ETV Bharat / state

পিতৃহীনা অপৰাজিতাৰ ফলাফলত আনন্দিত আমগুৰিবাসী - উচ্চতৰ মাধ্যমিক

সম্প্ৰতি উচ্চ শিক্ষাৰ বাবে বিপাঙত পৰিছে ছাত্ৰীগৰাকীৰ লগতে মাতৃ । হাতত কোনো অৰ্থ নথকাৰ বাবে আগবাঢ়ি যাব পৰা নাই পিতৃহীনা ছাত্ৰীগৰাকী ।

HS RESULT
পিতৃহীনা অপৰাজিতাৰ ফলাফলত আনন্দিত আমগুৰিবাসী
author img

By

Published : Jun 26, 2020, 4:00 PM IST

আমগুৰি, 26 জুন: পিতৃহীনা এগৰাকী ছাত্ৰী । এটা পৰিত্যক্ত স্কুলগৃহৰ এটি কোঠালিত বাস কৰে মাতৃৰ সৈতে । নিজা বুলিবলৈ নাই এটি বাসগৃহ । সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত দুটা বিষয়ত লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত সফলতাৰে উৰ্ত্তীণ হয় ছাত্ৰীগৰাকী ৷ ছাত্ৰীগৰাকী নাম অপৰাজিতা বৰুৱা । ইংৰাজীত 77, অসমীয়াত 88, পদাৰ্থ বিজ্ঞানত 60, ৰাসায়ন বিজ্ঞানত 63, বায়'ল'জীত 81 সহ মুঠ 369 নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।

পিতৃহীনা অপৰাজিতাৰ ফলাফলত আনন্দিত আমগুৰিবাসী

নামতি ষ্টেচনৰ সমীপৰ চিলড্ৰেন হাউচৰ এটি পৰিত্যক্ত কোঠালিত মাতৃ পাৰুল বৰুৱাৰ সৈতে বসতি কৰি আহিছে অপৰাজিতা বৰুৱাই । দুচকুত অলেখ সপোন লৈ শিক্ষা জীৱনত আগবাঢ়ি যোৱা অপৰাজিতা বৰুৱাক সহায়ৰ হাত আগবঢ়ায় চামগুৰি নীলাক্ষি মেম'ৰিয়েল একাডেমীয়ে । দুটাকৈ বছৰ কোনো মাচুল নোলোৱাকৈ নীলাক্ষি মেম'ৰিয়েল একাডেমীৰ পৰিচালন সঞ্চালক চন্দ্ৰ বৰুৱাই মেধাৱী ছাত্ৰীগৰাকীৰ সম্পূৰ্ণ বিনামূলীয়াকৈ পঢ়া-শুনাৰ দায়িত্ব বহন কৰে ।

সম্প্ৰতি উচ্চশিক্ষাৰ বাবে বিপাঙত পৰিছে ছাত্ৰীগৰাকীৰ লগতে মাতৃ । হাতত কোনো অৰ্থ নথকাৰ বাবে আগবাঢ়ি যাব পৰা নাই পিতৃহীনা ছাত্ৰীগৰাকী । সেয়েহে সহায়ৰ বাবে আহ্বান জনাইছে মাতৃ অপৰাজিতা বৰুৱাই । নিজাকৈ থাকিবৰ কাৰণে এটি গৃহ নথকা দুৰ্ভগীয়া মাতৃ আৰু মেধাৱী ছাত্ৰীগৰাকী ভৱিষ্যতক লৈ চিন্তিত হৈ উঠিছে । অসম চৰকাৰ আৰু সদাশয় ব্যক্তিৰ সহায় আগবঢ়াব পাৰিব পৰিয়ালটোক ৷

লগতে পঢ়ক: বিপদ সীমা অতিক্ৰমৰ দিশে ব্ৰহ্মপুত্ৰৰ জলস্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.