আমগুৰি ২৫ ছেপ্টেম্বৰ : ২০২১ ৰ বিধানসভা নিৰ্বাচন সমাগত । অসমৰ হাইপ্ৰফাইল সমষ্টি হিচাপে বিবেচিত আমগুৰি সমষ্টিত দেখা গৈছে অসম গণ পৰিষদ দলৰ ব্যাপক নিৰ্বাচনী ব্যস্ততা । মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ প্ৰদীপ হাজৰিকাই ২০২১ ৰ বাবে এইবাৰ নিজেই ককালত টঙালি বান্ধিছে । বিজেপিয়ে সমষ্টিটোত নিজাকৈ প্ৰাৰ্থী আগবঢ়াবলৈ কুচকাৱাজ আৰম্ভ কৰাত বিধায়ক প্ৰদীপ হাজৰিকাই নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে ।
অৱশ্যে বিধায়ক হাজৰিকাৰ মন্তব্য, ২০২১ লৈ দুয়ো দলৰ মিত্ৰতা অক্ষুন্ন আছে । বিজেপিৰ প্ৰতি বেথা এৰিব নোৱৰা প্ৰদীপ হাজৰিকাই কৈয়ে পেলালে ‘‘২০২১ ৰ নিৰ্বাচনী কুৰুক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কৃষ্ণ আৰু হিমন্ত বিশ্ব শৰ্মা অৰ্জুনৰ ভাৱত অৱৰ্তীণ হ’ব । তাৰ লগতে অসম গণপৰিষদ দল হ’ব বিৰাট সেনা’’ ৷ বিধায়ক হাজৰিকাই আমগুৰি সমষ্টিৰ নামতি জোলা "খ" খণ্ডত অনুষ্ঠিত এখন দলীয় সভাত অংশ গ্ৰহণ কৰি অগপ-বিজেপিৰ মিত্ৰতা সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক গৰাকীয়ে এনেদৰে কয় ।
উল্লেখযোগ্য যে অগপৰ ধৰ্মীয় সংখ্যালঘু সমিতিৰ দ্বাৰা আয়োজিত হোৱা এই সভাত অঞ্চলটোৰ মুঠ ১০৭ টা সংখ্যালঘু সম্প্ৰদায়ৰ পৰিয়ালে আনুষ্ঠানিক ভাবে অগপ দলত যোগদান কৰে । অগপৰ ৰাজ্যিক সংখ্যালঘু কোষৰ যুটীয়া সম্পাদক চাজিদুল আহমেদৰ সভাপতিত্বত অনুষ্ঠিত এই দলীয় সভাত কংগ্ৰেছ দলৰ লগত দীৰ্ঘদিন ধৰি জড়িত থকা এই পৰিয়াল কেইটাৰ ভিতৰত মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন বিষয়বৱীয়া মহম্মদ আব্দুল মতিন আৰু কংগ্ৰেছৰ প্ৰাক্তন ৱাৰ্ড সদস্যা অঞ্জু বেগমো আছে ।
অগপ দলৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক নিত্যা কলিতাই আঁত ধৰা যোগদান অনুষ্ঠানত বিধায়ক প্ৰদীপ হাজৰিকাই নৱাগত সকলক দলীয় পতাকা আৰু সদস্যৰ কুপন প্ৰদান কৰি দললৈ আদৰণি জনায় । এই সভাত কেইবাশতাধিক লোক উপস্থিত থাকে ।
লগতে পঢ়ক : উপ-পৰিদৰ্শক বাছনি কাণ্ডঃ নলবাৰী আৰক্ষীৰ জালত কুলদ্বীপ ৰাজবংশী