ETV Bharat / state

আমগুৰিত মৰেল পুলিচৰ আক্ৰমণত মৃত্যু যুৱকৰ - জিতু বৰগোঁহাই

আমগুৰিৰ সমীপৱৰ্তী নামতি বজাৰত মৰেল পুলিচৰ আক্ৰমণত আহত জিতু বৰগোঁহাই নামৰ 34 বছৰীয়া যুৱকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু

আমগুৰিত মৰেল পুলিচৰ আক্ৰমণত মৃত্যু যুৱকৰ
author img

By

Published : Aug 10, 2019, 1:09 PM IST

আমগুৰি,10 আগষ্টঃ আমগুৰিৰ সমীপৱৰ্তী নামতি বজাৰত সংঘটিত হয় এক জঘন্য কাণ্ড। মৰেল পুলিচৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ পৰৱৰ্তী সময়ত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত কৰুণ মৃত্যুক আঁকোৱালি লয় 34 বছৰীয়া জিতু বৰগোঁহাই নামৰ এজন যুৱকে ৷ ঘটনা অনুসৰি, নাজিৰাৰ ৰজাপুল নিবাসী জিতুৱে যোৰহাটৰ পৰা নামতিস্থিত বায়েকৰ ঘৰত সোমাই ঘৰলৈ উভটাৰ পথতেই সংঘটিত হয় এই জঘন্য ঘটনা। উক্ত ঘটনাৰ সময়ত জিতুক সুৰাসক্ত অৱস্থাত হাত ভৰি বান্ধি একাংশ মৰেল পুলিচে জেৰা কৰিছিল আৰু ইয়াৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল ৷ পৰৱৰ্তী সময়ত একাংশ সচেতন লোকৰ তৎপৰতাত যুৱকজনক আৰক্ষীয়ে উদ্ধাৰ কৰি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসাধীন অৱস্থাতে যুৱকজনৰ মৃত্যু হয় ৷ উল্লেখযোগ্য যে,দিন দুপৰতে সংঘটিত হোৱা এই ঘটনাৰ পিছতো এজনো অভিযুক্তক আৰক্ষীয়ে বৰ্তমানলৈকে আটক কৰিবলৈ সক্ষম নোহোৱাত প্ৰশাসনক ধিক্কাৰ দিছে সচেতন মহলে ৷

Intro:Body: Amguri, DEATH IN MORAL POLICING
DATE:10 /08/2019

bite. Father

A. V. আমগুৰি নামতিত মৰেল পুলিচগিৰি।
মৰেল পুলিচিঙে প্ৰাণ ললে এজনৰ। ৰাজপথতে যুৱকৰ হাত বান্ধি মানসিক অত্যাচাৰ চলাই ৰং চালে সভ্য সমাজৰ মানুহে। অৱশেষত যুৱকজনৰ চিকিৎসালয়ত মৃত্যুৰ পিছতে সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ।
নামতি আৰক্ষী প্ৰশাসনৰ নিস্ক্ৰিয়তাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া। মৰেল পুলিচিগিৰি কৰা অভিযুক্তক ৰক্ষনাবেক্ষণৰ অভিযোগ।

VO : পুণৰ আমগুৰি নামতিত অভি-নীল কাণ্ডৰ পুনৰাবৃত্তি। নামতিত মৰেল পুলিচিঙে প্ৰাণ ললে এজনৰ।

VO 1: ৰাজ্য কপোৱা অভি নীল কাণ্ডই সকলোকে জোকাৰি যোৱাৰ পিছত ৰাজ্যবাসীয়ে ইয়াৰ পৰা শিক্ষা লোৱা বুলি ধাৰণা কৰা হৈছিল যদিও প্ৰকৃতাৰ্থত উক্ত ঘটনাৰ পৰা শিক্ষা লবলৈ সক্ষম নহল। সন্ধিয়াৰ ভাগত সংঘটিত হোৱা অভি নীল কাণ্ডৰ পিছত এইবাৰ দিনৰ পোহৰত সংঘটিত হ'ল তেনে এক জঘন্য কাণ্ড।আমগুৰিৰ সমীপৱৰ্তী নামতিৰ বজাৰত সংঘটিত হয় এক জঘন্য কাণ্ড। মৰেল পুলিচৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ পৰৱৰ্তী সময়ত চিকিৎসালয়ত চিকিৎসাধীন হৈ কৰুণ মৃত্যুক আকোৱালি লয় ৩৪ বছৰীয়া জিতু বৰগোঁহাই নামৰ যুৱকজনে।

নাজিৰাৰ ৰজাপুল নিবাসী জিতুৱে যোৰহাটৰ পৰা নামতিস্থিত বায়েকৰ ঘৰত সোমাই ঘৰলৈ উভটাৰ পথতেই সংঘটিত হয় এই জঘন্য ঘটনা। বৃহস্পতিবাৰে সংঘটিত হোৱা মৰেল পুলিচিঙৰ এক ভিডিঅ ক্লিপ ভাইৰেল হৈ পৰাত এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উক্ত ঘটনাৰ সময়ত জিতুক সুৰাসক্ত অৱস্থাত হাতত বান্ধি একাংশ মৰেল পুলিচে জেৰা কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰা হৈছে। পৰৱৰ্তী সময়ত স্থানীয় কোনো লোকৰ কৃপাত স্থানীয় আৰক্ষীয়ে জিতুক উদ্ধাৰ কৰা লগতে বায়েকক খবৰ দিয়াত বায়েকে জিতুক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসাধীন অৱস্থাত কৰুণ মৃত্যুক আকোৱালি লয় যুৱকজনে। মূহুৰ্ততে এটি পৰিয়াললৈ নামি আহে অমানিশা। নিজৰ একমাত্ৰ সন্তানক হেৰুৱাই হুদা হৈ পৰে এহাল পিতৃ মাতৃৰ বুকু। এগৰাকী পত্নীয়ে হেৰুৱাবলগীয়া হয় নিজৰ স্বামীক। আঠ বছৰীয়া সন্তানটিয়ে হেৰুৱাবলগীয়া হয় পিতৃ। এটা আঠবছৰীয়া সন্তানৰ পিতৃ জিতুৰ মৃত্যুত এতিয়া শোকস্তব্ধ পৰিয়ালবৰ্গ।

ঘটনাত নামতি আৰক্ষীৰ হেমাহিৰ অভিযোগ উঠিছে। দিনৰ পোহৰতে সংঘটিত ঘটনাৰ পিছতো এজনো অভিযুক্তক আটক কৰিবলৈ সক্ষম নোহোৱা ঘটনাই আৰক্ষীৰ দুৰ্বলতাক ধিক্কাৰ দিছে সচেতন মহলে।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ৷Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.