ETV Bharat / state

আমগুৰিত তিনিবছৰে নিৰ্মীয়মান এটি পথ - এচ অ পি ডি আঁচনি

আমগুৰিত তিনিবছৰে সম্পূৰ্ণ হৈ নুঠিল নিৰ্মীয়মান এটি পথ ৷ 2018 চনতে বিধায়ক প্ৰদীপ হাজৰিকাই আধাৰশিলা স্থাপন কৰিছিল বৰশয়ক ডিব্ৰুৱাল সংযোগী পথটোৰ ৷ পথটোৰ নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰৰ হেমাহিৰ বাবে পথটো আজিকোপতি সম্পূৰ্ণ হৈ নুঠাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

alleged anomalies in road construction at amguri in sivsagar

author img

By

Published : Feb 28, 2021, 8:17 AM IST

আমগুৰি,28 ফেব্ৰুৱাৰী: আমগুৰিৰ এটা পথ নিৰ্মাণত ঠিকাদাৰে মইমতালি কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি তিনিটা বছৰ পূৰ্বে আধাৰশিলা স্থাপন হোৱা এটি পথ ঠিকাদাৰৰ হেমাহিৰ বাবে আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল ৷ যাৰ পৰিপ্ৰেক্ষিতত যাতায়াতৰ ক্ষেত্ৰত হাৰাশাস্তিৰ সন্মুখীন হৈছে আমগুৰিৰ লোকসকল ৷

alleged anomalies in road construction at amguri in sivsagar
2018 চনত বিধায়ক প্ৰদীপ হাজৰিকাই স্থাপন কৰিছিল পথটোৰ আধাৰশিলা

ৰাইজে জানিবলৈ দিয়া মতে,স্থানীয় বিধায়ক গৰাকীক কেইবাবাৰো এই বিষয়ে অৱগত কৰা হৈছিল ৷ কিন্তু ঠিকাদাৰে বিধায়ক গৰাকীৰ নিৰ্দেশকো কেৰেপ নকৰি নিজ ইচ্ছাৰে অতি লেহেমীয়া গতিত আৰু নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথ নিৰ্মাণৰ কাম আগবঢ়াই লৈ গৈছিল ৷

আমগুৰিত তিনিবছৰে সম্পূৰ্ণ হৈ নুঠিল নিৰ্মিয়মান এটা পথ

উল্লেখ্য যে, 2018 চনৰ অক্টোবৰত বিধায়ক প্ৰদীপ হাজৰিকাই বৰশয়ক-ডিব্ৰুৱাল সংযোগী পথটোৰ আধাৰশিলা স্থাপন কৰিছিল ৷ প্ৰায় 8 কিল’মিটাৰ দৈৰ্ঘৰ পথটোৰ নিৰ্মাণৰ বাবে এচঅ’পিডি আঁচনিৰ যোগেদি 2 কোটিৰো অধিক পুঁজি আৱণ্টিত হৈছিল ৷ 500 ৰো অধিক পৰিয়াল থকা গাঁৱখনৰ একমাত্ৰ পথটো স্বাধীনতাৰ পৰৱৰ্তী পৰ্যায়ত পোন প্ৰথমবাৰৰ বাবে পকীকৰণ হোৱাৰ পথত আগবাঢ়িছিল, যদিও ঠিকাদাৰৰ মইমতালিৰ বাবে সম্পূৰ্ণ হোৱা নাই পথটোৰ নিৰ্মাণৰ কাম ৷ যাৰ বাবে স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: ভোট বৰ্জন কৰাৰ হুংকাৰ বাঘজান-দীঘলটৰঙবাসী ৰাইজৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.