ETV Bharat / bharat

নেদাৰলেণ্ডৰ পৰা আহিছে বিশাল আৰু কোশী: দুয়োকে চাবলৈ হেতা-ওপৰা - DARJEELING ZOO GETS TWO RED PANDAS

বিমান আৰু স্থলপথেৰে প্ৰায় ২৭ ঘণ্টা যাত্ৰা কৰি দাৰ্জিলিঙত উপস্থিত হয় বিশাল আৰু কোশী ।

Darjeeling Zoos Christmas Gift From Netherlands This Year
দাৰ্জিলিং চিৰিয়াখানাত নেদাৰলেণ্ডৰ আলহী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : 14 hours ago

দাৰ্জিলিং: বৰদিনৰ দিনা পৰ্যটকৰ বাবে দাৰ্জিলিং চিৰিয়াখানাই কঢ়িয়াই আনিলে এক ডাঙৰ উপহাৰ । দাৰ্জিলিঙৰ পদ্মজা নাইডু হিমালয়ান প্ৰাণীবিজ্ঞান উদ্যানত বৰদিনৰ দিনা নেদাৰলেণ্ডৰ এযোৰ নতুন অতিথিক আদৰণি জনোৱা হয় । এই নতুন অতিথিহাল হৈছে ৰেড পাণ্ডা দম্পতী । এটাৰ নাম বিশাল আৰু আনটোৰ কোশী । এশ বছৰতকৈও অধিক সময়ৰ পাছত বিদেশী চিৰিয়াখানাৰ পৰা ভাৰতলৈ অনা হৈছে ৰঙা পাণ্ডা ।

নেদাৰলেণ্ডৰ ৰটাৰডেম চিৰিয়াখানাৰ পৰা অনা এই ৰঙা পাণ্ডা দুটা বৰদিনৰ পুৱা আহি পালে দাৰ্জিলিং চিৰিয়াখানাত ৷ ডেৰ-দুবছৰ বয়সৰ এই পাণ্ডাহালক প্ৰথমে বিমানেৰে আৰু তাৰ পিছত পথেৰে ২৭ ঘণ্টাৰো অধিক সময় যাত্ৰা কৰি লৈ অনা হৈছিল দাৰ্জিলিঙলৈ । বিশেষজ্ঞ আৰু চিকিৎসকৰ তত্বাৱধানত পাণ্ডা যুটিটোক অনা হয় । সম্প্ৰতি ৰঙা পাণ্ডা দুটাৰ অৱস্থা সুস্থিৰ বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে ৷ অহা এমাহৰ বাবে কোৱাৰেণ্টাইনত ৰখা হ’ব ৰঙা পাণ্ডা দম্পতীটোক । ইয়াৰ পিছত চিৰিয়াখানাত আন ৰঙা পাণ্ডাৰ সৈতে প্ৰজননৰ বাবে মুকলি কৰা হ’ব । বৰ্তমান দাৰ্জিলিং চিৰিয়াখানাত ৰঙা পাণ্ডাৰ সংখ্যা ২১টালৈ বৃদ্ধি পাইছে ।

ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ সদস্য সচিব সৌৰভ চৌধুৰীয়ে কয়, "দাৰ্জিলিং চিৰিয়াখানাৰ ৰঙা পাণ্ডা সংৰক্ষণ আৰু প্ৰজনন কাৰ্যসূচীয়ে সমগ্ৰ বিশ্বতে এক নজিৰ গঢ়ি তুলিছে । অতীতৰ ট্ৰেক ৰেকৰ্ডৰ প্ৰতি লক্ষ্য ৰাখি আমাক নেদাৰলেণ্ডৰ চিৰিয়াখানা কৰ্তৃপক্ষই ৰঙা পাণ্ডা প্ৰজননৰ দায়িত্ব অৰ্পণ কৰিছে । এক দশকৰো অধিক সময়ৰ পাছত বহিঃৰাষ্ট্ৰৰ পৰা ৰঙা পাণ্ডা ভাৰতীয় চিৰিয়াখানালৈ অনা হৈছে ।"

দাৰ্জিলিং চিৰিয়াখানাৰ সঞ্চালক বাসব্ৰজ হোলেয়াচিয়ে কয়, "ৰঙা পাণ্ডাহাল বহু দূৰ যাত্ৰাৰ অন্তত আহি পাইছে । প্ৰায় এমাহৰ বাবে কোৱাৰেণ্টাইনত ৰখা হ'ব । আমাৰ চিকিৎসক আৰু বিশেষজ্ঞসকলে তেওঁলোকৰ ওপৰত চকু ৰাখিব । দুয়োটা পাণ্ডা বৰ্তমান সুস্থ ।"

তথ্য অনুসৰি, এই ৰঙা পাণ্ডা দুটাক কোনো পশু বিনিময় কাৰ্যসূচীৰ অধীনত অনা হোৱা নাছিল । পশু বিনিময় কাৰ্যসূচীৰ অধীনত দাৰ্জিলিং চিৰিয়াখানা বা দেশৰ আন যিকোনো চিৰিয়াখানাৰ পৰা এটা জন্তু নেদাৰলেণ্ডলৈ পঠিয়াব লাগিছিল । কিন্তু দাৰ্জিলিং চিৰিয়াখানাৰ ৰঙা পাণ্ডা সংৰক্ষণ আৰু প্ৰজনন কাৰ্যসূচীৰ সুনামৰ বাবেই ডাচ্চ চৰকাৰে পাণ্ডা দুটা প্ৰেৰণ কৰিবলৈ সন্মত হৈছিল । তিনি বছৰতকৈও অধিক সময় ধৰি ৰাজ্যৰ চিৰিয়াখানা কৰ্তৃপক্ষই ৰঙা পাণ্ডা অনাৰ প্ৰচেষ্টা চলাই আছিল ৷ ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষৰ সদস্য সচিবে বিগত এবছৰত এই সন্দৰ্ভত কেইবাখনো বৈঠক অনুষ্ঠিত কৰে । অৱশেষত অনা হয় ৰঙা পাণ্ডাহালক ।

ৰঙা পাণ্ডা আনিবলৈ প্ৰয়োজনীয়তা

ৰঙা পাণ্ডাবোৰে হিমালয়ৰ বনাঞ্চল যেনে ছিকিমৰ ছিংগিলিলা, নিওৰাভাল্লী, ছিকিমৰ কিয়ংচেল, আলপাইন চিম্বা, ৰোড’ডেণ্ড্ৰন আদিত বাস কৰে । যদিও প্ৰজননৰ প্ৰতিটো বছৰ পাৰ হোৱাৰ লগে লগে ৰঙা পাণ্ডাৰ সংখ্যা বৃদ্ধি পাইছে, তথাপিও জিনৰ উন্নতি হোৱা নাই । জিনৰ গুণগত মান উন্নত কৰিবলৈ অন্য পৰিৱেশ আৰু জলবায়ুৰ ৰঙা পাণ্ডাৰ লগত প্ৰজনন কৰাটো প্ৰয়োজনীয় আছিল । সেইবাবেই চিৰিয়াখানা কৰ্তৃপক্ষ আৰু বন বিভাগে বিদেশী চিৰিয়াখানাৰ পৰা ৰঙা পাণ্ডা অনাত উদ্যোগ লৈছিল ।

প্ৰসংগক্ৰমে আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি সংৰক্ষণ সংঘই ৰঙা পাণ্ডাক বিলুপ্তপ্ৰায় প্ৰজাতি হিচাপে চিনাক্ত কৰিছে । ২০১৯ চনৰ পিয়ল অনুসৰি ছিংগালিলা ৰাষ্ট্ৰীয় অভয়াৰণ্যত ৩৮টা আৰু নিওৰাভাল্লী অভয়াৰণ্যত ৩২টা ৰঙা পাণ্ডা আছিল । ২০২৩-২৪ চনত দাৰ্জিলিঙৰ পদ্মজা নাইডু হিমালয়ান জুল'জিকেল পাৰ্ক বা দাৰ্জিলিং চিৰিয়াখানাত ৬টা ৰঙা পাণ্ডাৰ পোৱালি জন্ম হৈছিল । বিগত তিনি বছৰত ছিংগালিলা অভয়াৰণ্যত ৬যোৰ ৰঙা পাণ্ডা দম্পতীক ৰেডিঅ’ কলাৰ পিন্ধাই মুকলি কৰি দিয়া হৈছে ।

লগতে পঢ়ক: ডেৰকুৰি নৱজাতকে ৰহন চৰাইছে চিৰিয়াখানাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.