ETV Bharat / state

শিৱসাগৰত আছুৰ অৱস্থান ধৰ্মঘট - মুখ্যমন্ত্ৰীলৈ 13 দফীয়া দাবী পত্ৰ

শিৱসাগৰ জিলাৰ বিভিন্ন সমস্যা সমূহ শীঘ্ৰে সমাধানৰ দাবীত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ দুঘন্টীয়া অৱস্থান ধৰ্মঘট ৷ মুখ্যমন্ত্ৰীলৈ 13 দফীয়া দাবী পত্ৰ প্ৰেৰণ প্ৰতিবাদকাৰীৰ ৷

aasu-protest-at-sivsagar-over-various-demand
শিৱসাগৰত বিভিন্ন দাবীৰ সন্দৰ্ভত আছুৰ প্ৰতিবাদ
author img

By

Published : Aug 16, 2021, 8:01 PM IST

শিৱসাগৰ, 16 আগষ্ট : শিৱসাগৰ নগৰখনক কেন্দ্ৰীয় চৰকাৰৰ বাজেটত আইকনিক চাইট হিচাপে ঘোষণা কৰি ফাইলতে সীমাবদ্ধ কৰি থোৱাৰ লগতে নগৰ খনৰ বিভিন্ন সমস্যাৰ শীঘ্ৰে সমাধান বিচাৰি সোমবাৰে আছুৱে ৰূপায়ণ কৰে এক অৱস্থান ধর্মঘট কার্যসূচী ৷ সোমবাৰে দিনৰ 11 বজাৰ পৰা শিৱসাগৰ নগৰৰ মুক্তি নাথ চাৰি আলিত এই অৱস্থান ধর্মঘট কাৰ্যসূচী ৰূপায়ন কৰে আছুৱে ৷ শীঘ্ৰে এই দাবী সমূহ পূৰণ কৰিবলৈ চৰকাৰৰ দাবী জনাইছে প্ৰতিবাদকাৰী আছু কৰ্মী সকলে ৷

শিৱসাগৰত বিভিন্ন দাবীৰ সন্দৰ্ভত আছুৰ প্ৰতিবাদ

এই প্ৰতিবাদৰ মূল দাবী সমূহ হৈছে-জিলা পুথিভঁৰালটো পূৰ্ণাংগ পৰ্যায়ত গঢ়ি তোলা, কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা অনুসৰি নিৰ্দিষ্ট কৰ্মপন্থাৰে শিৱসাগৰক 'আইকনিক চাইট' ৰূপে গঢ়ি তোলা আৰু শিৱসাগৰৰ চহৰৰ বিভিন্ন সমস্যা সমূহ শীঘ্ৰে সমাধান কৰা ৷ ইয়াৰোপৰি ঐতিহাসিক তলাতল ঘৰৰ চৌহদত চাউণ্ড এণ্ড লাইটৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰিছে আছুৱে ৷ লগতে শিৱসাগৰৰ শৈক্ষিক মানদণ্ড দিশটোত গুৰুত্ব আৰোপ কৰাৰ দাবী উথাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷

উল্লেখ্য যে, এই অৱস্থান ধর্মঘট কার্যসূচী ৰূপায়ণ কৰা স্থানৰ পৰাই অসমৰ মুখ্যমন্ত্ৰীলৈ এখন 13 দফীয়া দাবী পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ৷

উক্ত দাবী কেইটাৰ উপৰিও শিৱসাগৰৰ জিলাৰ ঐতিহাসিক কীৰ্তিচিহ্ন সমূহ বেদখল মুক্ত কৰা আৰু জিলাখনত একোখনকৈ চিকিৎসা মহাবিদ্যালয়,অভিযান্ত্ৰিক প্ৰতিষ্ঠান,আইন মহাবিদ্যালয় স্থাপনৰ দাবী উত্থাপন কৰিছে আঞ্চলিক ছাত্ৰ সন্থাই ৷ এই সমূহ দাবী পূৰণ নোহোৱা পৰ্যন্ত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী চলাই যাব বুলি মন্তব্য কৰিছে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়কঃ তৃণমূল কংগ্ৰেছত যোগদান সুস্মিতা দেবৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.