ETV Bharat / state

Allegation against Agricultural dept: গুদামতেই নষ্ট হ'বলৈ ধৰিছে কৃষকৰ বাবে আবন্টিত সাৰ আৰু বীজ

author img

By

Published : Jun 15, 2023, 1:55 PM IST

কৃষি বিভাগৰ আজৱ কাণ্ড । কৃষকক বীজ যোগানৰ নামত আমগুৰি মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অধীনস্থ গৌৰীসাগৰ কৃষি উন্নয়ন বিভাগটোৰ বিষয়াৰ অৱহেলা ।

Agricultural Development Officer of Gaurisagar
কৃষি বিভাগৰ গুদামৰ ভয়ংকৰ দৃশ্য

কৃষি বিভাগৰ গুদামৰ ভয়ংকৰ দৃশ্য

আমগুৰি, ১৫ জুন:ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাৰ বিভাগত নষ্ট হ'বলৈ ধৰিছে লাখ লাখ টকাৰ কৃষি সামগ্ৰী । শিৱসাগৰৰ গৌৰীসাগৰত কৃষকলৈ অহা কৃষি সামগ্ৰী বিশেষকৈ ৰাসায়নিক সাৰ, বীজ আদি গুদামতেই নষ্ট হ'বলৈ ধৰিছে । গৌৰীসাগৰ কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ গুদামঘৰত নষ্ট হ'বলৈ ধৰিছে মাটিমাহ, ৰাজমাহ, এৰাইজ ধানকে ধৰি কৃষকলৈ অহা কৃষিজাত সামগ্ৰী ।

জিলাখনৰ গৌৰীসাগৰৰ কৃষি বিভাগৰ গুদামৰ ভয়ংকৰ দৃশ্য শেহতীয়াভাৱে পোহৰলৈ আহিছে । ৰাইজৰ অভিযোগ অনুসৰি বিগত সময়ত কৃষকক বীজ যোগানৰ নামত বিভাগটোৱে ল'ৰা-ধেমালি কৰি আহিছিল । কৃষকক বীজ যোগান নধৰি বস্তাই বস্তাই গুদামত মজুত কৰি ব্যৱহাৰৰ অনুপযোগী কৰিছে । কৃষি বিভাগটোৰ বিষয়াৰ চৰম ব্যৰ্থতাৰ বাবে কৃষক বঞ্চিত হৈ আহিছিল বীজ লাভৰ পৰা ।

কৃষি মন্ত্ৰী অতুল বৰাই কৃষকৰ সুবিধাৰ কাৰণে গ্ৰহণ কৰিছে বিভিন্ন আঁচনি । কৃষকৰ উন্নয়ণৰ কাৰণে কৃষিজাত সামগ্ৰী, কৃষিসাৰ,বীজ আদি ধৰি যোগান ধৰিছে । কিন্তু বিভিন্ন সময়ত বহুতো প্ৰকৃত কৃষক বঞ্চিত হৈ অহাৰো অভিযোগ উত্থাপিত হৈ আহিছিল । বৃহত্তৰ গৌৰীসাগৰ অঞ্চলত বিশেষকৈ জকাইচুক, ম'ৰাবজাৰ মৌজাৰ লোকসকল কৃষিৰ ওপৰতে নিৰ্ভৰ । অঞ্চলটোৰ কৃষক ৰাইজ সহায় কৰিবৰ কাৰণে গৌৰীসাগৰ কৃষি উন্নয়ন বিভাগ আছে । কিন্তু বিভাগটোৰ বিষয়াৰ অদূৰদৰ্শিতাৰ কাৰণে গুদামতে পচিবলৈ আৰম্ভ কৰিছে কৃষিজাত সামগ্ৰী ।

আমগুৰি মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অধীনস্থ গৌৰীসাগৰ কৃষি উন্নয়ন বিভাগটোৰ এনে কাৰ্যক সহজভাৱে ল'ব পৰা নাই । কৃষকক বীজ যোগান নধৰি গুদামতে নষ্ট হ'বলৈ এৰি দিয়াত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । অঞ্চলটোৰ কৃষক ৰাইজক এইবোৰ সামগ্ৰী কিয় বিতৰণ কৰা নাই তাক লৈ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে । ইপিনে, বিভাগটোৰ বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে জাতীয় দল-সংগঠনে ।

লগতে পঢ়ক:Medium movement : চৰকাৰৰ বিৰুদ্ধে মাধ্যম আন্দোলনৰ সঁহাৰি বিচাৰি ড০ নগেন শইকীয়াৰ বাসগৃহত আছুৰ প্ৰতিনিধি

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.