ETV Bharat / state

পিতা-পুত্ৰৰ কাজিয়াৰ পৰিণতিত অগ্নিদগ্ধ এখন বাহন - A burning vehicle at amguri

আমগুৰি খেমদৈ কাকতি গাঁৱত পিতা-পুত্ৰৰ পৰিণতিৰ ফলত পুত্ৰই পিতৃক প্ৰহাৰ কৰাৰ লগতে জ্বলাই দিয়ে এখন ইণ্ডিকা বাহন ৷ এই অভিযোগ উত্থাপন কৰিছে পিতৃ ভোলা দত্তই ৷

পিতা-পুত্ৰৰ কাজিয়াৰ পৰিণতিত অগ্নিদগ্ধ এখন বাহন

author img

By

Published : Jun 2, 2021, 9:06 AM IST

আমগুৰি,2 জুন: মঙলবাৰে আমগুৰি খেমদৈ কাকতি গাঁৱত সংঘটিত হৈছে এক অঘটন ৷ পিতা-পুত্ৰৰ কাজিয়াৰ পৰিণতিৰ ফলত পুত্ৰই জ্বলাই দিয়ে এখন ইণ্ডিকা বাহন ৷

প্ৰাপ্ত তথ্য অনুসৰি, আমগুৰিৰ খেমদৈ কাকতি গাঁৱৰ ভোলা দত্তৰ পুত্ৰ প্ৰাণজিৎ দত্ত নামৰ যুৱকজনে ভাং আৰু সুৰাৰ নিচাত মাতাল হৈ প্ৰায়ে পিতৃ-মাতৃৰ সৈতে তৰ্ক-বিৰ্কত লিপ্ত হয় । অন্য দিনৰ দৰে, মঙলবাৰেও সংঘটিত হৈছে এক অনুৰূপ ঘটনা ৷

পিতা-পুত্ৰৰ কাজিয়াৰ পৰিণতিত অগ্নিদগ্ধ এখন বাহন

ভোলা দত্তই অভিযোগ কৰা অনুসৰি, মঙলবাৰে ভোলা দত্তই এহাল গৰু বিক্ৰী কৰিছিল ৷ বিক্ৰী কৰি পোৱা টকাখিনি ভোলা দত্তৰ পুত্ৰ প্ৰাণজিৎ দত্তই বিচাৰিছিল ৷ কিন্তু ভোলা দত্তই গৰুই বিক্ৰী কৰি পোৱা টকা পুত্ৰক নিদিয়াৰ বাবেই প্ৰাণজিৎ দত্তই পিতৃ-মাতৃৰ সৈতে কাজিয়াত লিপ্ত হয় আৰু পিতৃ ভোলা দত্তকো প্ৰহাৰ কৰে ৷ পৰৱৰ্তী সময়ত প্ৰাণজিৎ দত্তই জ্বলাই দিয়ে ঘৰৰ ইণ্ডিকা বাহনখন ।

তাৰ পাচতেই খবৰ দিয়া হয় অগ্নিনিৰ্বাপক বাহিনীক ৷ অগ্নিনিৰ্বাপক বাহিনী আহি পোৱাৰ আগতেই স্থানীয় ৰাইজৰ তৎপৰতাত জুই নিৰ্বাপিত হয় যদিও ধ্বংসস্তূপত পৰিণত হয় বাহনখন ৷

উল্লেখ্য যে, উদণ্ড পুত্ৰৰ এনে ব্যৱহাৰত অতিস্থ হৈ পৰিছে এতিয়া পিতৃ ভোলা দত্ত ৷

লগতে পঢ়ক: কলগাছিয়াত কৃত্ৰিম বানৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.