ETV Bharat / state

চৰকাৰী পৃষ্ঠপোষকতাত আয়োজিত 'খেলো ইণ্ডিয়া'লৈ আমন্ত্ৰণ নাপালে ভোগেশ্বৰ বৰুৱাই

ক্ৰমাৎ ক্ৰীড়াৰ ৰাজধানীৰ দিশে পৰ্যবসিত হোৱা গুৱাহাটীত আৰম্ভ হৈছে খেলো ইণ্ডিয়া য়ুথ গেমছ 2020 ৷ মেগা ইভেণ্টটোৰ উদ্বোধনী অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ লোকসকল উপস্থিত থকাৰ বিপৰীতে আমন্ত্ৰণ লাভ নকৰিলে ৰাজ্যৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাই ৷

ভোগেশ্বৰ বৰুৱা
খেলো ইণ্ডিয়া 2020
author img

By

Published : Jan 10, 2020, 10:09 PM IST

শিৱসাগৰ,10 জানুৱাৰীঃ মহানগৰীত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে তৃতীয় সংখ্যক মেগা ইভেণ্ট খেলো ইণ্ডিয়া য়ুথ গেমছ ৷ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰীড়ানুষ্ঠানটোত অংশগ্ৰহণৰ বাবে ইতিমধ্যে উপস্থিত হৈছে দেশৰ ভিন্ন প্ৰান্তৰ খেলুৱৈসকল ৷ আড়ম্বৰপূৰ্ণ খেলো ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত অংশ লয় বিভিন্ন ক্ষেত্ৰৰ জৰিয়তে সমাজলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলে ৷ লগতে উপস্থিত থাকে ভিন্ন ৰাজনৈতিক দলৰ নেতাসকল ৷

কিন্তু উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচীৰ বাবে উপেক্ষিত হৈ ৰয় ৰাজ্যৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা ৷ চৰকাৰী পৃষ্ঠপোষকতাত আয়োজন কৰা ক্ৰীড়ানুষ্ঠানটোত ৰাজ্য চৰকাৰৰ আমন্ত্ৰণ কৰিবলৈ আহৰি নহ’ল প্ৰবীণ খেলুৱৈ গৰাকীক ৷ ক্ৰীড়া অনুষ্ঠানটো আৰম্ভৰ পূৰ্বে চৰকাৰে খেলুৱৈ গৰাকীৰ সৈতে ফোনযোগে যোগাযোগ কৰে যদিও পৰৱৰ্তী সময়ত নিমন্ত্ৰণ নকৰাত ক্ষোভ প্ৰকাশ কৰে ভোগেশ্বৰ বৰুৱাই ৷

উপেক্ষিত অৰ্জুন বঁটা বিজয়ী

উল্লেখ্য যে, ১৯৬৬ ৰ বেংকক এছিয়ান গেমছৰ ৮০০ মিটাৰ দৌৰত স্বৰ্ণপদক আঁজুৰি আনিবলৈ সক্ষম হোৱা বৰ্ষীয়ান খেলুৱৈগৰাকীৰ প্ৰতি চৰকাৰে সন্মান প্ৰদৰ্শন নকৰাত দুখ প্ৰকাশ কৰে খেলুৱৈগৰাকীয়ে ৷ দিনকদিনে ক্ৰীড়াক্ষেত্ৰত ৰাজনীতিৰ প্ৰভাৱ বৃদ্ধি পোৱা বাবেই প্ৰকৃত খেলুৱৈৰ আদৰ নাইকিয়া হোৱা বুলি প্ৰকাশ কৰিছে ১৯৬৭ চনত অৰ্জুন পুৰস্কাৰ লাভ কৰা ক্ৰীড়াবিদ গৰাকীয়ে ৷

লগতে চাওকঃদলগাঁৱৰ এখন বিদ্যালয়ে এদল ছাত্ৰীক দেখুৱাইছে নতুন সপোন

Intro:Body:*খেলো ইণ্ডিয়া খেলো"ত উপেক্ষিত অসমৰ প্ৰথম গৰাকী অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱা:নাপালে আনুষ্ঠানিক নিমন্ত্ৰণ:ক্ৰীড়া ক্ষেত্ৰত ৰাজনীতি আৰু ৰাজনৈতিক নেতাৰ পয়োভৰ হোৱাত ক্ৰীড়া ক্ষেত্ৰৰ যথেষ্ট ক্ষতি কৰিছে-ভোগেশ্বৰ বৰুৱা।।*
Story-ARJUN_AVOIDED
Ananta Smith
Sivasagar
10th January

# খেলো ইণ্ডিয়া খেলো"ত উপেক্ষিত অসমৰ প্ৰথম গৰাকী অৰ্জুন বঁটা বিজয়ী অসমীয়াৰ হিয়াৰ আমঠু অৰ্জুন ভোগেশ্বৰ বৰুৱা।

#আজিৰে পৰা গুৱাহাটীত অনুষ্ঠিত হোৱা তৃতীয় সংখ্যক খেলো ইণ্ডিয়া য়ুথ গেইমছৰ বাবে অৰ্জুন ভোগেশ্বৰ বৰুৱাই নাপালে আনুষ্ঠানিক নিমন্ত্ৰণ

#চৰকাৰী পৃষ্ঠপোষকতাত আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এই আড়ম্বৰপূৰ্ণ ক্ৰীড়া অনুষ্ঠানৰ বাবে টেলিফোনত ক্ৰীড়াবিদ গৰাকীক যোগাযোগ কৰা হৈছিল যদিও ৰাজ্য চৰকাৰে নিমন্ত্ৰণ নকৰাত প্ৰতিযোগিতাৰ সৈতে জড়িত নকৰাত ক্ষুণ্ণ হৈছে অৰ্জুন ভোগেশ্বৰ বৰুৱা।

#১৯৬৬ ৰ বেংকক এচিয়ান গেমছৰ ৮০০ মিটাৰ দৌৰত স্বৰ্ণ পদক আজুৰি অনা বৰ্ষীয়ান খেলুৱৈ গৰাকীৰ প্ৰতি চৰকাৰী ভাবে প্ৰদৰ্শন কৰা উপেক্ষাৰ বাবে ক্ষুণ্ণ বৰুৱা।

# ক্ৰীড়া ক্ষেত্ৰত ৰাজনীতিৰ প্ৰভাৱ বৃদ্ধি পোৱা বাবেই প্ৰকৃত খেলুৱৈৰ আদৰ নাইকিয়া হোৱা বুলি প্ৰকাশ কৰিছে ১৯৬৭ চনত অৰ্জুন পুৰস্কাৰ লাভ কৰা ক্ৰীড়াবিদ গৰাকীয়ে।

#নিজা গৃহ ৰাজ্যতে উপেক্ষিত অনুভৱ কৰিছে অৰ্জুন ভোগেশ্বৰ বৰুৱাই।

# ক্ৰীড়া ক্ষেত্ৰত ৰাজনীতি আৰু ৰাজনৈতিক নেতাৰ পয়োভৰ হোৱাত ক্ৰীড়া ক্ষেত্ৰৰ যথেষ্ট ক্ষতি হোৱা বুলি মত প্ৰকাশ কৰিছে বৰুৱাই।

Bite:ভোগেশ্বৰ বৰুৱা।।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.