শিৱসাগৰ,১১ ডিচেম্বৰ : ২০১৯ চনৰ ১১ ডিচেম্বৰত গৃহীত হৈছিল বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন । আইন গৃহীত হোৱা দুবছৰ সম্পূৰ্ণ হোৱাৰ লগে লগে পুনৰ অসমত কা' বিৰোধী প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে । আইন গৃহীত হোৱা এই দিনটো সমগ্ৰ অসমতে সদৌ অসম ছাত্ৰ সন্থাই ক'লা দিৱস হিচাপে পালন কৰিছে ।
লগতে অসমৰ প্ৰতিখন জিলাতে আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । শিৱসাগৰ জিলাতো আছু কৰ্মীসকলে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (AASU protest at Sivsagar) । নগৰৰ মুক্তিনাথ চাৰিআলিত বহু সংখ্যক আছু কৰ্মীয়ে চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
বিজেপি নেতৃত্বধীন চৰকাৰে বলপূৰ্বকভাৱে এই আইন জাপি দিয়াৰ অভিযোগ কৰে আছুৰ প্ৰতিবাদকাৰীসকলে । ইফালে অতি শীঘ্ৰে এই আইন বাতিলৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে । আইন বাতিল নোহোৱা পৰ্যন্ত আছুৱে প্ৰতিবাদ অব্যাহত ৰাখিব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে । ইফালে এই দিনটো উত্তৰ-পূৰ্বাঞ্চল ছাত্ৰ সন্থা চমুকৈ নেছুৱেও (NESU) ক'লা দিৱস হিচাপে পালন কৰিছে ।
লগতে পঢ়ক :Swahid Divas celebrate in Assam : অসম চুক্তি ৰূপায়ণৰ আহ্বান শ্বহীদ পৰিয়ালৰ