আমগুৰি, ২০ এপ্ৰিল: ক'ভিড ১৯ দ্ৰুতগতিত সংক্ৰমণ হোৱাৰ পৰিপ্ৰেক্ষিতত জন সাধাৰণৰ স্বাস্থ্যজনিত নিৰাপত্তা প্ৰতি লক্ষ্য ৰাখি আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰাখিছে বিহু কমিটিয়ে ।
৩০ এপ্ৰিল আৰু ১ মে’ত আমগুৰি আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া ৫৩ সংখ্যক আমগুৰি কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱৰ সকলো কাৰ্যসূচী সাময়িকভাৱে স্থগিত ৰখা বুলি এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে বিহু কমিটিয়ে ।