ETV Bharat / state

AASU Protest : মৰণফান্দলৈ পৰিণত হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁত, আছুৰ তীব্ৰ প্ৰতিবাদ - সদৌ অসম ছাত্ৰ সন্থা

শিৱসাগৰৰ গৌৰীসাগৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে NHIDCL ৰ বিৰুদ্ধে 'শ্মশান যাত্ৰা' কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈ বিভিন্ন সময়ত দুৰ্ঘটনাৰ সংঘটিত হৈ আহিছে ৷ অনতিপলমে পথ নিৰ্মানৰ দাবী ছাত্ৰ সন্থাৰ ৷

AASU Protest at Amguri
মৰণফান্দলৈ পৰিণত হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁত
author img

By

Published : Jun 22, 2023, 8:28 PM IST

মৰণফান্দলৈ পৰিণত হৈছে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাঁত

আমগুৰি, ২২ জুন: মৰণফান্দলৈ পৰিণত হৈছে ৰাজপথৰ গাঁতসমূহ ৷ ৰাজ্যত এতিয়া ভয়াবহ ৰূপ লৈছে এই গাঁতসমূহে ৷ শেহতীয়াকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজপথৰ গাঁতসমূহে প্ৰাণ লৈছে সাধাৰণ জনতাৰ ৷

ইয়াৰ পিচতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্যৰ আয়ুক্তসকলৰ সৈতে এক বৈঠকত মিলিতি হৈ তৎক্ষণাৎ ৰাজপথৰ গাঁতসমূহ পৰিপূৰ্ণ কৰাৰ লগতে গাঁত থকা অংশসমূহত বেৰিকেডৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশনা দিছিল ৷ কিন্তু ইমানৰ পিচতো এতিয়াও বহুকেইটা ৰাজপথত পথ নিৰ্মাণৰ নামত সৃষ্টি হোৱা গাঁতে সাধাৰণ জনতাৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে ৷

বৃহস্পতিবাৰে শিৱসাগৰৰ গৌৰীসাগৰত সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ফ'ৰলেনযুক্ত ৰাষ্টীয় ঘাইপথ নিৰ্মাণৰ দাবীত ছাত্ৰ সংগঠনটোৱে NHIDCL ৰ বিৰুদ্ধে 'শ্মশান যাত্ৰা'ৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শিৱসাগৰৰ গৌৰীসাগৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ বাবে NHIDCL ৰ বিৰুদ্ধে 'শ্মশান যাত্ৰা' কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ গৌৰীসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অৰ্দ্ধশতাধিক প্ৰতিবাদকাৰীয়ে NHIDCL ৰ শৱ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷

প্ৰতিবাদকাৰীসকলে দাবী উত্থাপন কৰি কয় যে, চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ হেমাহিৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ মৰণফান্দলৈ পৰিণত হৈছে ৷ লগতে শিৱা হাৰলালকা নামৰ প্ৰতিষ্ঠানটোৱে নিৰ্মাণ কৰা পথটো কামৰ লেহেমীয়া গতিৰ বাবে যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিছে বুলি সদৰী কৰে ৷

ইফালে গৌৰীসাগৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজতে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈ বিভিন্ন সময়ত দুৰ্ঘটনাৰ সংঘটিত হৈ আহিছে ৷ জাঁজীৰ পৰা ডিমৌ পৰ্যন্ত নিৰ্মাণ কৰি থকা পথছোৱা চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাই অতি লেহেমীয়া গতিৰে নিৰ্মাণকাৰ্য চলোৱাৰ ফলত সৰ্বসাধাৰণৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি নামি আহিছে ৷ ইতিমধ্যে বহুকেইটা দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বুলি ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে ৷

আগন্তুক দিনত পথছোৱা শীঘ্ৰে মেৰামতি নকৰিলে পথ অৱৰোধৰ দৰে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে সংগঠনটোৱে ৷

লগতে পঢ়ক: Teok Poor Road Condition: "প্ৰতিশ্ৰুতি দিলেই নহ’ব, হাতে কামে কৰিবও লাগিব"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.