ETV Bharat / state

প্ৰাক্তন মন্ত্ৰীৰ সমষ্টিতে বিধ্বস্ত পৰিবহন বিভাগৰ কাৰ্যালয় - প্ৰদীপ হাজৰিকা

এৰাবাৰী যেন লগা চৌহদটোত থকা জৰাজীৰ্ণ, বিধ্বস্ত ভূতবাংলা সদৃশ ঘৰটো প্ৰকৃততে এটা চৰকাৰী কাৰ্যালয় ৷ শিৱসাগৰ জিলাৰ আমগুৰিত থকা এই ঘৰটো হৈছে অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয় ৷ ১৯৬৫ চনতে নিৰ্মাণ কৰা পৰিবহন নিগমৰ কাৰ্যালয়টোৰ বিভিন্ন অংশত বৃহৎ ফাট মেলাত এজাক ধুমুহা বৰষুণতে ভাঙি যোৱাৰ সম্ভাৱনাই দেখা দিছে ৷

প্ৰাক্তন মন্ত্ৰীৰ সমষ্টিতে বিধ্বস্ত পৰিবহন বিভাগৰ কাৰ্যালয়ঃ
author img

By

Published : Jun 11, 2019, 12:20 PM IST

আমগুৰি,11 জুনঃ ৰাজ্যৰ পৰিবহন বিভাগৰ স্বৰূপ উদঙাই আমগুৰিত অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয়ৰ জৰাজীৰ্ণ অৱস্থালৈ গতি কৰিছে । ১৯৬৫ চনতে নিৰ্মিত কাৰ্যালয়টো সম্প্ৰতি ধুমুহা-বৰষুণত ভাঙি যোৱাৰ উপক্ৰম ঘটিছে । ২০১৩ চনত যোৰহাট বামুণপুখুৰীৰ সঞ্জীৱ লোহিয়া নামৰ ঠিকাদাৰজনে ৪০ লাখ ৬০ হাজাৰ টকাৰে পুৰণি কাৰ্যালয়ৰ কাষতে এটা নতুনকৈ গৃহ নিৰ্মাণ কৰিছিল যদিও বিগত ছটা বছৰে সম্পূৰ্ণ হৈ নুঠিল। ফলত অসুবিধাৰ সন্মুখীন হৈ আহিছে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰী লগতে যাত্ৰীসকল।

প্ৰাক্তন মন্ত্ৰীৰ সমষ্টিতে বিধ্বস্ত পৰিবহন বিভাগৰ কাৰ্যালয়ঃ

উল্লেখ্য যে,আমগুৰি সমষ্টিৰপৰাই দুজনকৈ জনপ্ৰতিনিধি নিৰ্বাচিত হৈ পৰিবহন বিভাগৰ মন্ত্ৰীত্বৰ পদ চম্ভালিছিল । অগপৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু কংগ্ৰেছৰ অঞ্জন দত্তৰ কাৰ্যকালত দুয়োগৰাকী বিধায়কে পৰিবহণ নিগমৰ মন্ত্ৰীত্ব লাভ কৰিছিল যদিও চকু নপৰিল নিজা সমষ্টিতে থকা কাৰ্যালয়টোৰ প্ৰতি । আনহাতে সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক প্ৰদীপ হাজৰিকাইও কাৰ্যালয়টো উন্নয়ণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷

Intro:Body:Damage Amguri ASTC Office
Samiran duarah
Amguri

আমগুৰি ১১জুন
সফল পৰিবহণ মন্ত্ৰী হিচাপে স্বীকৃতি লাভ কৰা প্ৰাক্তন মন্ত্ৰীৰ গৃহ সমষ্টিত পৰিবহন নিগমৰ কাৰ্যালয়ৰ দুৰৱস্থা।

হয় অসম ৰাজ্যিক পৰিবহণ নিগমক পুনৰুজ্জিৱীত কৰি তোলা প্ৰয়াত অঞ্জন দত্তৰ সমষ্টিতে মৃত্যুঘন্টা বাজিছে পৰিবহন বিভাগ।

ইমানেই নহয় বৰ্তমানৰ বিধায়ক প্ৰদীপ হাজৰিকাও আছিল পৰিবহন নিগমৰ মন্ত্ৰী

এনে অৱস্থাটো আমগুৰিত মৃত্যুঘন্টা বাজিছে পৰিবহন নিগমৰ কাৰ্যালয়ৰ

১৯৬৫ চনতে নিৰ্মাণ কৰা পৰিবহন নিগমৰ কাৰ্যালয়টোৰ বিভিন্ন অংশত বৃহৎ বৃহৎ ফাট মেলাত এজাক ধুমুহা বৰষুণতে ভাঙি যোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে।

ৰাজ্যৰ পৰিবহন বিভাগৰ ফোপোলা স্বৰূপ উদঙাই আমগুৰিত অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয়ৰ জৰাজীৰ্ণ অৱস্থালৈ গতি কৰিছে। ১৯৬৫ চনতে নিৰ্মিত কাৰ্যালয়টো সম্প্ৰতি ধুমুহা-বৰষুণত ভাঙি যোৱাৰ উপক্ৰম ঘটিছে। ২০১৩ চনত যোৰহাট বামুণপুখুৰীৰ সঞ্জীৱ লোহিয়া নামৰ ঠিকাদাৰজনে ৪০ লাখ ৬০ হাজাৰ টকাৰে পুৰণি কাৰ্যালয়ৰ কাষতে এটা নতুনকৈ গৃহ নিৰ্মাণ কৰিছিল যদিও যোৱা ছটা বছৰে সম্পূৰ্ণ হৈ নুঠিল। ফলত অসুবিধাৰ সন্মুখীন হৈ আহিছে কাৰ্যালয়টোৰ বিষয়া কৰ্মচাৰী লগতে যাত্ৰীসকল।

স্মতব্য যে আমগুৰি সমষ্টিৰপৰাই দুজনকৈ জনপ্ৰতিনিধি নিৰ্বাচিত হৈ পৰিবহণ বিভাগৰ দৰে গুৰুত্বপূৰ্ণ পদবী দখল কৰিছিল।অগপৰ বিধায়ক প্ৰদীপ হাজৰিকা আৰু কংগ্ৰেছৰ অঞ্জন দত্তৰ কাৰ্যকালত দুয়োগৰাকীয়ে পৰিবহণ নিগমৰ মন্ত্ৰীত্ব লাভ কৰিছিল যদিও চকু নপৰিল নিজা সমষ্টিতে থকা কাৰ্যালয়টোৰ প্ৰতি। আনহাতে বৰ্তমানেও সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাই নিজা সমষ্টিত থকা কাৰ্যালয়টো উন্নয়ণৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ নকৰাত সচেতন লোকসকলে আচৰ্য প্ৰকাশ কৰিছে।

বাইট:১/ উদয়াদিত্য বড়া
২/ দুলাল কলিতা
৩/ ৰাজু বৰুৱা অফিচাৰ আমগুৰি পৰিবহণ বিভাগ

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.