ETV Bharat / state

কৃষিপ্ৰধান অসমৰ বাবে উদ্বেগজনক বিষয়; ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে কৃষিভূমি - PADDY CULTIVATION

ৰাজ্যত ক্ৰমাৎ কমি আহিছে কৃষিভূমি ৷ বিগত ১৩ বছৰত ধান খেতি কৰা ভূমিৰ পৰিমাণ ২০ লাখ বিঘালৈ হ্ৰাস পাইছে ৷

Paddy cultivation
ৰাজ্যৰ কৃষিভূমি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Dec 28, 2024, 4:31 PM IST

গুৱাহাটী : কৃষিপ্ৰধান ৰাজ্য অসমৰ কৃষিভূমিৰ পৰিমাণ ক্ৰমাৎ উদ্বেগজনকভাৱে হ্ৰাস পাই আহিছে । ৰাজ্যখনৰ প্ৰায় ৭০ শতাংশ লোক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কৃষিকাৰ্যৰ লগত জড়িত । কিন্তু কৃষিপ্ৰধান ৰাজ্যখনত খাদ্যশস্য ৰোপণ কৰা ভূমিৰ পৰিমাণ ক্ৰমাগতভাৱেই হ্ৰাস পাই আহিছে ।

প্ৰধানতঃ কৃষিভূমিক ঔদ্যোগিক ভূমিলৈ পৰিৱৰ্তন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগতে বহু কৃষকে খেতি কৰিবলৈ এৰি দিয়াৰ কুফলস্বৰূপেই এই পৰিস্থিতিয়ে দেখা দিছে । অসমৰ এনে পৰিস্থিতিৰ বিপৰীতে চুবুৰীয়া ৰাজ্য তথা উত্তৰ-পূবৰ অন্যান্য ৰাজ্যবোৰ পাহাৰীয়া এলেকা হ'লেও সেই অঞ্চলত খেতি কৰা ভূমিৰ পৰিমাণ বাঢ়িবলৈ ধৰিছে । ৰাজ্যখনৰ কৃষিখণ্ডৰ বাস্তৱ স্বৰূপটো উদঙাই দিছে উত্তৰ-পূব পৰিষদৰ শেহতীয়া বাৰ্ষিক প্ৰতিবেদনে ।

Paddy cultivation
ৰাজ্যত কমি আহিছে কৃষিভূমি (ETV Bharat)

কিমান হ্ৰাস পালে অসমৰ কৃষিভূমি :

২০২৪ চনৰ উত্তৰ-পূব পৰিষদৰ বাৰ্ষিক প্ৰতিবেদনত ঈশান কোণৰ আঠ ৰাজ্যৰ পাঁচটা বৰ্ষৰ তথ্যৰে খাদ্যশস্য ৰোপণ কৰা মুঠ মাটিৰ এক তুলনামূলক অধ্যয়ন কৰা হৈছে । প্ৰতিবেদনৰ আন এক তথ্যত দেখা গৈছে যে অসমৰ প্ৰধান শস্য ধান খেতি কৰা মাটিৰ পৰিমাণ যোৱা ১৩ বছৰত ২.৬২ লাখ হেক্টৰ হ্ৰাস পাইছে ।

বিঘাৰ হিচাপত ধৰিলে এই পৰিমাণ হ'বগৈ ১৯.৬৫ লাখ বিঘা । কেৱল সেয়াই নহয়, ৰাজ্যৰ মুঠ খাদ্যশস্যৰ খেতি কৰা মাটিৰ পৰিমাণ এই সময়ছোৱাত ১.৮৩ লাখ হেক্টৰ অৰ্থাৎ ১৩.৭২ লাখ বিঘা হ্ৰাস পাইছে । এই পৰিসংখ্যা ৰাজ্যৰ কৃষিক্ষেত্ৰৰ বাবে অতি উদ্বেগজনক বুলি বিবেচিত হৈছে ।

Paddy cultivation
ধান খেতি (ETV Bharat)

অৱশ্যে এই সময়ছোৱাত মাহজাতীয় শস্য আৰু তৈলবীজ শস্যৰ উৎপাদন বৃদ্ধি পাইছে । কিয়নো পূৰ্বৰ তুলনাত কৃষকে এনে খেতি কৰিবলৈ অধিক উৎসাহী হোৱা পৰিলক্ষিত হৈছে ।

লক্ষণীয়ভাৱে ৰাজ্যত ২০১০-১১ বৰ্ষত ধান খেতি কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল ২৫.৭০ লাখ হেক্টৰ কৃষিভূমি । আন খেতি কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল অতিৰিক্তকৈ প্ৰায় ২ লাখ হেক্টৰ কৃষিভূমি অর্থাৎ সেই বৰ্ষত মুঠ খাদ্যশস্য ৰোপণ কৰা ভূমিৰ পৰিমাণ আছিল ২৭.৬৬ লাখ হেক্টৰ ৷

ইয়াৰ বিপৰীতে ২০২৩-২৪ বৰ্ষত ৰাজ্যত ধানখেতি কৰা হয় ২৩.০৮ লাখ হেক্টৰ ভূমিত আৰু মুঠ খেতিমাটিৰ পৰিমাণ হয়গৈ ২৫.৮৩ লাখ হেক্টৰ । ইয়াৰ বিপৰীতে চলিত বৰ্ষৰ অক্টোবৰ মাহত প্ৰকাশ পোৱা উত্তৰ-পূব পৰিষদৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি অসমৰ বিপৰীতে ক্ৰমাগতভাৱে আনকেইখন ৰাজ্যত কৃষি কৰা ভূমিৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে ।

Paddy cultivation
ৰাজ্যৰ কৃষিভূমি (ETV Bharat)

উত্তৰ-পূবৰ ৰাজ্যসমূহৰ কৃষিভূমিৰ তুলনামূলক পৰিমাণ :

তথ্য অনুসৰি ২০১৬-১৭ বৰ্ষত অসমত মুঠ খেতি মাটিৰ পৰিমাণ আছিল ২৭.৭৪ লাখ হেক্টৰ আৰু ২০২০-২১ বৰ্ষত এই ভূমিৰ পৰিমাণ হয় ২৭.২৪ লাখ হেক্টৰ । সেই হিচাপত পাঁচ বছৰত কৃষিভূমিৰ পৰিমাণ ৫০ হাজাৰ হেক্টৰ বিঘালৈ হ্ৰাস পায় ।

ইয়াৰ বিপৰীতে অৰুণাচল প্ৰদেশত ২০১৬-১৭ বৰ্ষত খাদ্য শস্য ৰোপণ কৰা ভূমিৰ পৰিমাণ আছিল ২.৩২ লাখ হেক্টৰ আৰু ২০২০-২১ বৰ্ষত হয়গৈ ২.৪২ লাখ হেক্টৰ । তেনেদৰে মণিপুৰত ২০১৯-২০ বৰ্ষতকৈ ২০২০-২১ বৰ্ষত কৃষিভূমিৰ পৰিমাণ ৩.৩১ লাখ হেক্টৰৰ পৰা ৪.১০ লাখ হেক্টৰলৈ বৃদ্ধি পায় ।

মেঘালয়ত ২০১৬-১৭ বৰ্ষত ২.৫২ লাখ হেক্টৰ ভূমিত খেতি কৰা হৈছিল যদিও ২০২০-২১ বৰ্ষত খেতি কৰা ভূমিৰ পৰিমাণ ২.৫৩ লাখ হেক্টৰ হয়গৈ । মিজোৰামত কৃষিভূমিৰ পৰিমাণ একেই আছে। মিজোৰামত খাদ্যশস্য ৰোপণ কৰা ভূমিৰ পৰিমাণ হৈছে ১.৪৫ লাখ হেক্টৰ ।

নাগালেণ্ডত কৃষিভূমিৰ পৰিমাণ পাঁচ বছৰত ৩.৮০ লাখ হেক্টৰৰ পৰা ৩.৮৬ লাখ হেক্টৰলৈ বৃদ্ধি পায় । আনহাতে ছিকিমতো খেতিমাটিৰ পৰিমাণ একেই আছে । ৰাজ্যখনত খেতি কৰা মুঠ মাটিৰ পৰিমাণ হৈছে ৭৭ হাজাৰ হেক্টৰ । সেইদৰে ত্ৰিপুৰাত পূৰ্বৰ ২.৫৩ লাখ হেক্টৰৰ তুলনাত পাঁচ বছৰত প্ৰায় ২ হাজাৰ হেক্টৰ কৃষিভূমি বৃদ্ধি পাইছে ।

Paddy cultivation
ধান খেতি (ETV Bharat)

মুঠতে অসমৰ পৰা যি হাৰত কৃষিভূমি টুটিবলৈ ধৰিছে সেই হিচাপত সামগ্ৰিকভাৱে উত্তৰ-পূবতেই কৃষি মাটি হ্ৰাস পাইছে ।

কৃষিভূমি কমি অহা সন্দৰ্ভত কি কয় বিশেষজ্ঞই :

উদ্বেগৰ বিষয় যে বিগত দিনবোৰত ধান খেতি কৰা মাটিৰ পৰিমাণ অধিক হাৰত কমিবলৈ লৈছে । জনসংখ্যা বৃদ্ধি, বান-খহনীয়া, কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন, বতৰৰ পৰিবৰ্তন, উন্নয়নমূলক কাম, কৃষিকৰ্ম লাভজনক নোহোৱা আদি বিভিন্ন কাৰণত বছৰি ধান খেতি আৰু অন্য খাদ্যশস্যৰ খেতি কৰা মাটিৰ পৰিমাণ কমি আহিবলৈ ধৰিছে । এই সন্দৰ্ভত ই টিভি ভাৰতৰ তৰফৰ পৰা কৃষি বিজ্ঞানী ড৹ ভৱেশ চন্দ্ৰ ডেকাৰে যোগাযোগ কৰা হৈছিল ।

তেওঁ কয়, "কৃষিভূমি কমি অহাৰ এটা কোনো নিৰ্দিষ্ট কাৰণ নাই । এইক্ষেত্ৰত বহুকেইটা কাৰণ জড়িত হৈ আছে । সামগ্ৰিকভাৱে মূলতঃ জনসংখ্যা বৃদ্ধিৰ বাবে কৃষিভূমিৰ পৰিমাণ কমি আহিছে । পৰিয়ালসমূহ ডাঙৰ হোৱাৰ লগতে পৰিয়ালসমূহ ভাগ ভাগ হোৱাৰ ফলত মাটিৰ বিভাজন হৈছে । ঘৰ-বাৰীৰ সংখ্যা বৃদ্ধি হৈছে । দ্বিতীয়তে উন্নয়ন । ৰাস্তা-ঘাট নিৰ্মাণ কৰা হৈছে, বহল কৰা হৈছে । উন্নয়নমূলক কাম তথা নিৰ্মাণকাৰ্যৰ বাবেও কৃষিভূমি কমি আহিছে । ইয়াত ঔদ্যোগীকৰণৰ কথাও আছে । ভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি ঔদ্যোগীকৰণ কৰা হৈছে ।"

লগতে পঢ়ক : দ্বিতীয় পৰ্যায়ৰ ধান ক্ৰয়ৰ লক্ষ্য পূৰণতো ব্যৰ্থ ৰাজ্য চৰকাৰ

লগতে পঢ়ক :জলবায়ু পৰিৱৰ্তনৰ কৱলত কমলা খেতি; প্ৰত্যাহ্বানৰ সন্মুখীন কমলা খেতিয়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.