ETV Bharat / state

হালোৱাটিঙত চেনিটাইজ কৰা হৈছে বিদ্যালয়ৰ শ্ৰেণীকোঠা তথা চৌহদ - পহিলা জানুৱাৰীৰ পৰা খোলা হ'ব শিক্ষানুষ্ঠানসমূহ

২০২১ৰ পহিলা জানুৱাৰীৰ পৰা খোলা হ'ব ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ । COVID-19ৰ সংক্ৰমণৰ পৰা ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সাৱধনতা অৱলম্বন কৰাৰ বাবে চেনিটাইজ কৰা হৈছে বিদ্যালয়সমূহ । শিৱসাগৰৰ হালোৱাটিঙতো আমগুৰি কিষাণ মৰ্চাৰ উদ্যোগত প্ৰায়বোৰ বিদ্যালয়ৰ শ্ৰেণীকোঠা, চৌহদ চেনিটাইজ কৰা হৈছে ।

শিৱসাগৰৰ হালোৱাটিঙত চেনিটাইজ কৰা হৈছে বিদ্যালয়ৰ শ্ৰেণীকোঠা, চৌহদ

author img

By

Published : Dec 31, 2020, 3:12 PM IST

আমগুৰি, ৩১ ডিচেম্বৰ : ক'ৰণাসৃষ্ট পৰিৱেশৰ বাবে বিগত কেইবামাহো ধৰি বন্ধ হৈ আছিল ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ । শেহতীয়াকৈ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই সকলো নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিকৰ লগতে সকলো বিদ্যালয় খোলাৰ নিৰ্দেশ দিছে । এই নিৰ্দেশ অনুসৰি পুনৰ পূৰ্বৰ দৰে পাঠদান আৰম্ভ কৰিবলৈ সাজু হৈছে শিক্ষানুষ্ঠান কৰ্তৃপক্ষ ।

ৰাজ্যৰ আন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে শিৱসাগৰৰ আমগুৰি সমষ্টিৰ হালোটিঙত আমগুৰি কৃষাণ মৰ্চাৰ উদ্যোগত অঞ্চলটোৰ বান্দৰীজান প্ৰাথমিক বিদ্যালয়কে ধৰি প্ৰায়বোৰ বিদ্যালয়তে চেনিটাইজেছনৰ ব্যৱস্থা কৰা হয় । শিক্ষানুষ্ঠানলৈ নিজৰ সন্তানক পঠিয়াবলৈ যাতে অভিভাৱকসকলে শংকিত নহয়, তাৰ বাবে বিদ্যালয়ৰ চৌহদ, শ্ৰেণীকোঠা সকলো চেনিটাইজ কৰা হয় ।

লগতে পঢ়ক:অসাৱধানতবশতঃ গুলিবিদ্ধ হৈ আঘাতপ্ৰাপ্ত দুই আৰক্ষী জোৱান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.