শিৱসাগৰ,২৯জুন: বান গৰাখহনীয়া সমস্যা সমাধানত ব্যৰ্থ হৈছে ৰাজ্যৰ জলসম্পদ বিভাগ । এই অভিযোগেৰে শিৱসাগৰত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিলে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই । শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বান গৰাখহনীয়া সমস্যা সমাধানত জলসম্পদ বিভাগৰ ব্যৰ্থতাৰ প্ৰতিবাদত জলসম্পদ বিভাগৰ শিৱসাগৰ সংমণ্ডলত কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনালে ।
লগতে জিলা উপায়ুক্ত আৰু জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ হাতত একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে । বিভাগটোৱে জিলাখনত হৈ অহা বান গৰাখহনীয়াৰ সমস্যা শীঘ্ৰে সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰিলে জিলা ছাত্ৰ সন্থাই আন্দোলনৰো হুংকাৰ দিয়া পৰিলক্ষিত হয় ।