ETV Bharat / state

আমগুৰিত আঞ্চলিক ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ - ৰাজপথত দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ প্ৰতিলিপি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ । আমগুৰি নগৰৰ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথত দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ প্ৰতিলিপি ।

আমগুৰিত আঞ্চলিক ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Jan 24, 2021, 3:05 PM IST

আমগুৰি, ২৪ জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তুলিছিল সদৌ অসম ছাত্ৰ সন্থাই ৷ দেওবাৰেও অমিত শ্বাহৰ অসম ভ্ৰমণক কেন্দ্ৰ কৰি বিক্ষোভ প্ৰদৰ্শন কৰিলে ছাত্ৰ সংগঠনটোৱে ৷ আমগুৰি নগৰৰ চাৰিআলিতো আছুৱে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ । সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই আমগুৰি নগৰৰ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথত দাহ কৰিলে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ প্ৰতিলিপি ।

শিৱসাগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মণ্ডলৰ ভূমিকাত অৱতীৰ্ণ হোৱা বুলি কটাক্ষ কৰি প্ৰধানমন্ত্ৰীক সৰ্বকালৰ প্ৰতাৰক হিচাপে অভিহিত কৰে আমগুৰি আঞ্চলিক ছাত্ৰ সন্থাই । লগতে ৰাজপথত আন্দোলন কৰি ক্ষমতা হস্তগত কৰা সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি অসমে কেতিয়াও হিন্দু অথবা মুছলমান বাংলাদেশীৰ বোজা নলয় বুলি স্পষ্ট কৰি দিয়ে ছাত্ৰ সংগঠনটোৱে ৷ বিশেষকৈ অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰা, কা বাতিল কৰা আৰু কৃষি আইন বাতিল কৰাকে আদি কৰি বিভিন্ন দাবী জনায় প্ৰতিবাদী ছাত্ৰ সংগঠনটোৱে ৷

লগতে পঢ়ক:আজি কোকৰাঝাৰ-নলবাৰীত ৰাইজক সম্বোধন কৰিব অমিত শ্বাহে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.