ETV Bharat / state

ছাত্ৰ সন্থাৰ পতাকা দুৰ্বৃত্তই ভৰিৰে গছকি পেলাই থৈ যোৱাৰ অভিযোগ গৌৰীসাগৰ ছাত্ৰ সন্থাৰ - গৌৰীসাগৰ ছাত্ৰ সন্থা

সোমবাৰে গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই পুৱা 6 বজাৰ পৰা গ্ৰহণ কৰিছিল এক 12 ঘণ্টীয়া অনশন কাৰ্যসূচী ৷ কিন্তু অনশন কাৰ্যসূচী ৰূপায়ন কৰিবলৈ প্ৰতিবাদস্থলীত লগোৱা পেণ্ডেল দেওবাৰে নিশা কোনো দুৰ্বৃত্তই আহি ভাঙি থৈ যোৱাৰ লগতে, সদৌ অসম ছাত্ৰ সন্থাৰ ধ্বজাবাহক পতাকাখন ভৰিৰে গছকি পেলাই থৈ যোৱাৰো অভিযোগ উত্থাপন কৰিছে ছাত্ৰনেতা সকলে ৷

গৌৰীসাগৰ ছাত্ৰ সন্থা
গৌৰীসাগৰ ছাত্ৰ সন্থা
author img

By

Published : Aug 24, 2020, 10:43 AM IST

Updated : Aug 24, 2020, 12:53 PM IST

আমগুৰি, 24 আগষ্ট: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে সোমবাৰে গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই পুৱা 6 বজাৰ পৰা মঙলবাৰে পুৱা 6 বজালৈ 12 ঘণ্টীয়া এক অনশন কাৰ্যসূচী ৰূপায়ন কৰে ৷ কিন্তু ছাত্ৰ সংগঠনটোৱে অনশন কাৰ্যসূচী ৰূপায়ন কৰিবলৈ প্ৰতিবাদস্থলীত লগোৱা পেণ্ডেল দেওবাৰে নিশা কোনো দুৰ্বৃত্তই আহি ভাঙি থৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷ ইয়াৰোপৰি সেই দুৰ্বৃত্তই সদৌ অসম ছাত্ৰ সন্থাৰ ধ্বজাবাহক পতাকাখন ভৰিৰে গছকি 37 নং ৰাষ্ট্ৰীয় ঘাইপথত পেলাই থৈ যায় বুলিও উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ৷

ছাত্ৰ সন্থাৰ পতাকা দুৰ্বৃত্তই ভৰিৰে গঠকি পেলাই থৈ যোৱাৰ অভিযোগ

দুৰ্বৃত্তৰ এনে কামক তীব্ৰভাৱে গৰিহণা প্ৰদান কৰে গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই ৷ লগতে এই ঘটনা সন্দৰ্ভত জিলা প্ৰসাশন আৰু আৰক্ষীক উচিত তদন্ত কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী জনায় তেওঁলোকে ৷ জিলা প্ৰশাসনে যদি সেই দুৰ্বৃত্তক কৰায়ত্ব কৰাত বিফল হয় তেন্তে গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়নী প্ৰদান কৰে ৷

ছাত্ৰ সন্থাৰ পতাকা দুৰ্বৃত্তই ভৰিৰে গঠকি পেলাই থৈ যোৱাৰ অভিযোগ গৌৰীসাগৰ ছাত্ৰ সন্থাৰ

লগতে পঢ়ক: কৃষিভূমিৰ ক্ষতিপূৰণ বিচাৰি কলগাছিয়াত কৃষকৰ আহ্বান চৰকাৰলৈ

Last Updated : Aug 24, 2020, 12:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.