ETV Bharat / state

পাঁচ দফীয়া দাবীৰে শিৱসাগৰত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

author img

By

Published : Aug 19, 2021, 5:03 PM IST

অসমৰ বিভিন্ন সমস্যা সমূহক লৈ প্ৰায়েই সৰৱ হোৱা দেখা যায় নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদক ৷ বৃহস্পতিবাৰে পাঁচদফীয়া দাবীৰে শিৱসাগৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিলে অসম জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতিয়ে ৷

ajp-protest-at-sivsagar-demanding-quick-solution-of-farmers-problems
পাঁচ দফীয়া দাবীৰে শিৱসাগৰত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

শিৱসাগৰ,19 আগষ্ট: অসমৰ কৃষক ৰাইজৰ জ্বলন্ত সমস্যা সমূহ সমাধানৰ দাবীত শিৱসাগৰত অসম জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত দুঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন ৷ বৃহস্পতিবাৰে শিৱসাগৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ৷ পাঁচ দফীয়া দাবীৰে ৰাজনৈতিক দলটোৱে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ উথাপিত দাবী সমূহ শীঘ্ৰে পুৰণ কৰি কৃষকক সকাহ দিবলৈ চৰকাৰক আহ্বান জনাইছে ৰাজনৈতিক দলটোৰ সদস্যসকলে ৷

এই কাৰ্যসূচীত মূলত অসমৰ কৃষকৰ ধান চৰকাৰী মূল্যত খাদ্য নিগমৰ দ্বাৰা ক্ৰয় কৰা ,প্ৰত্যেকখনগাঁও পঞ্চায়তত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা ,অসমৰ 100 % খেতি পাথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা,বান আৰু ক'ভিডত ক্ষতিগ্ৰস্থ কৃষকক বিনামূলীয়া সাৰ আৰু বীজ যোগান ধৰা,মাটি চহাবলৈ ব্যৱস্থা নথকা কৃষকক চৰকাৰী ভাৱে মাটি চহাই দিয়াৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷

আনহাতে পথাৰ আৰু বজাৰ দখল কৰিবৰ বাবে শ্ল'গান দিয়া বিজেপি চৰকাৰে শাসনৰ দায়িত্ব লোৱাৰ পাছত কৃষকৰ কষ্টৰ উচিত মূল্য দিব জনা নাই বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়কঃ পহিলা চেপ্টেম্বৰত আৰম্ভ হ’ব অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.