ETV Bharat / state

শিৱসাগৰত টাই যাদুঘৰ পৰিদৰ্শন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Nov 18, 2020, 6:01 PM IST

ন-ৰূপত সজাই তোলা হ'ব শিৱসাগৰত থকা টাই আহোম যাদুঘৰ। বুধবাৰে টাই আহোম যাদুঘৰ পৰিদৰ্শন কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। শীঘ্ৰেই নিৰ্মাণ কৰা হ'ব আলোচনা কক্ষ। কেইবাটাও খালী পদৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ কথাও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।

শিৱসাগৰত টাই যাদুঘৰ পৰিদৰ্শন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
শিৱসাগৰত টাই যাদুঘৰ পৰিদৰ্শন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

শিৱসাগৰ, ১৮ নৱেম্বৰ: বুধবাৰে শিৱসাগৰ নগৰত থকা টাই আহোম যাদুঘৰ পৰিদৰ্শন কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, শীঘ্ৰেই যাদুঘৰটো উন্নীতকৰণৰ বাবে কেতবোৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে। ইয়াৰ পূৰ্বে কৰা শিৱসাগৰ ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে যাদুঘৰটো পৰিদৰ্শন কৰি শোচনীয় অৱস্থা প্ৰত্যক্ষ কৰিছিল। ইয়াৰ পিছতে টাই আহোমৰ স্মৃতি বিজড়িত এই যাদুঘৰটো পুনৰ ন-ৰূপত সজাই তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ আয়ুক্তৰ সৈতে আলোচনা কৰি যাদুঘৰটোৰ উন্নয়নৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ কথা বুধবাৰে স‌ংবাদ মাধ্যমৰ আগত সদৰি কৰে।

প্ৰাৰম্ভিকভাৱে যাদুঘৰৰ পিছফালে থকা মাটিত এটি আলোচনা কক্ষ নিৰ্মাণৰ লগতে গৱেষণাৰ বাবে অহা লোকসকলৰ থকা-খোৱাৰ বাবেও ব্যৱস্থা গ্ৰহণৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ওপৰিও খেল-ধেমালিৰ বাবেও আচুতীয়া ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে।উজনি অসমৰ বিভিন্ন ব্যক্তিৰ হাতত থকা ঐতিহাসিক সমলসমূহ যাতে যাদুঘৰটোলৈ আনিব পৰা যায় তাৰ ব্যৱস্থা কৰাৰ লগতে যাদুঘৰৰ কৰ্মচাৰীৰ কিউৰেটৰৰ দৰে পদ সৃষ্টিৰ লগতে খালী পদসমূহো পূৰণৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে। যাদুঘৰটোৰ পৰিচালনাৰ বাবে সঘনে হোৱা ব্যয় উপলব্ধ কৰিবলৈ জিলা উপায়ুক্তৰ পুঁজিত পৃথককৈ ধনৰাশি আবণ্টনৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে।

শিৱসাগৰত তাই যাদুঘৰ পৰিদৰ্শন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

আনহাতে,যাদুঘৰ পৰিচালনাৰ বাবে বৰ্তমানে থকা তদাৰক সমিতিখন ভংগ কৰি হাতত ক্ষমতা থকা এখন পৰিচালনা সমিতি গঠনৰ কথাও মন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰে। আহোমৰ আপুৰুগীয়া সম্পদৰাজিৰে সমৃদ্ধ এই যাদুঘৰটো পৰিচালনাৰ ক্ষেত্ৰত আগত হোৱা গাফিলতিৰ বাবে মন্ত্ৰীগৰাকীয়ে দুখ প্ৰকাশ কৰি এতিয়া এক নতুন ৰূপত যাদুঘৰটো গঢ়ি তোলা হ'ব বুলি ঘোষণা কৰে। এই যাদুঘৰটো গৱেষণাৰ কেন্দ্ৰ হিচাপেও গঢ় দিয়া হ'ব বুলি বুলি মন্ত্ৰীগৰাকীয়ে কৰা ঘোষণাত স্বাভাৱিকতে শিৱসাগৰৰ ৰাইজ উৎফুল্লিত হৈ পৰিছে। আনহাতে এই যাদুঘৰটো পুনৰ নতুন ৰূপত সজাই তুলিলে টাই আহোমৰ সংস্কৃতিৰ আভাস দিব পৰাকৈ বহু সমল সংৰক্ষণ কৰা হ'ব বুলি আশাবাদী শিৱসাগৰৰ ৰাইজ।

লগতে পঢ়ক:বিজেপি আৰু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হাগ্ৰামাৰ লগত ধনৰ ভাগ বতোৱাৰা কৰিছে: দুৰ্গা দাস বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.