ETV Bharat / state

African swine fever in Assam: শিৱসাগৰত পুনৰ আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক

author img

By

Published : Nov 1, 2022, 5:01 PM IST

শিৱসাগৰ জিলাত পুনৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে বহু গাহৰি (Pigs died in several Districts of Assam)৷ বৰ্তমানলৈকে জিলাখনৰ বেতবাৰী আৰু পাণবেচা অঞ্চলত চল্লিশটাতকৈ অধিক গাহৰিৰ মৃত্যু হৈছে ৷

African swine fever in Sivasagar
African swine fever in Assam: শিৱসাগৰত পুনৰ আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক

শিৱসাগৰ, 1 নৱেম্বৰ: আফ্ৰিকান ছোৱাইন ফিভাৰে জুৰুলা কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ গাহৰি পালকক (African swine fever in Assam) । ৰাজ্যৰ কেইবাখনো জিলাৰ লগতে শিৱসাগৰ জিলাত পুনৰ এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে বহু গাহৰি (Pigs died in several Districts of Assam)৷

শিৱসাগৰত পুনৰ আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক

আফ্ৰিকান ছোৱাইন ফিভাৰ এটা মাৰাত্মক ভাইৰাছজনিত ব্যাধি । বিগত তিনিটা বছৰ পূৰ্বে অসম তথা অৰুণাচলত এই ৰোগ দেখিবলৈ পোৱা গৈছিল । শেহতীয়াকৈ জুলাই মাহত ৰাজ্যখনৰ ভালেকেইখন জিলাতে ছোৱাইন ফিভাৰে আতংকৰ সৃষ্টি কৰিছিল ।

এইবাৰ শিৱসাগৰত পুনৰ আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংকই সৃষ্টি কৰিছে (African swine fever in Sivasagar)। বছৰটোত দ্বিতীয়বাৰৰ বাবে জিলাখনৰ বেতবাৰী আৰু পাণবেচা অঞ্চলত আফ্ৰিকান ছোৱাইন ফিভাৰে গাহৰি পালকসকলৰ মূৰত মাধমাৰ সোধাইছে ৷

বৰ্তমানলৈকে জিলাখনৰ বেতবাৰী আৰু পাণবেচা অঞ্চলত চল্লিশটাতকৈ অধিক গাহৰিৰ মৃত্যু হৈছে ৷ শিৱসাগৰ জিলা পশুপালন বিষয়া অক্ষয়ভট কেশৰীয়ে (District Animal Officer Akshaybhat Kesari) জানিব দিয়া অনুসৰি জিলাখনৰ বেতবাৰীৰ মৃদুল বৰগোঁহাইৰ গাহৰি ফাৰ্মত এটা গাহৰি মৃত্যু হোৱাৰ বিপৰীতে পানবেচাৰ লক্ষ্যদীপ বুঢ়াগোহাঁইৰ ফাৰ্মত ৮টা আৰু মুকুল শইকীয়াৰ ফাৰ্মত ৩০ টা গাহৰিৰ মৃত্যু হৈছে । এই পৰিসংখ্যা বৃদ্ধিৰ সম্ভাৱনা আছে।

আনহাতে জিলা প্ৰশাসনে আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে বৰ্তমানলৈকে জিলাখনত কোনো নিষিদ্ধ ব্যৱস্থা ঘোষণা কৰা নাই যদিও অঞ্চল বিশেষে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিব দিছে । এই বিষয় সন্দৰ্ভত জিলা প্ৰশাসনে পৰ্যবেক্ষণ কৰি ভৱিষ্যতে অধিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব দিয়ে অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে।

লগতে জিলা পশুপালন বিষয়াগৰাকীয়ে কয়, "আমি আজিৰ পৰা চাৰি মাহৰ পূৰ্বে নমুনা পঠিয়াইছিলো ৷ আমি লেবটৰীৰ পৰা প্ৰকৃত তথ্য পালেহে ভেকচিনৰ কথা ভাবিব পাৰিম ৷ গাহৰি বচাবলৈ হ’লে আপোনালোকে চেনিটাইজেশ্যন কৰিব লাগিব ৷ আমি মাজে সময়ে গাঁওবাসীৰ মাজলৈ গৈ সজাগতা অভিযান অব্যাহত ৰাখিছো ৷"

লগতে পঢ়ক: African Swine Fever: ৰাজ্যৰ গাহৰি পালকসকললৈ কৃষক নৱনিধি গগৈৰ বিশেষ পৰামৰ্শ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.