ETV Bharat / state

আমগুৰিত দুষ্কৃতিকাৰীয়ে ভাঙিলে ফলকঃ বিৰোধীলৈ আঙুলি অগপকৰ্মীৰ - ২০২১ৰ বিধানসভা নিৰ্বাচন

আমগুৰিত এতিয়া আৰম্ভ হৈছে ফলক ভঙাৰ ৰাজনীতি । ২০১৭ চনতেই বিধায়ক প্ৰদীপ হাজৰিকাই শুভ উদ্বোধন কৰা ফলকখন ভাঙি পেলোৱাত এতিয়া ক্ষোভিত হৈ পৰিছে অগপ কৰ্মীসকল। এই ঘটনাৰ পাছতেই এতিয়া অগপ কৰ্মীয়ে অভিযোগৰ আঙুলি টোৱাইছে বিৰোধী দললৈ ৷

amguri-dirty-politics
আমগুৰিত দুষ্কৃতিকাৰীয়ে ভাঙিলে ফলকঃ বিৰোধীলৈ আঙুলি অগপকৰ্মীৰ
author img

By

Published : Oct 31, 2020, 3:25 PM IST

আমগুৰি, ৩১ অক্টোবৰ : সমাগত ২০২১ৰ বিধানসভা নিৰ্বাচন। প্ৰতিটো ৰাজনৈতিক দলেই আসন দখলৰ বাবে নিজা নিজা ৰণ কৌশল অনুযায়ী চলাইছে নিৰ্বাচনী প্ৰস্তুতি । আমগুৰিতো মিত্ৰজোঁটৰ অগপ বিধায়ক প্ৰদীপ হাজৰিকাই আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ ।

amguri-dirty-politics
আমগুৰিত দুষ্কৃতিকাৰীয়ে ভাঙিলে ফলকঃ বিৰোধীলৈ আঙুলি অগপকৰ্মীৰ
আমগুৰিত এতিয়া আৰম্ভ হৈছে ফলক ভঙাৰ ৰাজনীতি। ২০১৭ চনতেই বিধায়ক প্ৰদীপ হাজৰিকাই শুভ উদ্বোধন কৰা ফলকখন কোনো দুষ্কৃতিকাৰীয়ে ভাঙি পেলোৱাত এতিয়া ক্ষোভিত হৈ পৰিছে অগপ কৰ্মীসকল। এই ঘটনাৰ পাছতেই এতিয়া অগপ কৰ্মীয়ে অভিযোগৰ আঙুলি টোৱাইছে বিৰোধী দললৈ ৷

উল্লেখ্য যে, যোৱা ২৯ অক্টোৱৰ তাৰিখে চাৰিঙত বিশাল কৰ্মী সমাৰোহেৰে ৰণডংকা বজোৱাৰ পিছতে বিৰোধী শক্তি শংকিত হৈ এনে নিকৃষ্ট কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে অগপ কৰ্মীয়ে । লক্ষণীয় ভাৱে প্ৰতিটো নিৰ্বাচনৰ আগে আগে আমগুৰিত ফলক ভঙাৰ দৰে দুষ্কাৰ্যই গা-কৰি উঠা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
লগতে পঢ়ক: সীমান্তত মিজো দুষ্কৃতিকাৰীৰ ভয়ত ঘৰবাৰী এৰি পলাইছে অসমীয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.