ETV Bharat / state

American company in Assam: আমেৰিকান সংস্থাই পৰিদৰ্শন কৰে অসমীয়া মহিলাৰ থলুৱা উদ্যোগ - American company in Assam

আমেৰিকা যুক্তৰাষ্ট্ৰৰ গ্ৰেটাৰ ইমপেক্ট ফাউণ্ডেচন নামৰ এটা সংস্থাৰ অসমীয়া মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ । সোমবাৰে সংস্থাটোৱে পৰিদৰ্শন কৰে "দৃষ্টি স্বাৱলম্বন" নামৰ সংস্থাটোৰ মহিলাসকলে উৎপাদন কৰা ধূপ কাঠি আৰু চাবোন উদ্যোগ(American organization inspects indigenous industry) ।

American organization inspects indigenous industry
অসমীয়া মহিলাই উৎপাদন কৰা ধূপ কাঠি আৰু চাবোন উদ্যোগ পৰিদৰ্শন কৰিলে আমেৰিকান সংস্থাই
author img

By

Published : Dec 26, 2022, 10:22 PM IST

মৰাণ,২৬ ডিচেম্বৰ: অসমীয়া মহিলাক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গ্ৰেটাৰ ইমপেক্ট ফাউণ্ডেচন নামৰ এটা সংস্থাই ৷ গ্ৰেটাৰ ইমপেক্ট ফাউণ্ডেচনে দৰিদ্ৰতা নিৰাময়ৰ ওপৰত গুৰুত্ব আৰোপ কৰি বিশ্বৰ বিভিন্ন দেশৰ কৰ্মোদ্যমী মহিলাসকলক উপাৰ্জন ক্ষম কৰাৰ লগতে মহিলাসকলৰ হৈ কাম কৰা গোটক আৰ্থিক সহায় আগবঢ়াই আহিছে(Greater Impact Foundation in Assam) ৷

শিৱসাগৰ জিলাৰ বকতা নঙলামৰা আহোম গাঁৱত সোমবাৰে গ্ৰেটাৰ ইমপেক্ট ফাউণ্ডেচনৰ এটা দল উপস্থিত হৈ গাঁৱৰ মহিলাসকলে উৎপাদন কৰা ধূপ কাঠি আৰু চাবোনৰ উদ্যোগ পৰিদৰ্শন কৰাৰ লগতে উদ্যোগী মহিলাসকলৰ সৈতে মত বিনিময় কৰে ৷ সংস্থাটোৱে "দৃষ্টি স্বাৱলম্বন" নামৰ সংস্থাটোৰ সৈতে মিলি ভাৰতৰ বিভিন্ন স্থানত কাম কৰি আছে ৷

উল্লেখ্য যে গাঁওখনৰ এই মহিলাসকলক উদ্যোগী কৰাৰ লগতে কৰ্মমূখী কৰি তুলিছে দৃষ্টি স্বাৱলম্বন নামৰ সংস্থাটোৱে ৷ দৃষ্টি স্বাৱলম্বনৰ জৰিয়তে নাৰী সাৱলীকৰণৰ নিদৰ্শন দাঙি ধৰিছে শিৱসাগৰ জিলাৰ বকতা নঙলামৰা আহোম গাঁৱৰ এই মহিলাসকলে ৷ বৰ্তমান এই উদ্যোগত মহিলাসকলে দৈনিক উৎপাদন কৰিছে গা ধোৱা চাবোন, কাপোৰ ধোৱা চাবোন আৰু ধূপ কাঠি(American organization inspects indigenous industry) ৷

প্ৰায় এবছৰ পূৰ্বে মহিলাসকলে আৰম্ভ কৰা এই উদ্যোগত বৰ্তমান দৈনিক উৎপাদন হয় উন্নত মানৰ ধূপ আৰু চাবোন ৷ প্ৰথমে মহিলাসকলে উৎপাদন কৰা চাবোন আৰু ধূপকাঠি নিজ গাঁৱতে বিক্ৰী কৰিছিল যদিও বৰ্তমান মহিলা সকলে উৎপাদন কৰা চাবোন "দিচাং" নামেৰে আৰু ধূপকাঠি "অপৰাজিতা" নামেৰে স্থানীয় বজাৰত উপলব্ধ হৈছে । নিজৰ ঘৰুৱা কামকাজৰ মাজতে নিজে উৎপাদন কৰা চাবোন আৰু ধূপকাঠি বিক্ৰী কৰি এতিয়া আত্মনিৰ্ভৰশীল হৈছে গাঁৱৰ মহিলাসকল ৷

গাঁওখনৰ এই মহিলাসকলক উদ্যোগী কৰাৰ লগতে কৰ্মমূখী কৰি দৃষ্টি স্বাৱলম্বনে আন বহুতৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ "পথাৰ আমাৰ বজাৰ আমাৰ" এই সংকল্পৰে আগবাঢ়ি যোৱা এই কৰ্মোদ্যমী মহিলাসকল সমাজৰ আদৰ্শ । প্ৰথমে নিজ গাঁৱৰ পৰাই আৰম্ভ কৰা এই উদ্যোগত উৎপাদিত সামগ্ৰী পৰৱৰ্তী পৰ্যায়ত অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰত মুকলি কৰি দিয়াৰ সংকল্প এই মহিলাসকলৰ ৷ প্ৰায় এবছৰ পূৰ্বে মহিলাসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি "দিচাং" নামৰ চাবোন আৰু "অপৰাজিতা" নামৰ ধূপকাঠি উৎপাদনেৰে স্থানীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে ৷

লগতে পঢ়ক: Zero Accident Mission in Assam: ভোগালী বিহুৰ সময়লৈকে সুৰাপায়ী চালকৰ বিৰুদ্ধে বিশেষ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.