ETV Bharat / state

শিৱসাগৰত মনোনয়ন দাখিল কৰিবলৈ আহি যুদ্ধ ঘোষণা অংকিতা দত্তৰ - sivasagar

আন্তঃজাৰ্তিক নাৰী দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰত অংকিতাৰ সমৰ্থকৰ দেখা গ’ল ব্যতিক্ৰমী পদক্ষেপ ৷ আমগুৰিৰ কংগ্ৰেছৰ প্ৰাৰ্থী অংকিতা দত্তক আৰ্শীবাদ আৰু প্ৰেৰণা দিবৰ কাৰণে গামোচাত হাতৰ চাব দি সমৰ্থকসকলে উৎসাহিত কৰে ৷

ankita submit her nomination at sivasagar
শিৱসাগৰত মনোনয়ন দাখিল কৰিবলৈ আহি যুদ্ধ ঘোষণা অংকিতা দত্তৰ
author img

By

Published : Mar 8, 2021, 10:31 PM IST

আমগুৰি,৮ মাৰ্চ : আমগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী অংকিতা দত্তই সোমবাৰে শিৱসাগৰত মনোনয়ন পত্ৰ প্ৰদান কৰে ৷ প্ৰায় শতাধিক সমৰ্থকক লৈ আমগুৰিৰ পৰা ৰেলি কৰি আহি শিৱসাগৰত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰ দাখিল কৰে । আনহাতে আন্তঃজাৰ্তিক নাৰী দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰত অংকিতাৰ সমৰ্থকৰ দেখা গ’ল ব্যতিক্ৰমী পদক্ষেপ ৷ আমগুৰিৰ কংগ্ৰেছৰ প্ৰাৰ্থী অংকিতা দত্তক আৰ্শীবাদ আৰু প্ৰেৰণা দিবৰ কাৰণে গামোচাত হাতৰ চাব দি সমৰ্থকসকলে উৎসাহিত কৰে ৷

শিৱসাগৰত মনোনয়ন দাখিল কৰিবলৈ আহি যুদ্ধ ঘোষণা অংকিতা দত্তৰ

শিৱসাগৰৰ দৌলমুখ চাৰিআলিত আমগুৰি কংগ্ৰেছৰ মহিলাকৰ্মীসকলে গামোচাৰ দীঘল শাৰী লৈ অংকিতা দত্তক প্ৰেৰণা জনায় ৷ আন্তঃজাৰ্তিক নাৰী দিৱসত এগৰাকী নাৰীক উৎসাহিত কৰিবৰ বাবে আমগুৰিত বিজয়ী কৰাবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰে । মনোনয়ন পত্ৰ দাখিল কৰি অংকিতাই আমগুৰিত ১৬,০০০ হাজাৰ ভোটত জয়ী হ'ব বুলি উল্লেখ কৰে ।

লগতে পঢ়ক : আমগুৰি সমষ্টিত টিকটৰ পৰা বঞ্চিত হৈ কি ক'লে অপৰাজিতা ভূঞাই ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.