আমগুৰি, 21 আগষ্টঃ শিৱসাগৰ জিলাৰ আমগুৰিৰ অন্তৰ্গত মানটনীয়া গাঁৱৰ নিৰু ফুকন নামৰ এগৰাকী মহিলা বৃক্ক ৰোগত আক্ৰান্ত হৈ আৰ্থিক অনাটনৰ বাবে বঞ্চিত হ'বলগীয়া হৈছে উন্নত চিকিৎসাৰ পৰা ৷ যোৱা দুটা বছৰ ধৰি বৃক্ক ৰোগত আক্ৰান্ত মহিলাগৰাকীয়ে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা গ্ৰহণ কৰি আছে যদিও উন্নত চিকিৎসাৰ বাবে অৰ্থৰ অভাৱত ভুগিবলগীয়া হৈছে ৷ দুটি সন্তানৰ মাতৃ গৰাকীয়ে বৰ্তমান নিজা গৃহৰ বিচনাতে অতিবাহিত কৰিবলগীয়া হৈছে প্ৰত্যেকটো দিন ৷ উল্লেখযোগ্য যে, দৰিদ্ৰ পৰিয়ালটোৱে চিকিৎসাৰ নামত ঘৰৰ মাটি, পোহনীয়া গৰু-ছাগলীৰ লগতে সোণৰ গহণা পৰ্যন্ত বিক্ৰী কৰিও কোনো সুফল লাভ লকৰাত বিপাঙত পৰিছে পৰিয়ালটো ৷ এতিয়া দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰ তথা সদাশয় ব্যক্তিৰ সহায়ৰ প্ৰয়োজন৷ পৰিয়ালটোক কোনো লোকে সহায় কৰিব বিচাৰিলে ৯৪৩৫৯৯৩৪২৫ ফোন নম্বৰত যোগাযোগ কৰিবলৈ অথবা IFSC-- UTBI0RRBAGB আৰু A/C NO 7175010033637 ত সাহাৰ্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটোৰ লোকে ৷
বৃক্ক ৰোগত আক্ৰান্ত আমগুৰিৰ দৰিদ্ৰ মহিলাক প্ৰয়োজন সহায়ৰ
শিৱসাগৰ জিলাৰ আমগুৰিৰ অন্তৰ্গত মানটনীয়া গাঁৱৰ নিৰু ফুকন নামৰ দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলা দুবছৰ ধৰি আক্ৰান্ত হৈ আছে বৃক্ক ৰোগত , উন্নত চিকিৎসাৰ বাবে এতিয়া মহিলা গৰাকীক সহায়ৰ প্ৰয়োজন ৷
আমগুৰি, 21 আগষ্টঃ শিৱসাগৰ জিলাৰ আমগুৰিৰ অন্তৰ্গত মানটনীয়া গাঁৱৰ নিৰু ফুকন নামৰ এগৰাকী মহিলা বৃক্ক ৰোগত আক্ৰান্ত হৈ আৰ্থিক অনাটনৰ বাবে বঞ্চিত হ'বলগীয়া হৈছে উন্নত চিকিৎসাৰ পৰা ৷ যোৱা দুটা বছৰ ধৰি বৃক্ক ৰোগত আক্ৰান্ত মহিলাগৰাকীয়ে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা গ্ৰহণ কৰি আছে যদিও উন্নত চিকিৎসাৰ বাবে অৰ্থৰ অভাৱত ভুগিবলগীয়া হৈছে ৷ দুটি সন্তানৰ মাতৃ গৰাকীয়ে বৰ্তমান নিজা গৃহৰ বিচনাতে অতিবাহিত কৰিবলগীয়া হৈছে প্ৰত্যেকটো দিন ৷ উল্লেখযোগ্য যে, দৰিদ্ৰ পৰিয়ালটোৱে চিকিৎসাৰ নামত ঘৰৰ মাটি, পোহনীয়া গৰু-ছাগলীৰ লগতে সোণৰ গহণা পৰ্যন্ত বিক্ৰী কৰিও কোনো সুফল লাভ লকৰাত বিপাঙত পৰিছে পৰিয়ালটো ৷ এতিয়া দুৰ্ভগীয়া পৰিয়ালটোক চৰকাৰ তথা সদাশয় ব্যক্তিৰ সহায়ৰ প্ৰয়োজন৷ পৰিয়ালটোক কোনো লোকে সহায় কৰিব বিচাৰিলে ৯৪৩৫৯৯৩৪২৫ ফোন নম্বৰত যোগাযোগ কৰিবলৈ অথবা IFSC-- UTBI0RRBAGB আৰু A/C NO 7175010033637 ত সাহাৰ্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটোৰ লোকে ৷
A. V: আমগুৰিত বৃক্ক ৰোগত আক্ৰান্ত দুটি সন্তানৰ এগৰাকী মাতৃ:
অৰ্থৰ অভাৱত চিকিৎসাৰপৰা বঞ্চিত
…………………………………………………………
V. O : শিৱসাগৰ জিলাৰ আমগুৰিৰ অন্তৰ্গত মানটনীয়া গাঁওৰ এগৰাকী ৪০ বছৰীয়া মহিলা বৃক্ক ৰোগত আক্ৰান্ত হৈ আৰ্থিক অভাৱৰ বাবে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে । জানিব পৰা মতে মানটনীয়া গাঁওৰ নিবাসী ভোগেশ্বৰ ফুকনৰ পত্নী নিৰু ফুকন(৪০)ৰ যোৱা দুটা বছৰ ধৰি বৃক্ক ৰোগত আক্ৰান্ত হৈ আছে।দৰিদ্ৰ পৰিয়ালটোৱে প্ৰথম অৱস্থাত সৃষ্টি মেডিকেলত চিকিৎসা আগবঢ়াইছিল। সম্প্ৰতি ডিব্ৰুগড় অসম মেডিকেল চিকিৎসালয়ত চিকিৎসা সেৱা আগবঢ়াই আছে যদিও উন্নত চিকিৎসাৰ বাবে অৰ্থৰ অভাৱত ভুগিবলগীয়া হৈছে। দুটি সন্তানৰ মাতৃগৰাকী অৰ্থৰ অভাৱত নিজা গৃহৰ বিচনাতে অতিবাহিত কৰিবলগীয়া হোৱাত পৰিয়ালটো বিমোৰত পৰিছে। চিকিৎসাৰ নামত পৰিয়ালটোৱে ঘৰৰ মাটি, পোহনীয়া গৰু-ছাগলী, সোনৰ গহণা পৰ্যন্ত বিক্ৰী কৰিলে যদিও সুফল লাভ নকৰিলে। সম্প্ৰতি জটিলৰ পৰা জটিল হৈ পৰা পৰিয়ালটোক উদ্ধাৰৰ বাবে ৰাজ্য চৰকাৰ আৰু সদাশয় ব্যক্তিৰ সহায়ৰ প্ৰয়োজন। পৰিয়ালটোক সদাশয় লোকে সহায় কৰিব বিচাৰিলে ম'বাইল নম্বৰ--
৯৪৩৫৯৯৩৪২৫ ত যোগাযোগ কৰিব পাৰে অথবা একাউন্ট নম্বৰ IFSC-- UTBI0RRBAGB আৰু A/C NO 7175010033637 ত সাহাৰ্য প্ৰদান কৰিব পাৰিব।Conclusion: