ETV Bharat / state

থাওৰাত ৰাইজৰ দলৰ কৰ্মীৰ ওপৰত আক্ৰমণৰ অভিযোগ অখিল গগৈৰ - সুশান্ত বৰগোহাঁই

হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰৰ পিছতে থাওৰাত অখিল গগৈৰ বাইক ৰেলীৰে চমক ৷ থাওৰাত ৰাইজৰ দলৰ কৰ্মীৰ ওপৰত আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে ৷

akhil gogoi claims attack on party worker of raijor dal
থাওৰাত ৰাইজৰ দলৰ কৰ্মীৰ ওপৰত আক্ৰমণৰ অভিযোগ অখিল গগৈৰ
author img

By

Published : Oct 22, 2021, 9:50 PM IST

মৰাণ, 22 অক্টোবৰ : থাওৰাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ বৃহস্পতিবাৰে চাৰিখনকৈ নিৰ্বাচনী সভাত অংশ লৈ প্ৰচাৰ চলোৱাৰ পাছতে শুকুৰবাৰে থাওৰাত অখিল গগৈৰ বাইক ৰেলীৰে চমক । অখিল গগৈৰ নেতৃত্বত ৰাইজৰ দলে বৃহৎ বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ অভিযান চলালে থাওৰাত ।

শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অংশগ্ৰহণ কৰিলে ধৈৰ্য্য কোঁৱৰৰ হৈ উলিওৱা নিৰ্বাচনী প্ৰচাৰৰ এই বাইক ৰেলীত । থাওৰাৰ চাৰিটাকৈ পঞ্চায়তত বাইক ৰেলীৰে প্ৰচাৰ চলালে অখিল গগৈয়ে । ইয়াৰ পাছতে সাংবাদিকৰ আগত অখিল গগৈয়ে কয়, বিশ্বাসঘাতক সুশান্ত বৰগোহাঁইক পৰাস্ত কৰি ৰাইজৰ দলক জয় কৰিবলৈ ইতিমধ্যে থাওৰাৰ ৰাইজ সাজু হৈছে ৷

বিজেপিয়ে একেই ৰাতিৰ ভিতৰতে মেডিকেল কলেজ বনোৱা , মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাই আদি বিভিন্ন প্ৰলোভন দিছে যদিও বিশ্বাসঘাতক সুশান্ত বৰগোহাঁইক ভোট নিদি ৰাইজৰ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ সাজু হৈছে থাওৰাৰ ৰাইজ সাজু হোৱা বুলি দাবী কৰে গগৈয়ে ।

আনহাতে, উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত থাওৰা বিধান সভা সমষ্টিত ৰাইজৰ দলৰ কৰ্মীৰ ওপৰত আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে । ইতিমধ্যে, এই বিষয়ে মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্য চৰকাৰৰ মন্ত্ৰী সকলকো জনোৱা হৈছে বুলি কয় অখিল গগৈয়ে । স্বাভাৱিকতেই অখিল গগৈৰ এই দাবীয়ে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : শান্তিপূৰ্ণ তথা শৃংখলাবদ্ধতাৰে আগবাঢ়িছে আলফা-চৰকাৰৰ আলোচনা : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.