ETV Bharat / state

আমগুৰিত ৰবৰৰ গছ ৰোপনেৰে স্বাৱলম্বী এটা পৰিয়াল - আমগুৰিত ৰবৰৰ গছ ৰোপনেৰে স্বাৱলম্বী এটা পৰিয়াল

১৯৯৩ চনৰপৰা ৰবৰ খেতি কৰি বৃহত্তৰ চাৰিং অঞ্চলত অনন্য কৃষি কৰ্মৰ নিদৰ্শন দাঙি ধৰি ধৰিছে বিজয় খনিকৰ আৰু সৰুমাই খনিকৰৰ পৰিয়ালটোৱে। নব্বৈ দশকতে এপুৰা মাটিকালিত ৰবৰ পুলি ৰোপন কৰি আৰ্থিক সকাহৰ বাবে চিন্তা কৰিছিল পৰিয়ালটোৱে। ৰবৰ ব'ৰ্ডৰ এজন বন্ধুৰ সহায়ত বিজয় খনিকৰৰ পৰিয়ালটোৱে কেৰেলাৰ পৰা পুলি আনি ৰোপনৰ ব্যৱস্থা কৰে।

ৰবৰৰ গছ ৰোপনেৰে আমগুৰিৰ স্বাৱলম্বী পৰিয়াল

author img

By

Published : Feb 5, 2020, 12:34 PM IST

আমগুৰি, ৫ ফেব্ৰুৱাৰী: কৰ্মসংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিছে আমগুৰিৰ এক দম্পত্তিয়ে। আমগুৰি সমষ্টিৰ ঐতিহাসিক চাৰিং অঞ্চলৰ মোমাই তামূলী গাঁও পঞ্চায়তৰ ন-খনা গাঁওৰ এই দম্পত্তিয়ে ৰবৰ খেতি কৰি কৰ্মসংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

১৯৯৩ চনৰপৰা ৰবৰ খেতি কৰি বৃহত্তৰ চাৰিং অঞ্চলত অনন্য কৃষি কৰ্মৰ নিদৰ্শন দাঙি ধৰি ধৰিছে বিজয় খনিকৰ আৰু সৰুমাই খনিকৰৰ পৰিয়ালটোৱে। নব্বৈ দশকতে এপুৰা মাটিকালিত ৰবৰৰ পুলি ৰোপন কৰি আৰ্থিক সকাহৰ বাবে চিন্তা কৰিছিল পৰিয়ালটোৱে। ৰবৰ ব'ৰ্ডৰ এজন বন্ধুৰ সহায়ত বিজয় খনিকৰৰ পৰিয়ালটোৱে কেৰেলাৰ পৰা পুলি আনি ৰোপনৰ ব্যৱস্থা কৰে।

ৰবৰৰ গছ ৰোপনেৰে আমগুৰিৰ স্বাৱলম্বী পৰিয়াল
নিজ সন্তানৰ দৰে প্ৰতিটো পুলি সযতনে পালন কৰা দম্পত্তিহালে ক্ৰমান্বয়ে ৰবৰৰ আঠা উৎপাদন কৰিবলৈ আৰম্ভ কৰে। ৰবৰৰ গছৰপৰা বিশেষ পদ্ধতিৰে ৰবৰৰ বিশেষ আঠাবিধ সংগ্ৰহ কৰি নিজা গৃহতে মেচিনৰ সহায়ত নিৰ্দিষ্ট জোখৰ কৰি ৰাখে। এই ৰবৰবিলাক যোৰহাট, গুৱাহাটীৰ ব্যৱসায়ীয়ে ক্ৰয় কৰে।দম্পত্তিহালৰ এপুৰা মাটিকালিত আছে দুশ ৰবৰৰ গছ। বৰ্তমান পৰিয়ালটোৱে গছবিলাকৰপৰা পৰ্যাপ্ত পৰিমাণে ৰবৰ আঠা উৎপাদন কৰিবলৈ সক্ষম হৈছে। পৰিয়ালটোৱে এবছৰত দুই লাখ পৰ্যন্ত অৰ্থ লাভ কৰিবলৈ সক্ষম হৈছে। কোনো কোনো সময়ত গাঁৱৰ যুৱকক ৰবৰ আঠা সংগ্ৰহত ব্ৰতী কৰাই দৈনিক মজুৰি প্ৰদানেৰে আৰ্থিক সকাহ দিবলৈ সক্ষম হৈছে।

লগতে পঢ়কঃ গোলাঘাটত জব্দ নিষিদ্ধ নিচাযুক্ত টেবলেট

বৃহত্তৰ চাৰিং ন-খনা অঞ্চলটোত ৰবৰ উৎপাদনেৰে নিজে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে কৰ্মসংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে পৰিয়ালটোৱে। সাম্প্ৰতিক সমাজ ব্যৱস্থাত কৰ্মসংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা এনে দম্পত্তি বিৰল।

Intro:Body:আমগুৰিত ৰবৰৰ গছ ৰোপনেৰে স্বাৱলম্বী এটা পৰিয়াল
…………………………………………………………
আমগুৰি, ৫ ফেব্ৰুৱাৰী:

কৰ্মসংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিছে আমগুৰিৰ এক দম্পত্তিয়ে। আমগুৰি সমষ্টিৰ ঐতিহাসিক চাৰিং অঞ্চলৰ মোমাই তামূলী গাঁও পঞ্চায়তৰ ন-খনা গাঁওৰ এই দম্পত্তিয়ে ৰবৰ খেতি কৰি কৰ্মসংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।

১৯৯৩ চনৰপৰা ৰবৰ খেতি কৰি বৃহত্তৰ চাৰিং অঞ্চলত অনন্য এক কৃষি কৰ্মৰ নিদৰ্শন দাঙি ধৰি ধৰিছে বিজয় খনিকৰ আৰু সৰুমাই খনিকৰৰ পৰিয়ালটোৱে। নব্বৈ দশকতে পৰিয়ালটোৱে এপুৰা মাটিকালিত ৰবৰ পুলি ৰোপন কৰি আৰ্থিক সকাহৰ বাবে চিন্তা কৰে। ৰবৰ ব'ৰ্ডৰ এজন বন্ধুৰ সহায়ত বিজয় খনিকৰ পৰিয়ালটোৱে কেৰেলাৰ পৰা পুলি আনি ৰোপনৰ ব্যৱস্থা কৰে।

নিজ সন্তানৰ দৰে প্ৰতিটো পুলি সযতনে পালন কৰা দম্পত্তিহালে ক্ৰমান্বয়ে ৰবৰৰ আঠা উৎপাদন কৰিবলৈ ধৰে। ৰবৰৰ গছৰপৰা বিশেষ পদ্ধতিৰে ৰবৰৰ বিশেষ আঠাবিধ সংগ্ৰহ কৰি নিজা গৃহতে মেচিনৰ সহায়ত নিৰ্দিষ্ট জোখৰ কৰি ৰাখে। এই ৰবৰ বিলাক যোৰহাট, গুৱাহাটীৰ ব্যৱসায়ীয়ে ক্ৰয় কৰে।

দম্পত্তিহালৰ এপুৰা মাটিকালিত আছে দুশ ৰবৰৰ গছ। বৰ্তমান পৰিয়ালটোৱে গছবিলাকৰপৰা পৰ্যাপ্ত পৰিমাণে ৰবৰ আঠা উৎপাদন কৰিবলৈ সক্ষম হৈছে। পৰিয়ালটোৱে এবছৰত দুই লাখ পৰ্যন্ত অৰ্থ লাভ কৰিবলৈ সক্ষম হৈছে। কোনো কোনো সময়ত গাঁওৰ যুৱকক ৰবৰ আঠা সংগ্ৰহত ব্ৰতী কৰাই দৈনিক মজুৰি প্ৰদানেৰে আৰ্থিক সকাহ দিবলৈ সক্ষম হৈছে।

বৃহত্তৰ চাৰিং ন-খনা অঞ্চলটোত ৰবৰ উৎপাদনেৰে নিজে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ লগতে কৰ্মসংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে পৰিয়ালটোৱে। সাম্প্ৰতিক সমাজ ব্যৱস্থাত কৰ্মসংস্কৃতিৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হোৱা এনে দম্পত্তি বিৰল।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ই টিভি ভাৰত অসমConclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.