ETV Bharat / state

অখিল গগৈ মানসিক ৰোগী: কিয় ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

author img

By

Published : May 24, 2021, 9:07 PM IST

সোমবাৰে বিধানসভাৰ মজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ মানসিকভাৱে অসুস্থ আৰু গগৈৰ জি‌এম চি এইছত মানসিক ৰোগৰ হে চিকিৎসা চলি আছে বুলি কৰা মন্তব্যই ৰাজ্যত খলকনি তুলিছে । ইতিমধ্যে মুখ্যমন্ত্ৰীৰ মন্তব্য সন্দৰ্ভত অখিল গগৈৰ লগতে ৰাইজৰ দলৰ কেবাজনো নেতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

akhil-gogoi-is-mentally-unstable-is-going-under-treatment-cm
অখিল গগৈ মানসিক ৰোগী: কিয় ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

গুৱাহাটী, 24 মে’: সোমবাৰে বিধানসভাৰ মজিয়াত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ মানসিকভাৱে অসুস্থ আৰু জি‌এম চি এইছত গগৈৰ মানসিক ৰোগৰ হে চিকিৎসা চলি আছে বুলি কৰা মন্তব্যই ৰাজ্যৰ ৰাজধানীত খলকনি তুলিছে ।

বিগত ২১ মে’ত অখিল গগৈৰ বিধানসভাত প্ৰথমে পদাৰ্পণৰ দিনাই তেওঁক বেয়া ব্যবহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল ।‌ বিধানসভাৰ মজিয়াত বিধায়ক গৰাকীয়ে তেওঁক কৰা ব্যৱহাৰক আঙুলিয়াই সেয়া অন্যায় বুলি অভিহিত কৰিছিল আৰু আজি প্ৰসংগক্ৰমে তাৰেই উত্তৰ দিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধায়ক গৰাকীৰ আচৰণ, তেওঁৰ মানসিক ৰোগৰেই প্ৰতিফলন বুলি মন্তব্য কৰে ।

এই কথা‌ কবলৈ গৈ তেওঁ জি এম চি এইছৰ চিকিৎসকে চলোৱা যোৱা চাৰিমাহজোৰা মানসিক চিকিৎসাৰ কথাক আঙুলিয়াই দিয়ে । উল্লেখ্য যে, অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজৰ সংঘাত প্ৰায় আঢ়ৈটা দশকৰ । ২০০৪ চন মানৰ পৰা এজন কৃষক নেতা‌ হিচাপে অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিত্তীয় আৰু অন্যান্য কেলেংকাৰীৰ কথা পোহৰলৈ আনিছিল ।

পিছৰ পৰ্যায়ত লুই বাৰ্জাৰ, সাৰদা কেলেংকাৰীক লৈ হিমন্তৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল অখিল গগৈ ।‌ মহা প্ৰতাপী হোৱাৰ পিছতো অখিলৰ আক্ৰমণে হিমন্তক ৰাজনৈতিক ভাৱে ক্ষতি কৰিছিল ।‌ কাৰ্যতঃ এই কাৰ্যৰে নিজৰ ৰাজনৈতিক কেৰিয়াৰ আগবঢ়াই আনিছিল অখিল গগৈয়ে ।‌

অবধাৰিত ভাৱেই এতিয়া কটনৰ মজিয়াৰ সেই সংঘাতে নতুন ৰূপত প্ৰান পাই উঠিছে অসম বিধানসভাৰ মজিয়াত ।‌ সোমবাৰে মুখ্যমন্ত্ৰীৰ আসনৰ পৰা হিমন্ত বিশ্ব শৰ্মাই বিধায়ক অখিল গগৈক মানসিক ৰোগী বুলি কৰা মন্তব্যই দুই নেতাৰ সংঘাতক নতুন মাত্ৰা প্ৰদান কৰিছে । ইফালে,‌ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে অখিল গগৈক মানসিক ৰোগী বুলি কৰা‌ মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দিছে ৰাইজৰ দলৰ নেতৃত্বই।‌

মনকৰিবলগীয়া যে, যোৱা চাৰি মাহ ধৰি কি ৰোগৰ বাবে অখিল গগৈ চিকিৎসাধীন হৈ আছে সেই কথা ৰাজহুৱা কৰা নাই জি এম চি এইছ কতৃপক্ষই ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ বিবৃতিযোগে প্ৰতিক্ৰিয়া অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.