ETV Bharat / state

শিৱসাগৰৰ আমগুৰিত পথ দুৰ্ঘটনাত এজন কিশোৰৰ মৃত্যু

আমগুৰিৰ ন-পাম মলখুবচাত শোকাৱহ পথ দুৰ্ঘটনা । থিতাতে নিহত হয় বিশ্বজিৎ গগৈ নামৰ এজন কিশোৰ । বাইকেৰে সংগীতানুষ্ঠান উপভোগ কৰিবলৈ গৈ থকা অৱস্থাতে এই দুৰ্ঘটনা সংঘটিত হয় ।

আমগুৰিৰ ন-পাম মলখুবচাত শোকাৱহ পথ দুৰ্ঘটনা

author img

By

Published : Feb 2, 2021, 5:41 PM IST

আমগুৰি, ২ ফেব্ৰুৱাৰী: শিৱসাগৰৰ আমগুৰিত সোমবাৰে নিশা দুৰ্ঘটনাত পতিত হ'ল এখন তীব্ৰ বেগী বাইক । আমগুৰিৰ ন-পাম মলখুবচাত সংঘটিত শোকাৱহ দুৰ্ঘটনাত বিশ্বজিৎ গগৈ নামৰ এজন কিশোৰ নিহত হোৱাৰ লগতে তপন নাথ নামৰ এজন যুৱক আহত হয় । সোমবাৰে নিশা তপন নাথক লগত লৈ বিশ্বজিৎ গগৈয়ে তেওঁৰ পালচাৰ বাইকেৰে কণ্ঠশিল্পী কুসুম কৈলাশৰ সংগীতানুষ্ঠান চাবলৈ গৈছিল । অনুষ্ঠান অভিমুখে গৈ থকা অৱস্থাতে দ্ৰুত বেগী বাইকখনে এটা বিদ্যুতৰ খুঁটাত খুন্দিয়ায় ।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বিশ্বজিৎ গগৈক ডিব্ৰুগড়স্থিত অসম মেডিকেল কলেজ হাস্পতাললৈ নিয়াৰ পথতে তেওঁৰ মৃত্যু হয় । আনহাতে, সংকটজনক অৱস্থাত তপন নাথক আদিত্য নাৰ্চিংহোমত ভৰ্তি কৰোৱা হয় । ন-পাম মলখুবচাৰ উক্ত পথটোত স্পীড ব্ৰেকাৰ নথকাৰ বাবে দুৰ্ঘটনা সংঘটিত হৈছে বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজে । আনহাতে, ১৭ বছৰীয়া কিশোৰজনক বাইক চলাবলৈ অভিভাৱকে অনুমতি কিয় দিলে তাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে ।

লগতে পঢ়ক:ডিমা হাছাওত উদযাপন ৰলচাফাক উৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.