ETV Bharat / state

ৰাজ্য চৰকাৰৰ দ্বাৰা ২৭ টা বছৰে প্ৰৱঞ্চিত এটা পৰিয়াল

বিগত প্ৰায় ২৭ টা বছৰত কেইবাবাৰো সলনি হ'ল চৰকাৰ ৷ সলনি হ'ল সমষ্টিসমূহৰ বিধায়ক ৷ কিন্তু প্ৰতিশ্ৰুতিহে পূৰণ নহ’ল ৰাজ্য চৰকাৰৰ ৷ সবিশেষ চাওক এই প্ৰতিবেদনত-

Deception against the Health Department
ৰাজ্য চৰকাৰৰ দ্বাৰা ২৭ টা বছৰে প্ৰৱঞ্চিত এটা পৰিয়াল
author img

By

Published : Dec 12, 2021, 4:18 PM IST

আমগুৰি, 12 ডিচেম্বৰ : অনিয়ম তথা প্ৰৱঞ্চনা কোনো নতুন বিষয় নহয় ৷ সততে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত প্ৰৱঞ্চনা, অনিয়ম তথা দুৰ্নীতি সংঘটিত হৈ থকাৰ অভিযোগ উত্থাপন হোৱাৰ খবৰ প্ৰকাশ পায় সংবাদ মাধ্যমত ৷ বিশেষকৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্যখণ্ডত বিভিন্ন অনিয়ম তথা দুৰ্নীতিৰ অভিযোগ (Scam in Health Department in Assam) সঘনে উত্থাপন হৈ আহিছে ৷

পুনৰবাৰ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ (Allegations of Deception against the Health Department) উত্থাপন হৈছে ৷ এই অভিযোগ তৰিছে আমগুৰি সমষ্টিৰ চামগুৰিৰ ৰামুংগীয়া গাঁৱৰ এটা পৰিয়ালে ৷ পৰিয়ালটোৱে অভিযোগ কৰা অনুসৰি, বিগত 27 বছৰে চৰকাৰী প্ৰৱঞ্চনাৰ বলি হৈছে চামগুৰিৰ ৰামুংগীয়া গাঁৱৰ খাইৰুদ্দিন আহমেদৰ পৰিয়ালটোৱে ৷

ৰাজ্য চৰকাৰৰ দ্বাৰা ২৭ টা বছৰে প্ৰৱঞ্চিত এটা পৰিয়াল

প্ৰয়াত খাইৰুদ্দিন আহমেদৰ পৰিয়ালৰ সদস্যই অভিযোগ কৰা মতে, ১৯৯২ চনতে পৰিয়ালক সংস্থাপিত কৰাৰ আশ্বাসৰে চৰকাৰে দান লৈছিল ৯ বিঘা ৪ কঠা ১৫ লোচা ভূমি । দৰিদ্ৰ পৰিয়ালটোৱে এটা চৰকাৰী চাকৰিৰ আশাত বন্দী হৈ ৰাইজৰ কাৰণে দান কৰিছিল বৃহৎ পৰিমাণৰ ভূমিখিনি । দিন বাগৰিল, সময় পাৰ হ’ল ৷ কিন্তু বৰ্তমান আমো নাই ফৰ্মূটিও নাই ৷

৯ বিঘা ৪ কঠা ১৫ লোচা ভূমিৰ বাবদ বিগত ২৭ বছৰে খাইৰুদ্দিন আহমেদৰ পৰিয়ালটোক বঞ্চনা কৰিলে প্ৰতিখন চৰকাৰে । প্ৰয়াত হিতেশ্বৰ শইকীয়া (Former Assam CM Hiteswar Saikia)চৰকাৰৰ পৰা বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ (Himanta Biswa Sarma government) লৈ, কোনো এখন চৰকাৰে পৰিয়ালটোক প্ৰদান নকৰিলে এটা চৰকাৰী চাকৰি ৷ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ ৷

উপায়ন্তৰ হৈ ৰাজ্য চৰকাৰৰ এই প্ৰৱঞ্চনাৰ বিৰুদ্ধে পৰিয়ালটোৰ কাষত থিয় হৈছে আমগুৰিৰ কেইবাটাও দল-সংগঠন ৷ বিগত 27 বছৰে ৰাজ্যৰ প্ৰতিখন চৰকাৰে প্ৰৱঞ্চনা কৰি অহা এই পৰিয়ালটোক শাসনাধিষ্ঠিত বিজেপি চৰকাৰক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছে আমগুৰিৰ সচেতন ৰাইজ তথা জাতীয় সংগঠনসমূহে । এই ক্ষেত্ৰত বৰ্তমানৰ শাসনাধিষ্ঠিত চৰকাৰে প্ৰবঞ্চিত পৰিয়ালটোৰ ক্ষেত্ৰত কি পদক্ষেপ গ্ৰহণ কৰিব সেইয়া লক্ষণীয় হ’ব ।

লগতে পঢ়ক : যোৰহাটত প্ৰৱঞ্চনাৰ বলি হ'ল চাহ বাগিচাৰ ১৩১ টা পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.