দেখা গৈছিল । ভিডিঅ’টোত টেণ্ডুলকাৰে এই খেলৰ সমৰ্থন কৰা বুলি মিছাকৈ দেখুৱাইছিল আৰু আনকি তেওঁৰ কন্যাই ইয়াৰ পৰা লাভৱান হোৱা বুলিও দাবী কৰিছিল । তেণ্ডুলকাৰে শীঘ্ৰে ভিডিঅ’টোক ভুৱা বুলি গৰিহণা দি ছ’চিয়েল মিডিয়া প্লেটফৰ্মক এনে ভুল তথ্যৰ বিৰুদ্ধে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । এই কাণ্ডই ডিপফেক প্ৰযুক্তিৰ অপব্যৱহাৰ আৰু ইয়াৰ দ্বাৰা ব্যক্তি আৰু তেওঁলোকৰ সুনামৰ ওপৰত হ’ব পৰা সম্ভাৱ্য ক্ষতিৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা উদ্বেগক অধিক বৃদ্ধি কৰি তুলিছে ।
ভুৱা ফেডএক্স কুৰিয়ৰ কেলেংকাৰী
2024 চনৰ ফেব্ৰুৱাৰী মাহত বেংগালুৰুৰ এটা আই টি ফাৰ্মৰ চিইঅ’ই মুম্বাইৰ পৰা ফেডএক্সৰ কাৰ্যবাহীৰ ৰূপ লৈ এজন ব্যক্তিৰ পৰা ফোন লাভ কৰিছিল ৷ তেওঁৰ নামত থকা এটা অবৈধ পাৰ্চেল আটক কৰা হৈছে বুলি দাবী কৰিছিল । ইয়াৰ পিছতে ফোন কৰাজনে আৰক্ষী বিষয়াৰ ৰূপ লোৱা কোনোবা এজনলৈ ফোনটো ট্ৰেন্সফাৰ কৰে, যিয়ে চিইঅ’গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ অভিযোগ উত্থাপন কৰে । পিছৰ সপ্তাহত মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে বাখ্যা কৰা সমস্যাসমূহ সমাধান কৰি আছে বুলি বিশ্বাস কৰি আঠটা লেনদেনত 2.3 কোটি টকা বিভিন্ন একাউণ্টলৈ স্থানান্তৰ কৰিবলৈ বাধ্য হয় । মুখ্য কাৰ্যবাহী বিষয়াই এই কেলেংকাৰীৰ কথা উপলব্ধি কৰাৰ পাচত তেওঁ 16 ফেব্ৰুৱাৰীত আৰক্ষীক এই কাণ্ডৰ বিষয়ে অৱগত কৰে । এই কেলেংকাৰীয়ে চাইবাৰ অপৰাধীয়ে ব্যৱহাৰ কৰা অত্যাধুনিক পদ্ধতি আৰু অনাকাংক্ষিত যোগাযোগৰ ক্ষেত্ৰত সাৱধান হোৱাৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে ।
ভুৱা বিনিয়োগ আঁচনি
2024 চনৰ জুলাই মাহত তেলেংগানাৰ ৰাজহুৱা খণ্ডৰ এটা ইউনিটৰ এজন 75 বছৰীয়া অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ পৰিচালক ৰাজ্যখনৰ সৰ্ববৃহৎ চাইবাৰ জালিয়াতিৰ বলি হৈছিল । এই কেলেংকাৰীৰ আৰম্ভণি হৈছিল হোৱাটছএপৰ জৰিয়তে প্ৰেৰণ কৰা বিনিয়োগৰ প্ৰস্তাৱৰ জৰিয়তে, য’ত আকৰ্ষণীয় ৰিটাৰ্ণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল । দহদিনৰ ভিতৰতে ভুক্তভোগীয়ে 4 কোটি টকা বিনিয়োগ কৰিছিল । তেওঁ নিজৰ একাউণ্টত 10 কোটি টকাৰ বেলেঞ্চ দেখি সেই ধনৰাশি উলিয়াবলৈ চেষ্টা কৰে । কিন্তু তাৰ পিছত তেওঁক জি এছ টি, চি জি এছ টি, ৰূপান্তৰ কৰ, বৈদেশিক মুদ্ৰা কৰকে ধৰি বিভিন্ন কৰ দিবলৈ কোৱা হয় আৰু শেষত পৰৱৰ্তী 15 দিনত অতিৰিক্ত 9 কোটি টকা ট্ৰেন্সফাৰ কৰা হয় । প্ৰায় 50 দিনৰ পিছত ভুক্তভোগীয়ে বুজি পালে যে তেওঁ প্ৰতাৰিত হৈছে । মুঠ 13 কোটি টকা হেৰুৱাৰ ভিতৰত আৰক্ষীয়ে মাত্ৰ 20 লাখ টকাহে উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই কাণ্ডই অধিক লাভৰ প্ৰতিশ্ৰুতিৰে ভুক্তভোগীক প্ৰলোভিত কৰিবলৈ প্ৰৱঞ্চকে ব্যৱহাৰ কৰা অত্যাধুনিক কৌশল আৰু এনে চাইবাৰ জালিয়াতিৰ বিধ্বংসী আৰ্থিক প্ৰভাৱৰ ওপৰত আলোকপাত কৰিছে ।
চাইবাৰ ব্লেকমেইল
2024 চনৰ আগষ্ট মাহত পুনেৰ এজন 74 বছৰীয়া ব্যক্তিয়ে চাইবাৰ ব্লেকমেইলৰ মুখামুখি হৈছিল । আৰক্ষী বিষয়াৰ ৰূপ লৈ প্ৰৱঞ্চকসকলে তেওঁক দীৰ্ঘদিন ধৰি ফোনযোগে বেংকৰ দ্বাৰা মুঠ 97 লাখ টকা ট্ৰেন্সফাৰ কৰিবলৈ বাধ্য কৰাইছিল । অশ্লীল বাৰ্তা প্ৰেৰণ, ধন সৰবৰাহ, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় আদি অভিযোগত গ্ৰেপ্তাৰ কৰাৰ ভাবুকি প্ৰদান কৰে কেলেংকাৰীকাৰীয়ে । এই গোচৰটোৱে চাইবাৰ ব্লেকমেইলৰ বলি হোৱা লোকসকলে সন্মুখীন হোৱা চৰম মানসিক আৰু আৰ্থিক চাপৰ লগতে চাইবাৰ অপৰাধীয়ে নিজৰ লক্ষ্যপ্ৰাপ্তি কৰিবলৈ ব্যৱহাৰ কৰা অত্যাধুনিক কৌশলৰ ওপৰত আলোকপাত কৰিছে ।
ভুৱা ট্ৰেডিং এপ
2024 চনৰ আগষ্ট মাহত মুম্বাইৰ এজন 75 বছৰীয়া অৱসৰপ্ৰাপ্ত জাহাজ কেপ্তেইনক 11.16 কোটি টকাৰ প্ৰতাৰণা কৰা হৈছিল, যিটো বছৰটোৰ দ্বিতীয় বৃহত্তম চাইবাৰ জালিয়াতি । এই কেলেংকাৰী আৰম্ভ হৈছিল যেতিয়া তেওঁক হোৱাটছএপ গ্ৰুপত যোগ কৰা হৈছিল, য’ত তেওঁক বিনিয়োগৰ পৰামৰ্শ দিয়া হৈছিল আৰু ভুৱা ট্ৰেডিং এপৰ জৰিয়তে বিনিয়োগ কৰিবলৈ প্ৰলোভিত কৰা হৈছিল । পিছৰ এমাহৰ ভিতৰত তেওঁ কেলেংকাৰীকাৰীৰ নিৰ্দেশ অনুসৰি বিভিন্ন একাউণ্টত 22 টা লেনদেন কৰে । যেতিয়া তেওঁ লাভ উলিয়াবলৈ চেষ্টা কৰিছিল, তেতিয়া তেওঁক বাৰে বাৰে অতিৰিক্ত মাচুল দিবলৈ কোৱা হৈছিল আৰু তেওঁৰ অনুৰোধ নাকচ কৰা হৈছিল । প্ৰতাৰিত হোৱা বুলি উপলব্ধি কৰি তেওঁ চাইবাৰ আৰক্ষীক এই বিষয়ে জনায় আৰু তেওঁলোকে তদন্ত আৰম্ভ কৰে ।
ভুৱা উচ্চতম ন্যায়ালয়ৰ শুনানি
2024 চনৰ আগষ্ট মাহত বৰ্ধমান গ্ৰুপৰ অধ্যক্ষ তথা পদ্মভূষণ বঁটা বিজয়ী এছ পি অছৱালক এক অত্যাধুনিক চাইবাৰ জালিয়াতি আঁচনিৰ জৰিয়তে 7 কোটি টকা প্ৰৱঞ্চনা কৰিছিল । ফেডাৰেল তদন্তকাৰীৰ ৰূপ লৈ প্ৰৱঞ্চকসকলে অছৱালৰ সৈতে যোগাযোগ কৰিছিল, তেওঁ ধন সৰবৰাহৰ গোচৰৰ সন্দেহযুক্ত বুলি দাবী কৰিছিল । তেওঁলোকে ভুৱা অনলাইন আদালতৰ শুনানিৰ আয়োজন কৰিছিল য’ত কোনোবাই ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ ৰূপ লৈ অছৱালক তদন্তৰ অংশ হিচাপে তেওঁৰ ধন একাউণ্টত জমা দিবলৈ নিৰ্দেশ দিছিল । আইনী প্ৰতিক্ৰিয়াৰ আশংকাত অছৱালে মানি লৈ ধনখিনি ট্ৰেন্সফাৰ কৰে । এই কেলেংকাৰিৰ তথ্য পোহৰলৈ আহে যেতিয়া অছৱালে কৰ্তৃপক্ষক খবৰ দিয়ে, যাৰ ফলত সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে 5.2 কোটি টকা উদ্ধাৰ হয় ।
ডিজিটেল এৰেষ্টৰ কেলেংকাৰী
বেংগালুৰুত প্ৰকাশ পোৱা অন্যতম বৃহৎ চাইবাৰ অপৰাধত 39 বছৰীয়া এজন চফটৱেৰ অভিযন্তাই “ডিজিটেল এৰেষ্ট”ৰ 18 দিনৰ ভিতৰতে প্ৰৱঞ্চকৰ হাতত 11.8 কোটি টকা হেৰুৱাইছিল । আৰক্ষীৰ মতে, 11 নৱেম্বৰৰ পৰা ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি (TRAI)ৰ বিষয়া বুলি দাবী কৰি এজন ব্যক্তিয়ে এই প্ৰৱঞ্চনাৰ আৰম্ভ কৰিছিল । ফোন কৰাজনে অভিযোগ কৰে যে ভুক্তভোগীৰ আধাৰৰ সৈতে জড়িত ছিম কাৰ্ড অবৈধ বিজ্ঞাপন আৰু হাৰাশাস্তিৰ বাৰ্তাৰ বাবে ব্যৱহাৰ কৰা হৈছিল ।
কিছু সময়ৰ পাছতে আৰক্ষী বিষয়াৰ ৰূপ লৈ আন এজন ব্যক্তিয়ে ভুক্তভোগীৰ সৈতে যোগাযোগ কৰি তেওঁৰ আধাৰৰ অপব্যৱহাৰ কৰি ধন সৰবৰাহৰ বাবে বেংক একাউণ্ট খোলাৰ বাবে দাবী কৰে । ইতিমধ্যে অনুৰূপ অপৰাধৰ বাবে গ্ৰেপ্তাৰ হোৱা প্ৰভাৱশালী ব্যক্তিৰ জড়িততাৰ কথা উল্লেখ কৰি ফোন কৰাজনে ভুক্তভোগীক বিষয়টো গোপনীয় কৰি ৰাখিবলৈ সকীয়াই দিয়ে আৰু যদিহে ভুক্তভোগীয়ে তেওঁলোকৰ তথাকথিত “ভাৰ্চুৱেল তদন্ত”ত সহযোগ নকৰে তেন্তে গ্ৰেপ্তাৰৰ ভাবুকি দিয়ে ।
25 নৱেম্বৰত জ্যেষ্ঠ আৰক্ষী বিষয়াৰ ৰূপ লৈ এজন কেলেংকাৰীকাৰীয়ে স্কাইপ’ৰ জৰিয়তে ভুক্তভোগীগৰাকীক সহায়ৰ হাত আগবঢ়াইছিল আৰু দাবী কৰিছিল যে এই গোচৰৰ শুনানি উচ্চতম ন্যায়ালয়ত চলি আছে । গ্ৰেপ্তাৰৰ আশংকাত ভুক্তভোগীয়ে এটা একাউণ্টলৈ 75 লাখ টকা ট্ৰেন্সফাৰ কৰে, তাৰ পিছত আন এটা একাউণ্টলৈ 3.41 কোটি টকা ট্ৰেন্সফাৰ কৰে । 12 ডিচেম্বৰলৈকে তেওঁ প্ৰৱঞ্চকৰ নিয়ন্ত্ৰণত থকা বিভিন্ন একাউণ্টলৈ মুঠ 11.8 কোটি টকা প্ৰেৰণ কৰিছিল ।
চাইবাৰ কেলেংকাৰীৰ পৰা সুৰক্ষিত হৈ থকাৰ টিপছ
সজাগ আৰু সচেতন হৈ থাকিলে আপুনি নিজকে আৰু আপোনাৰ আপোনজনক এনে জালৰ বলি হোৱাৰ পৰা ভালদৰে ৰক্ষা কৰিব পাৰিব । কেলেংকাৰীৰ বিষয়ে অৱগত হৈ থাকিলে সেইবোৰ ধৰা পেলোৱা আৰু বাচি থকাত সহায়ক হ’ব পাৰে । আপোনাৰ ব্যক্তিগত তথ্য সুৰক্ষিত কৰিবলৈ, নিয়মিতভাৱে আপোনাৰ পাছৱৰ্ডসমূহ আপডেট কৰক, সম্ভৱ হ'লে টু ষ্টেপ প্ৰমাণীকৰণ ব্যৱহাৰ কৰক আৰু মেলৱেৰ আৰু ৰেনছমৱেৰ আক্ৰমণৰ পৰা সুৰক্ষিত কৰিবলৈ আপোনাৰ ডিভাইচ চফ্টৱেৰ আপডেট কৰি ৰাখক ।
- এনে টেক আৰু চাইবাৰ জালিয়াতিৰ বলি হোৱাৰ আশংকা হ্ৰাস কৰিবলৈ গ্ৰহণ কৰিব পৰা কিছুমান টিপছ তলত দিয়া হ’ল:
বিশ্বাস কৰাৰ আগতে পৰীক্ষা কৰক: আপোনাৰ সৈতে যোগাযোগ কৰা ব্যক্তিজনৰ পৰিচয় সদায় পৰীক্ষা কৰক, বিশেষকৈ যদি তেওঁলোকে নিজকে কোনো পৰিচিত সংস্থাৰ বুলি দাবী কৰে । ব্যক্তিগত তথ্য ভাগ-বতৰা কৰা বা অনাকাংক্ষিত কল বা বাৰ্তাৰ ওপৰত ভিত্তি কৰি লেনদেন কৰাটো বাদ দিয়ক । কুৰিয়াৰ সম্পৰ্কীয় কেলেংকাৰী আৰু ভুৱা আইনী প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো একেই কথা প্ৰযোজ্য ।
ডিপফেক প্ৰযুক্তিৰ পৰা সাৱধান হওঁক: বিশেষকৈ যদি ইয়াত প্ৰডাক্ট বা সেৱাৰ সমৰ্থন কৰা বিখ্যাত ব্যক্তিত্ব জড়িত থাকে তেন্তে তেনে ভিডিঅ’ আৰু অডিঅ’ ক্লিপৰ পৰা সাৱধান হওঁক । এনে বিষয়বস্তু বিশ্বাস বা শ্বেয়াৰ কৰাৰ আগতে চৰকাৰী সংস্থাৰ জৰিয়তে পৰীক্ষা কৰক ।
বিনিয়োগ আঁচনিৰ প্ৰতি সতৰ্ক হৈ থাকক: অস্বাভাৱিকভাৱে উচ্চ লাভৰ প্ৰতিশ্ৰুতি দিয়া বিনিয়োগৰ সুযোগ পৰীক্ষা কৰক । কোনো ধৰণৰ বিনিয়োগ কৰাৰ আগতে পুংখানুপুংখ গৱেষণা কৰক আৰু বিশ্বাসযোগ্য বিত্তীয় উপদেষ্টাৰ পৰামৰ্শ লওঁক ।
চাইবাৰ ব্লেকমেইলৰ পতৰা নিজকে সুৰক্ষিত কৰক: আইনী ব্যৱস্থাৰ ভাবুকি দিয়া বা ধন দাবী কৰা সন্দেহজনক কল বা বাৰ্তাৰ সৈতে জড়িত হোৱা এৰক । এনে ঘটনাৰ খবৰ ততালিকে কৰ্তৃপক্ষক দিব ।
ট্ৰেডিং এপসমূহ পৰীক্ষা কৰক: কেৱল এনে সুনামধন্য ট্ৰেডিং এপ আৰু প্লেটফৰ্ম ব্যৱহাৰ কৰক যিবোৰ বিত্তীয় কৰ্তৃপক্ষৰ দ্বাৰা ভালদৰে পৰ্যালোচনা আৰু স্বীকৃতিপ্ৰাপ্ত । ট্ৰেডিং গ্ৰুপ বা এপত যোগদান কৰিবলৈ অনাকাংক্ষিত আমন্ত্ৰণৰ পৰা সাৱধান হওঁক ।