শিৱসাগৰ,8 জানুৱাৰী: আলফা(স্বা)ৰ দ্বাৰা অপহৃত প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক মুক্তিৰ আহ্বান ঐক্য সেনা অসমৰ ৷ বিগত 21 ডিচেম্বৰতে অৰুণাচল প্ৰদেশৰ ডায়ুনত কুইপ তৈল কোম্পানীত কৰ্মৰত শিৱসাগৰ নগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰ নামৰ লোক দুজনক আলফা(স্বা)ৰ কেডাৰে অপহৰণ কৰি নিছিল ৷ তেতিয়াৰে পৰা আজি 20 দিনে কোনো সন্ধান লাভ কৰিব পৰা হোৱা নাই দুয়োগৰাকী কৰ্মীৰে ৷ আনহাতে, লোক দুজন সন্ধানহীন হোৱা সন্দৰ্ভত অৰুণাচল প্ৰশাসন, অসম চৰকাৰ তথা কুইপ কোম্পানীৰ তৰফৰ পৰা কোনো উত্তৰ লাভ নকৰাত বৰ্তমান শংকাত ভূগিছে শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈৰ পৰিয়ালে ৷
এই সময়তেই শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈৰ পৰিয়ালৰ কাষত উপস্থিত হৈছে ঐক্য সেনা অসম ৷ গগৈৰ গৃহত উপস্থিত হৈ ঐক্য সেনা অসমে তেওঁৰ মুক্তিৰ বাবে অৰুণাচল আৰু অসম চৰকাৰক আহ্বান কৰাৰ লগতে দুয়োগৰাকী লোকে কৰ্মৰত কুইপ কোম্পানীক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰে ৷ সমান্তৰালকৈ, অসমৰ খিলঞ্জীয়া লোকক অপহৰণ কৰি নিয়া বাবে আলফা(স্বা) আৰু পৰেশ বৰুৱাকো সমালোচনা কৰে ঐক্য সেনা অসমে ৷ প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক অতি শীঘ্ৰে মুক্তি দিবলৈ পৰেশ বৰুৱাক আহ্বান জনাইছে ঐক্য সেনা অসমে । ইয়াৰ উপৰিও ব্যক্তিগত খণ্ডৰ কোম্পানী সমূহত যোগদান কৰোতে এনে কঠিন পৰিস্থিতিত কোম্পানী কৰ্মচাৰীৰ প্ৰতি দায়বদ্ধ হোৱাকৈ চৰকাৰক এক চুক্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ঐক্য সেনা অসমে ৷
লগতে পঢ়ক-আলফা(স্বা)-চৰকাৰৰ শান্তি আলোচনা সন্দৰ্ভত মন্তব্য অনুপ চেতিয়াৰ