আমগুৰি, 8 ডিচেম্বৰ: কৃষি আইন বাতিলৰ দাবীত কৃষকসকলে আহ্বান জনোৱা ভাৰত বন্ধৰ পূৰ্ণ সমৰ্থন জনালে ঐক্য সেনা অসমে ৷ কৃষি আইন বাতিলৰ দাবীৰে মঙলবাৰে পুৱাৰে পৰা শিৱসাগৰ জিলাৰ আমগুৰিৰ সদাব্যস্ত নামতি চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷
![আমগুৰিৰ সদাব্যস্ত নামতি চাৰিআলিত টায়াৰ জ্বলাই কৃষি আইন বাতিলৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনটোৱে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-amg-801-803-8-dec-bharat-bondho-visual-bite-photo-samiran-duarah_08122020092952_0812f_1607399992_185.jpg)
প্ৰতিবাদকাৰীসকলে পুৱা নামতি চাৰিআলিৰ মাজমজিয়াত টায়াৰ জ্বলাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ভিন্ন দিশৰ পৰা অহা বাহনসমূহক উভতাই পঠিয়ায় ৷ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ সমালোচনামূলক মন্তব্য কৰি প্ৰতিবাদসকলে প্ৰতিবাদস্থলীত ক্ষোভ উজাৰে ৷
লগতে পঢ়ক: শিৱসাগৰত টায়াৰ জ্বলাই যাতায়ত ব্যাহতৰ চেষ্টা ভাৰত বন্ধ সমৰ্থকৰ